Home 🌎 অসমঃ শ্ৰীশ্ৰী কাংসপাৰ মাজঠাই সত্ৰৰ অধিকাৰ মিত্ৰধনদেৱ মহন্তৰ দেহাৱসান

শ্ৰীশ্ৰী কাংসপাৰ মাজঠাই সত্ৰৰ অধিকাৰ মিত্ৰধনদেৱ মহন্তৰ দেহাৱসান

শ্ৰীশ্ৰী কাংসপাৰ মাজঠাই সত্ৰৰ অধিকাৰ মিত্ৰধনদেৱ মহন্তৰ দেহাৱসান

■ ঢেকিয়াজুলি কঁহাৰ গাঁওস্হিত শ্ৰীশ্ৰী কাংসপাৰ মাজ ঠাই সত্ৰৰ অধিকাৰ,তথা অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক মিত্ৰধন দেৱ মহন্তৰ ২০ জানুৱাৰী তাৰিখে সন্ধিয়াপ্ৰায় ৭ বজাত নিজা বাসগৃহত আকস্মিকভাৱে মৃত্যু হয়। সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত সত্ৰবাসীৰ লগতে সমগ্ৰ অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰিছে।

উল্লেখ‍্য যে ১৯৪৩ চনত জন্ম গ্ৰহণ কৰা সত্ৰাধিকাৰ মহন্তই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তিৰ্ন হৈ ১৯৬৪ চনত তিতাবৰ ৰঙাজান কৰঙা জনীয়া প্ৰাথমিক বিদ‍্যালয়ত শিক্ষকৰ পদত নিযুক্তি পায়।ইয়াৰ পাছতেই ঘৰৰ সমীপৰ উজনী কঁহাৰ গাঁও প্ৰাথমিক বিদ্যালয়,কৰঙা খাট প্ৰাথমিক বিদ্যালয় আৰু ঢেকিয়াজুলি সৰুদৈ শইকীয়া প্ৰাথমিক বিদ‍্যালয়ৰ পৰা ২০০১ চনৰ নৱেম্বৰত অৱসৰ লয়।

শিক্ষকতাৰ লগতে ১৯৭৩-৭৫ চনত কঁহাৰ গাঁও প্ৰাঞ্জল যুৱ সমাজ প্ৰতিষ্ঠা, প্ৰণামিকা মহিলা সমিতি আৰু প্ৰগতি মইণা পাৰিজাত প্ৰতিষ্ঠা কৰি যুৱ সমাজৰ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসোৎসৱৰ মুখ্য পৰিচালকৰ দায়িত্ব লৈছিল। ২০১৫ চনত ঐতিহ্য মণ্ডিত শ্ৰীশ্ৰী কাংসপাৰ মাজঠাই সত্ৰৰ সত্ৰাধিকাৰ পদত আলংকৃত হৈ সত্ৰখনৰ উন্নয়ণৰ লগতে বিভিন্ন প্ৰান্তৰ শিষ‍্য-প্ৰশিষ্য সকলক শৰণ ভজনে মহাপুৰুষ গুৰুজনাৰ আৰ্দশৰে সত্ৰৰ পৰম্পৰা ধৰি ৰাখিছিল। উল্লেখ‍্য যে আজি প্ৰায় দুদিনৰ পূৰ্বে সত্ৰৰ নামঘৰত সত্ৰাধিকাৰ গৰাকীয়ে নিজাকৈ এভাগি পালনামৰ আয়োজন কৰি ভক্ত বৈষ্ণৱৰ সেৱা লৈ হঠাৎ নামঘৰতেই অসুস্থ হৈ পৰে আৰু আকস্মিক বিয়োগ ঘটাৰ খবৰ পাই সত্ৰবাসীৰ লগতে সত্ৰৰ খাটনিয়াৰ, ভক্ত বৈষ্ণৱ, আইসকল,যুৱক যুৱতিৰ লগতে শ্ৰীশ্ৰী মায়ামৰা পুৰণি মাটি সত্ৰ, নাহৰ খাট সত্ৰ,যোৰহাট পটিয়া গাঁৱৰ মদাৰ গুৰি সত্ৰৰ ডেকা সত্ৰীয়া সকল সমবেতহৈ সত্ৰীয়া পৰম্পৰাৰে শ্ৰদ্ধাঞ্জলি জনায়।

IMG 20220123 WA0001

সাংবাদিক পবিত্ৰ মহন্ত, দিলীপ বৰাই আঁতধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শতাধিক গুণমুগ্ধ ৰাইজ, পৰিয়াল বৰ্গ, ভাতৃ ভগ্নী আদিৰ লগতে যোৰহাট জিলা সত্ৰ মহাসভা, যোৰহাট আঞ্চলিক সমন্বিত যুৱতীৰ্থ,আঞ্চলিক সত্ৰ মহাসভা, বৰ মাজঠাই সত্ৰ, প্ৰাঞ্জল যুৱসমাজ, মইনা পাৰিজাত, প্ৰণামিকা মহিলা সমিতি আদিয়ে অমায়িক সত্ৰাধিকাৰ গৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

সত্ৰাধিকাৰ গৰাকীৰ বিয়োগত ক্ৰমে কাংসপাৰ বৰঠাই সত্ৰৰ অধিকাৰ ঈশ্বৰ কান্ত দেৱ মহন্ত, অসম সত্ৰ মহা সভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্ত, শ্ৰীশ্ৰী গোপালদেৱ সেৱক সমাজ যোৰহাট জিলা আদিকে বিভিন্ন সত্ৰই গভীৰ শোক প্ৰকাশ কৰে।

মৃত্যুৰ সময়ত সত্ৰাধিকাৰ মিত্ৰধনদেৱ মহন্তৰ বয়স প্ৰায় ৮০ বছৰ হৈছিল। সত্ৰাধিকাৰ গৰাকীয়ে পত্নী, দুজন পুত্ৰ, এগৰাকী জী জোঁৱাই, নাতি নাতিনী সহ ভাতৃ, বোৱাৰী, শিষ‍্য প্ৰ শিষ্যসকলক ইহসংসাৰত এৰি থৈ যায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here