Home 🌎 অসমঃ বিশ্ব ফিজিঅ’থেৰাপি দিৱস উপলক্ষে টংলাত জে.কে.ডি ফিজিঅ’থেৰাপি ক্লিনিকৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

বিশ্ব ফিজিঅ’থেৰাপি দিৱস উপলক্ষে টংলাত জে.কে.ডি ফিজিঅ’থেৰাপি ক্লিনিকৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

0
বিশ্ব ফিজিঅ’থেৰাপি দিৱস উপলক্ষে টংলাত জে.কে.ডি ফিজিঅ’থেৰাপি ক্লিনিকৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

◊ টংলাৰ পৰা চিন্ময় ডেকাঃ ওদালগুৰি জিলাৰ টংলাত আজি জে.কে.ডি ফিজিঅ’থেৰাপি ক্লিনিকৰ উদ্যোগত বিনামূলীয়া ফিজিঅ’ থেৰাপিষ্ট স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়।

WHATSAPP IMAGE 2023 09 08 AT 20.28.39

অনুষ্ঠানত বিশিষ্ট অতিথি ভোকেলিকান্দা প্ৰাথমিক চিকিৎসালয়ৰ ডাঃ মৃন্ময় নাথৰ উপস্থিতিত টংলা থানা ৰোড আদৰ্শ বিদ্যাপীঠৰ ওচৰত জি.কে.ডি ফিজিঅ’থেৰাপি ক্লিনিকত বিনামূলীয়াকৈ ফিজিঅ’থেৰাপিষ্ট শিবিৰ অনুষ্ঠিত কৰা হয়।

WHATSAPP IMAGE 2023 09 08 AT 20.28.31

প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী চিকিৎসালয়ৰ ফিজিঅ’থেৰাপিষ্ট ডাঃ জ্যোতিৰ্ময় ডেকা বৰুৱাই শৰীৰৰ হাড় গঠন, মাংসপেশী, গাঁঠিৰ বিষ লগতে নাৰ্ভৰ চিকিৎসা কৰাৰ কথা জানিবলৈ দিয়ে।

WHATSAPP IMAGE 2023 09 08 AT 20.28.35 WHATSAPP IMAGE 2023 09 08 AT 20.28.36

অনুষ্ঠানত উপস্থিত থাকে টংলা আদৰ্শ বিদ্যাপীঠৰ অধ্যক্ষা অঞ্জলী শৰ্মা, টংলা প্ৰেচিডেন্সী চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ প্ৰবক্তা ভাস্কৰ শৰ্মা, লক্ষ্মীনাথ বেজবৰুৱা মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰী শিক্ষক কালীচৰণ ঠাকুৰীয়া, কল্পনা শৰ্মা, অৱসৰী প্ৰধান শিক্ষয়িত্ৰী নিবেদিতা ডেকা বৰুৱা, দীপশিখা বৰুৱা, টংলা কলেজৰ অৱসৰী অধ্যাপক ঘনকান্ত ডেকাৰ লগতে শতাধিক লোকৰ উপস্থিতিত সভাখনি সামৰণি পৰে।

13 / 100

LEAVE A REPLY

Please enter your comment!
Please enter your name here