22 C
Guwahati

বৰ্ধিত সংখ্যাৰ বাবে প্ৰয়োজন হোৱা আৱশ্যকতা পূৰ্ণৰ পৰৱৰ্তী ৫ বছৰত পুনৰ ২ কোটি বাসগৃহৰ নিৰ্মাণ কৰা হ’বঃ বিত্তমন্ত্রী

- Advertisement -

♦ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে আজি সংসদত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে অন্তৱৰ্তী বাজেট দাখিল কৰে। বাজেটত প্ৰত্যক্ষ আৰু পৰোক্ষ কৰৰ হাৰৰ কোনো পৰিৱৰ্তনৰ প্ৰস্তাব দিয়া হোৱা নাই। বাজেট উত্থাপন কৰি বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰে ইতিমধ্যে কৰৰ হাৰ হ্ৰাস আৰু যুক্তিসংগত কৰিছে। তেওঁ কয় যে, নতুন কৰ আঁচনিৰ অধীনত এতিয়া ৭ লাখ টকালৈকে উপাৰ্জন কৰা কৰাতাসকলে কৰ পৰিশোধ কৰিব নালাগে। খুচুৰা ব্যৱসায়ীসকলৰ বাবে আনুমানিক আয় আধাৰিত কৰৰ সীমা ২ কোটি টকাৰ পৰা ৩ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। একেদৰে আনুমানিক আয় আধাৰিত কৰ আদায়ৰ বাবে যোগ্য বুলি বিবেচিত বৃত্তিধাৰী লোকৰ সীমা ৫০ লাখৰ পৰা ৭৫ লাখ টকালৈ বৃদ্ধি কৰা হৈছে । অৱশ্যে বিত্ত মন্ত্ৰীগৰাকীয়ে ষ্টাৰ্ট আপ প্ৰতিষ্ঠান আৰু সাৰ্বভৌম সম্পদ অথবা পেঞ্চন নিধিৰ জৰিয়তে কৰা বিনিয়োগৰ ক্ষেত্ৰত কেতবোৰ কৰ সুবিধা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে।

Detailed Union Budget for Financial Year 2022-2023বাজেটত আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱা কেন্দ্ৰ, আই এফ এছ চিৰ একাংশ গোটক ২০২৫ বৰ্ষৰ ৩১ মার্চ পর্যন্ত কৰ ৰেহাইৰ প্ৰস্তাৱ দিয়া হৈছে। বিত্তমন্ত্ৰীগৰাকীয়ে বাজেট ভাষণত কয় যে, চৰকাৰে অৰ্থনীতি সন্দৰ্ভত সংসদত এখন শ্বেতপত্র দাখিল কৰিব। তেওঁ কয় যে, ২০১৪ চনৰ পূৰ্বৰ বিপৰ্যয়সমূহৰ অৱসান ঘটিছে আৰু সৰ্বাংগীন উন্নয়নৰ সৈতে অৰ্থব্যৱস্থা স্থায়ী বিকাশৰ পথত দৃঢ়তাৰে আগবাঢ়িছে। তেওঁ লগতে কয় যে, ২০২৪-২৫ বৰ্ষৰ বাবে বিত্তীয় ঘাটি মুঠ ঘৰুৱা উৎপাদনৰ ৫.১ শতাংশ হ’ব বুলি পূর্বানুমান কৰা হৈছে। ৰাজ্যসমূহক ঐতিহাসিক পর্যটন কেন্দ্ৰসমূহৰ সৰ্বাত্মক উন্নয়ন তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সিবিলাকৰ বিপণনৰ বাবে উৎসাহিত কৰা হ’ব বুলি শ্ৰীমতী সীতাৰমনে প্ৰকাশ কৰে। তেওঁ কয় যে, এনেধৰণৰ উন্নয়নৰ বাবে পুঁজি যোগানধৰাৰ উদ্দেশ্যে ৰাজ্যসমূহলৈ সুদবিহীন দীৰ্ঘকালীন ঋণ প্রদান কৰা হ’ব। তেওঁ লগতে কয় যে, ক’ভিডৰ বাবে উদ্ভৱ হোৱা প্ৰত্যাহ্বান সত্বেও প্রধানমন্ত্ৰী গ্ৰাম্য আৱাস যোজনা গ্রামীণৰ ৰূপায়ণ অব্যাহত আছে আৰু শীঘ্ৰে ৩ কোটি বাসগৃহ নিৰ্মাণৰ লক্ষ্যত উপনীত হ’ব পৰা যাব। পৰিয়ালৰ বৰ্ধিত সংখ্যাৰ বাবে প্ৰয়োজন হোৱা আৱশ্যকতা পূৰ্ণৰ পৰৱৰ্তী ৫ বছৰত পুনৰ ২ কোটি বাসগৃহৰ নিৰ্মাণ কৰা হ’ব বুলি শ্ৰীমতী সীতাৰমনে প্রকাশ কৰে।

Interim Budget 2024: How is it prepared? Difference between Interim and Union Budget - BusinessToday

চৰকাৰে ভাড়াঘৰ অথবা বস্তি এলেকা আৰু অনাধীকৃত ক’লনিত বাস কৰা মধ্যবিত্ত শ্ৰেণীৰ যোগ্য লোকসকলক বাস গৃহ নির্মাণ বা ক্ৰয় কৰাত সহায় কৰাৰ বাবে এখন আঁচনি আৰম্ভ কৰিব। চাদৰ ওপৰত আহৰণ সৌৰশক্তি ব্যৱস্থা স্থাপনৰ জৰিয়তে ১ কোটি পৰিয়ালে প্রতিমাহে ৩০০ ইউনিটকৈ বিনামূলীয়া বিদ্যুৎ লাভ কৰিবলৈ সমৰ্থ হ’ব। অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দিৱসৰ দিনা প্রধানমন্ত্ৰীয়ে গ্ৰহণ কৰা সংকল্প অনুসৰি এই আঁচনি গ্ৰহণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে, চৰকাৰে জৰায়ুৰ মুখৰ কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে ৯ ৰ পৰা ১৪ বছৰৰ ছোৱালীসকলক প্ৰতিষেধক গ্ৰহণৰ বাবে উৎসাহিত কৰিব। সু-পৰিকল্পিত ৰূপায়ণৰ বাবে এটা সৰ্বাত্মক কাৰ্যসূচীৰ অধীনত মাতৃ আৰু শিশুৰ যতনৰ বাবেও বিভিন্ন আঁচনি ৰূপায়ণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে, সক্ষম অংগনবাড়ী আৰু দ্বিতীয় পৰ্যায়ৰ পোষণ অভিযানৰ অধীনত অংগনবাড়ী কেন্দ্ৰসমূহৰ উন্নয়নৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ কথা ঘোষণা কৰে। শ্ৰীমতী সীতাৰমণে কয় যে, চৰকাৰে বিভিন্ন বিভাগৰ অধীনৰ বৰ্তমানৰ চিকিৎসা আন্তঃগাঁথনি ব্যৱহাৰ কৰি অধিক চিকিৎসা মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনা কৰিছে। বিষয়টো চালি-জাৰি চোৱাৰ বাবে আৰু যাৱতীয় পৰামৰ্শ আগবঢ়োৱাৰ বাবে এই সন্দৰ্ভত এখন কমিটি গঠন কৰা হ’ব বুলি বিত্তমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

Budget 2024: Biggest allocation for defence, lowest for agriculture - Hindustan Times
শ্ৰীমতী সীতাৰমনে কয় যে সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাই এখন ৰাষ্ট্ৰ, এখন বজাৰ, এটা কৰ নীতিৰ ৰূপায়ণ সম্ভৱ কৰি তুলিছে। বিত্তমন্ত্ৰী সীতাৰমনে বাজেটত আয়ুষ্মাণ ভাৰত আঁচনিৰ অধীনত লাভ কৰা স্বাস্থ্য সেৱাৰ সুবিধা সকলো আশা, অগনবাড়ী কৰ্মী আৰু সহায়িকাসকললৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। অন্তৱৰ্তী বাজেটত পশুপালন আৰু মাছমৰিয়াকে ধৰি খেতিয়কসকলৰ বাবে ভালেমান ব্যৱস্থা আৰু উদ্যম ঘোষণা কৰা হৈছে। সেই অনুসাৰে কৃষিখণ্ডত মূল্য সংযোজন আৰু খেতিয়কসকলৰ আয় বৃদ্ধিৰ বাবে প্ৰচেষ্টা চলোৱা হ’ব। ২০২২ চনৰ ঘোষণাৰ কথা উল্লেখ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, সৰিয়হ, বাদাম, চয়াবিন, তিল, সূর্যমুখীৰ দৰে তৈল বীজৰ ক্ষেত্ৰত আত্মনিৰ্ভলশীলতাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে ৰণনীতি যুগুতাই উলিওৱা হ’ব। ইয়াৰ অধিনত অধিক উৎপাদনক্ষম প্ৰজাতিৰ অন্বেষণ, আধুনিক কৃষি প্রযুক্তি গ্রহণ, ক্রয়, মূল্য সংযোজন আৰু ফচল বীমা আদি বিষয় সামৰি লোৱা হ’ব। বাজেটত পশুপালকসকলৰ বাবেও ভালেমান ব্যৱস্থাৰ কথা ঘোষণা কৰা হৈছে। পশুপালকসকলৰ বাবে সৰ্বাত্মাক কাৰ্যসূচী যুগুতাই উলিওৱা হ’ব বুলি বাজেটত উল্লেখ কৰা হৈছে । বিত্তমন্ত্ৰীগৰাকীয়ে বাজেট ভাষণত কয় যে, নেন ইউৰীয়াৰ সফল প্ৰয়োগৰ পাছত বিভিন্ন শস্যৰ ক্ষেত্ৰত নেন’ ডিএপিৰ প্ৰয়োগ সকলো কৃষি জলবায়ু মণ্ডললৈ সম্প্ৰসাৰিত কৰা হ’ব। তেওঁ কয় যে, মাছমৰীয়াসকলৰ গুৰুত্বৰ কথা উপলব্ধি কৰি মোদী চৰকাৰে মাছমৰীয়াসকলৰ বাবে সুকীয়া মন্ত্ৰ্যালয় গঠন কৰিছে।

Union Budget 2024 LIVE Updates: Interim Budget Reflection of Youth's Aspirations, Says PM Modi

গ্ৰামাঞ্চলৰ আৰ্থ সামজিক প্ৰেক্ষাপটত ৰূপান্তৰৰ ক্ষেত্ৰত আত্মসহায়ক গোট আৰু মহিলাসকলৰ ভূমিকাত আলোকপাত কৰি শ্ৰীমতী সীতাৰমনে কয় যে, ৮৩ লাখ আত্মসহায়ক গোটে ৯ কোটি মহিলাৰ সৈতে সৱলীকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰে গ্ৰামাঞ্চলৰ আৰ্থসামাজিক প্রেক্ষাপত সলনি কৰিছে। তেওঁলোকৰ সাফল্যই প্রায় এক কোটি মহিলাক ইতিমধ্যে লাখপতি দিদি হোৱাত সহায় কৰিছিল বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

Union Budget 2024: Sitharaman calls on President Murmu before arrival in Parliament, ET BFSI

তেওঁ লগতে চৰকাৰে লাখপতি দিদিৰ সংখ্যা দুইৰ পৰা তিনি কোটিলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰে। বাজেটত ৫০ বছৰৰ বাবে সুদ বিহীন ঋণৰ সুবিধাৰে এক লাখ কোটি টকাৰ এটা মূলধনী পুঁজি গঠন কৰা হ’ব বুলি ঘোষণা কৰা হৈছে। ইয়াৰ ব্যক্তিগতখণ্ডসমূহক নতুন ক্ষেত্ৰসমূহত গৱেষণা আৰু উদ্ভাৱনত ব্ৰতী হ’বলৈ উদগনি যোগোৱাৰ উদ্দেশ্যে কম অথবা সুদ বিহীন দীর্ঘকালীন পুঁজি যোগান ধৰা হ’ব।

Union Budget 2024: Karnataka CM slams, corporate leaders hail

বাজেটত ৰেল খণ্ডৰ বাবেও কেতবোৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ প্ৰস্তাৱ দিয়া হৈছে। বিত্তমন্ত্ৰীয়ে বাজেট ভাষণত শক্তি, খনিজ আৰু চিনেণ্টসহ তিনিটা গুৰুত্বপূৰ্ণ অর্থনৈতিক ৰে’ল কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে যাত্ৰীসকলৰ সুৰক্ষা, সুবিধা আৰু আৰামৰ বাবে ৪০ হাজাৰ সাধাৰণ ৰে’লৰ দবাক বন্দে ভাৰত মানৰ দবালৈ উন্নীত কৰা হ’ব। শ্ৰীমতী সীতাৰমনে কয় যে, ৮০ কোটি লোকলৈ বিনামূলীয়া ৰেচন যোগানেৰে চৰকাৰে খাজ্যৰ চিন্তা দূৰ কৰিছে।

Budget 2023: FM reaches Parliament, speech begins

বিভিন্ন কৃষিজাত সামগ্রিৰ ন্যূনতম সমর্থন মূল্য সময়ে সময়ে বৃদ্ধি কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে, এই উদ্যমসমূহে গ্ৰামাঞ্চলৰ প্ৰকৃত আয় বৃদ্ধি কৰিছে। তেওঁ কয় যে, চৰকাৰে বিগত ১০ বছৰত ২৫ কোটি লোকক দৰিদ্ৰতাৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হোৱাত সহায় কৰিছে।
প্রত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰ জৰিয়তে প্রধানমন্ত্রী জন ধন একাউণ্টলৈ ৩৪ লাখ কোটি টকা হস্তান্তৰৰ ফলত চৰকাৰৰ ২ লাখ ৭০ হাজাৰ কোটি টকা ৰাহি হৈছে বুলি বিত্ত মন্ত্ৰীগৰাকীয়ে সদৰী কৰে। প্ৰধানমন্ত্রী স্ব-নিধি আঁচনিৰ অধীনত ৭৮ লাখ পদপথৰ ব্যৱসায়িলৈ ঋণ প্ৰদান কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। যুৱ প্ৰজন্মৰ সৱলীকৰণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ ওপৰত আলোকপাত কৰি শ্ৰীমতী সীতাৰমনে কয় যে, স্কীল ইণ্ডিয়া আঁচনিৰ অধীনত এক কোটি ৪০ লাখ যুৱক-যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
20.6 ° C
20.6 °
20.6 °
76 %
0.8kmh
100 %
Fri
21 °
Sat
29 °
Sun
31 °
Mon
32 °
Tue
35 °

More like this

The Interior Design Likely to Transform Your Home

To understand the new smart watched and other pro devices of recent focus, we should look to...

SBI superhit scheme: Good news for senior citizens! Deposit...

SBI superhit FD scheme update: According to the information available on SBI’s website, senior citizens deposit in...

■ক্ৰিকেট বিশ্বকাপ ২০২৩ ■ভাৰতীয় অৰ্থনীতিত ২২,০০০ কোটি টকা সঞ্চয়,...

● শেহতীয়াকৈ আহমেদাবাদস্থিত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হয় ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ চূড়ান্ত খেল। ভাৰতৰ দ্বাৰা আয়োজিত, কেৱল...