Home 🌎 অসমঃ 🤝 গুৱাহাটীঃ অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ প্ৰথম ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা সম্পন্ন

অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ প্ৰথম ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা সম্পন্ন

অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ প্ৰথম ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা সম্পন্ন

■অসমৰ গ্ৰামাঞ্চল আৰু চহৰ অঞ্চলৰ প্ৰতিজন শিশুৰ মুখত আবৃত্তিৰ অমৃত যোগান ধৰা, অসমীয়া আবৃত্তি প্ৰশিক্ষণৰ লগত জড়িত ব্যক্তিসকলক “আবৃত্তি প্ৰশিক্ষক” হিচাপে চিনাক্ত কৰি সামাজিক স্বীকৃতি প্ৰদান কৰা আৰু সম্ভৱ হ’লে তেওঁলোকক সন্মান জনোৱা, সম্ভাৱ্য আবৃত্তিকাৰ শিল্পীক পেছাদাৰী শিল্পী হিচাপে চিনাক্ত, প্ৰশিক্ষণ আৰু সামাজিক স্বীকৃতি প্ৰদান কৰা, আবৃত্তিৰ স্নাতক (বিশেষজ্ঞ), স্নাতকোত্তৰ (আবৃত্তিৰ ৰত্ন ইত্যাদি)ৰ বাবে অসমীয়া আবৃত্তিত নিয়োগৰ ব্যৱস্থা কৰা।

IMG 20230820 WA0010
অসমীয়া আবৃত্তিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মধ্যম, স্নাতক, স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰীৰ কাৰ্যসূচীৰ বাবে “অসমীয়া আবৃত্তি পাঠ্যক্ৰম” প্ৰস্তুত কৰা আৰু এই পাঠ্যক্ৰমটোক পেছাদাৰীভাৱে প্ৰচাৰ কৰা আদি আবৃত্তি বিষয়ক বিভিন্ন উদ্দেশ্যে আগত ৰাখি গঠন হোৱা অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ প্ৰথমখন ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আজি অসম সাহিত্য সভা ভৱন‌, গুৱাহাটী দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা লগতে পৰিষদৰ বিষয়ববীয়া সকলে কাৰ্যভাৰ গ্ৰহণ কৰে।সেইমৰ্মে পূৰ্বৰ তদাৰ্থ সমিতিৰ বিপৰীতে আজি গৌতম প্ৰসাদ বৰুৱা, জ্যোতিষ কুমাৰ শৰ্মা, ভূপেন চক্ৰৱৰ্তী, নীলিম কুমাৰ, ছৈয়দ চাদুল্লা আৰু বিনয় শৰ্মা উপদেষ্টা, ড° হিতেশ গোস্বামী কাৰ্যবাহী সভাপতি, মলয়া গোস্বামী (প্ৰশাসনিক), বেদব্ৰত দেৱ মিশ্ৰ (সাংগঠনিক), ৰিজুমনি শইকীয়া তামূলী (শিক্ষা-কৰ্মশালা), প্ৰাণজিৎ দাস (কাব্যনীল) (সহযোগিতা) উপ-সভাপতি আৰু
ৰাজীৱ বৰঠাকুৰক ৰাজ্যিক সম্পাদক হিচাপে লৈ এখন‌ ২১জনীয়া পূৰ্ণাঙ্গ সমিতি গঠন‌ কৰা হয় বুলি জানিবলৈ দিয়ে
মুখপাত্ৰ (প্ৰচাৰ-প্ৰসাৰ) বিপুল শৰ্মাই।

7 / 100

LEAVE A REPLY

Please enter your comment!
Please enter your name here