Home 🌎 অসমঃ ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ টি-টুৱেণ্টি ক্ৰিকেট শৃংখলা আজিৰে পৰা কলকাতাত আৰম্ভ

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ টি-টুৱেণ্টি ক্ৰিকেট শৃংখলা আজিৰে পৰা কলকাতাত আৰম্ভ

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ টি-টুৱেণ্টি ক্ৰিকেট শৃংখলা আজিৰে পৰা কলকাতাত আৰম্ভ

♦ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ টি-টুৱেণ্টি ক্ৰিকেট শৃংখলা আজিৰে পৰা কলকাতাত আৰম্ভ হ’ব। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে সদ্য সমাপ্ত এদিনীয়া শৃংখলাত সফলতাৰে ভাৰতীয় দলৰ নেতৃত্ব বহন কৰা ৰোহিত শৰ্মাই এই শৃংখলাতো দলৰ অধিনায়ক হ’ব। ইয়াৰ বিপৰীতে ৱেষ্ট ইণ্ডিজ দল কিৰন পোলাৰৰ্ডৰ নেতৃত্বত অৱতীৰ্ণ হ’ব। উদীয়মান উইকেট কীপাৰ ঋষভ পণ্টক খএই শৃংখলাৰ বাবে উপ-অধিনায়কৰ দ্বায়িত্ব অৰ্পন কৰা হৈছে। ইয়াৰ পূৰ্বে কে এল ৰাহুলক উপ-অধিনায়কৰ দ্বায়িত্ব দিয়া হৈছিল যদিও ৯ ফেব্ৰুৱাৰীত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত এদিনীয়া শৃংখলাৰ দ্বিতীয়খন খেলত ভৰিৰ পেশীত পোৱা আঘাতৰ বাবে তেওঁক টি-২০ শৃংখলাৰ পৰা বাদ দিয়া হৈছে। ভাৰতে সদ্যসমাপ্ত তিনিখনীয়া এদিনীয়া শৃংখলাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৩-০ ফলাফলত জয়লাভ কৰিছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here