গো-সৰবৰাহকাৰীৰ ৰূপত গাঁওৰক্ষী বাহিনীৰ সভাপতিঃ ৬টাকৈ চোৰাং গৰুসহ আটক সভাপতি

◊ বৃহস্পতিবৰে মাজ নিশা কাজিগাঁও আৰক্ষী চক্ৰ পৰিদৰ্শক ৰাজু গগৈৰ নেতৃত্বত গো-সৰবৰাহকাৰী বিৰূদ্ধে বগৰিবাৰী আৰক্ষীয়ে অভিযান চলাই৷ অভিযান কালত বগৰিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মাক্ৰিঝোৰা ক্লাৱৰ কাষৰ পৰা উন্নতৰ জাতৰ ৬টাকৈ চোৰাং গৰু জব্দ কৰাৰ লগতে গো-সৰবৰাহকাৰীক জনক খেদি খেদি আটক কৰিবলৈ সক্ষম হয়।

WHATSAPP IMAGE 2023 09 15 AT 14.31.20

WHATSAPP IMAGE 2023 09 15 AT 14.31.21

ইফালে গো-সৰবৰাহকাৰীজনে গাঁওৰক্ষী বাহিনীৰ লগতে কাজিগাঁও আৰক্ষী চক্ৰ পৰিদৰ্শকৰ গাড়ী চালকক আঘাত কৰি পলাবলৈ চেষ্টা কৰে যদিও বিফল হয়। অতি তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যে গো-সৰবৰাহকাৰীজন হৈছে বাণীয়ামাৰী দ্বিতীয় খণ্ডৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি জুলহাস আলী। এক কথাত কবলৈ গলে ৰক্ষকে এতিয়া লৈছে ভক্ষকৰ ৰূপ।

 

WHATSAPP IMAGE 2023 09 15 AT 14.31.21 1

ইতিমধ্যে আটক কৰা উক্ত চোৰাং গৰু সহ গো-সৰবৰাহকাৰী জনক বগৰিবাৰী আৰক্ষী থানালৈ লৈ যোৱা হয়। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে৷

13 / 100

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

More like this

তেজপুৰত আপৰ বিশাল ৰোড শ্ব’ত আতিশী

● ঋষিৰাজ কৌণ্ডিন্যৰ প্ৰচাৰত সহস্ৰাধিক লোকৰ অংশগ্ৰহণ ●অসমতো দিল্লীৰ আৰ্হিৰ স্কুল আৰু মহল্লা ক্লিনিক নিৰ্মাণৰ লক্ষ্য আপৰ ●আতিশীৰ মেখেলা-...

আৰ্থিক দৈন্যতাৰ ওচৰত সেও নমনা পশ্চিম দৰঙৰ এগৰাকী প্ৰতিষ্ঠিত...

● ই-ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰি সমান্তৰাল ভাবে কৰি গৈছে সাহিত্য চৰ্চা আৰু সংবাদ সেৱা ● আৰ্থিক দৈন্যতাৰ...

শাসনাধিষ্ঠিত বিজেপি মিত্রজোঁটকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ

লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন স্থানত আজি শাসনাধিষ্ঠিত বিজেপি মিত্রজোঁটকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহে প্ৰচাৰ চলায়। মুখ্যমন্ত্রী...