সাহিত্য সভাই গতানুগতিকতা পৰিহাৰ কৰি নতুন কাৰ্যপন্থা হাতত লোৱাৰ সময় আহিছে৷কেবল বিয়াগোম পেণ্ডেল নিৰ্মাণ কৰি মেলামুখী কাৰবাৰ কৰি লাভ নাই৷আজিৰ বহুৰঙী সামাজিক মাধ্যম, AIৰ দিনত কবিতা শুনিবলৈ,ভাষণ শুনিবলৈ হিলদলভাঙি কোনেও নাযায়৷তাতে সাহিত্য সভাৰ পুৰ্বৰ গৰিমা আৰু আকৰ্ষণো নাই৷এনে পৰিস্থিতিত সাহিত্য সভাই শান্তি নিকেতন,বৃটিছ কাউঞ্চিল আদিৰ আৰ্হিত কাম কৰিবলৈ চেষ্টা কৰা উচিত৷কলকাতাৰ শেহতীয়া গ্ৰন্থ মেলাত(বই মেলা)হোৱা অভিজ্ঞতা ব্যক্ত কৰি এজন বন্ধুৱে কৈছিল-কলকতাতৰ গ্ৰন্থ মেলাত প্ৰতিদিনে লাখ লাখ লোকৰ সমাগম হয়৷সাংস্কৃতিক মেলাৰ দৰে পৰিবেশ৷এফালে বাউল চলি আছে,কাষতে আকৌ পাশ্বাত্য সংগীটো চলিছে৷সকলো মিলি এক বিশাল কাৰবাৰ য’ত বিদেশৰ পৰাও লোক আহে চাবলৈ৷ক’তো ৰক্ষণশীল মনোভাৱ নাই৷সকলোৰে বাবে মুকলি৷সকলোকে উপযুক্ত space দিয়া হয়৷আমি এখন গোলকীয় পৃথিৱীৰ বাসিন্দা৷এখন গলিত(liquid) সমাজৰ আমি অংশ৷গতিকে এক বহল মানসিকতা আমাক লাগিব৷