ভুল কেৱল ডিম্পু বৰুৱাৰে নহয় । কোনোবাখিনিত ভুল আমাৰো আছে । কিয় জানেনে ?
কাৰণ ডিম্পু বৰুৱাক গঢ় দিছোঁ আমিয়েই । ডিম্পু বৰুৱাক ভাইৰেল কৰিছোঁ আমিয়েই । ডিম্পু বৰুৱাক ষ্টাৰ সজাইছোঁ আমিয়েই । ডিম্পু বৰুৱাই থাৰ কিনিছে , লণ্ডন ঘূৰিছে । কথাই কথাই আমিয়েই কোৱা – কুই কৰিছোঁ ” ইউটিউব কৰিয়েই মানুহে গাড়ী কিনিছে ” ।
আৰু এই ইউটিউব , ভ্লগ কৰিয়েই গাড়ী কিনিব পাৰি , লণ্ডন ফুৰিব পাৰি । সেই কথাবোৰ আমাৰ শিশুসকলৰ মনস্তত্ত্বত বিন্ধিছে । আজিকালি শিশুৱে হয়তো ভাৰতৰ বিত্ত মন্ত্ৰীৰ নাম নাজানিব । হয়তো নাজানিব ৰাষ্ট্ৰপতি অথবা ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰৰ নাম । নাজানিব অসমৰ জিলা কেইখন । কিন্তু তেওঁলোকে ডিম্পু বৰুৱা , কেৰিমিনাটিক অথবা আন ভ্লগাৰ সকলক চিনি পাবই ।
তেওঁলোককে দেখি দুই এক শিশুৱে ইউটিউব চেনেল নিজেও খুলিছে । তাতোকৈ ডাঙৰ কথা কি জানেনে ? বেংকৰ একাউন্ট খুলিব নোৱৰা শিশুকো মাক দেউতাকে আজিকালি ইউটিউব চেনেল খুলি দিয়ে । আৰু সেই আগতে আলহীৰ আগত কবিতা মাতি শুনাব দিয়াৰ দৰেই এতিয়া ম’বাইলটো লৈ ইউটিউব ভ্লগ বনাবলৈ শিকাইছে । এইবোৰৰ পাছত ডিম্পু বৰুৱাক গালি দি কিবা লাভ আছেনে ? নাই । কাৰণ তেনে হাজাৰ হাজৰ ডিম্পু বৰুৱা লাহে লাহে অসমত গঢ় লৈছে । যি অনাগত ভৱিষ্যতত গাড়ীৰ পাছত , লণ্ডনৰ পাছত দৌৰিব ।
আমি এনেকুৱা এটা প্ৰজন্মৰ পৰা আহিছোঁ য’ত নেকি গাঁৱৰ ৰাস্তাৰে গাড়ী এখন পাৰ হৈ গ’লেও কিছু সময়ৰ বাবে ক্ৰিকেট খেলা বন্ধ কৰি গাড়ী খনলৈ ৰ লাগি চাইছিলোঁ । সেইখিনি সময় পাৰ হ’ল । তাৰপিছত আহিল নিউজ চেনেলৰ সময় । গাঁৱলৈ নিউজ চেনেল আহিলেই উৎসৱলৈ পৰিণত হোৱা সময় এটা আহিল । আৰু এতিয়া গাঁৱলৈ ইউটিউবাৰ আহিলে তেনে পৰিৱেশ হয় । বহুতৰে আকৌ কেমেৰা দেখিলেই গা সাতখন আঠখন কৰে ।
মন কৰিবচোন যিবোৰ ইউটিউব চেনেলত জ্ঞানৰ চৰ্চা হয় সেইবোৰ চেনেলত ভিউজ কিমান আহে । যিবোৰ চেনেলে মানুহৰ মানসিক , শাৰিৰীক , আধ্যাত্মিক তথা আৱেগিক দিশত বিকাশ সাধন কৰে সেইবোৰ চেনেলত কিমান ভিউজ আহে । সেই চেনেলবোৰে মানুহক মাতি মাতি আনিব লাগে । আৰু শেষত আনক অনুপ্ৰেৰণা দিয়াৰ উদ্দেশ্যে চেনেল খোলা মানুহজন নিজেই ডিম’টিভেট হৈ যায় ।
হয়তো আপোনালৈকো আপোনাৰ কোনোবা বন্ধুৱে হোৱাটছএপত তেওঁৰ চেনেলৰ লিংক পঠাই ছাবছক্ৰাইব কৰিবলৈ কয় । কোনোবাই কুকিং চেনেল খোলে , কোনোবাই প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে চেনেল খোলে , কোনোবাই বিভিন্ন কিতাপৰ আলোচনা কৰা চেনেল খোলে , কোনোবাই চিনেমাৰ ৰিভিউ দিয়ে । এই চেনেলবোৰ দুদিনমান চলাৰ পাছত মানুহে নোচোৱা হৈ যায় । ইয়াৰ বাবে দায়ী কিন্তু আমিয়েই ।
ভাবকচোন , অসমত এটা ভাল বুক ছামাৰিৰ চেনেল নাই । অসমত এটা ভাল চিনেমা ৰিভিউ কৰা চেনেল নগন্য । অসমত এটা ভাল আধ্যাত্মিক কথা বাৰ্তাৰ চেনেল নাই । এটা ভাল পলিটিকেল ইক’নমিকেল আলোচনাৰ চেনেল নাই। যদিও দুই এটা আছে তেন্তে তাৰ প্ৰচাৰ অৰু প্ৰসাৰ ইমানেই কম যে এই চেনেলবোৰে সৰ্বসাধাৰণক চুবকৈ পৰা নাই । ডিম্পু বৰুৱাৰ ষ্ট্ৰং পইন্ট কোনখিনিত জানেনে ? তেওঁক শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে চিনি পায় । চিনি পোৱা হ’ল কিয় ? কাৰণ আমাক সস্তীয়া মনোৰঞ্জন লাগে ।
ইউটিউব জ্ঞান চৰ্চাৰ এটা খুব সুন্দৰ প্লেটফৰ্ম । ইয়াক আমি সকলোৱে গঢ় দিব লাগিব । কাৰণ আমাৰ ভৱিষ্যতটো ইউটিবেই গঢ় দিব । আমাৰ শিশুসকলে ভৱিষ্যতে ইউটিউবৰ পৰাই পঢ়িব । ইউটিউবৰ পৰাই জীৱনৰ কথাবোৰ শিকিব । সেইবাবেই আমি সেইবোৰ ইউটিব চেনেলক প্ৰচাৰ কৰিব লাগিব যি সস্তীয়া মনোৰঞ্জনক প্ৰাধান্য নিদিয়ে ।
আন এটা কথা । ইউটিউব এখন ভাৰ্চুৱেল দুনীয়া । আজি আছে কাইলৈ নাথাকিব । সেইবাবেই যিবোৰ শিশুৱে ভাবিবলৈ লৈছে ইউটিউব কৰিয়েই গাড়ী কিনিম পঢ়াৰ কি দৰকাৰ । সেইবোৰ শিশুক প্ৰকৃত শিক্ষা দিব লাগিব । আপোনাৰ শিশুটিক ভাত খুৱাবলৈকে হাতত ম’বাইল দি নিদিব ।
আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যৎ । কথাষাৰ পাৰিলে আকৌ এবাৰ মনলৈ আনিব ।