27 C
Guwahati

বৰভাগ কালাগত বিহু নাচ আৰু বিহু লোকবাদ্যৰ সাতদিনীয়া কৰ্মশালাৰ শুভাৰম্ভ

- Advertisement -
  • কৰ্মশালাখনি শুভ উদ্বোধন সমাজকৰ্মী ভূপেন তালুকদাৰৰ

ঘগ্ৰাপাৰ ফইজুল হক চৌধুৰীঃ নলবাৰী জিলাৰ বৰভাগ সংগীত মহাবিদ্যালয়ৰ উদ্যোগত আৰু সোনকুৰিহা যুৱক জ্যোতি সংঘ,বৰভাগ যুৱ সমাজ, বৰভাগ শাখা সাহিত্য সভাৰ লগতে বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আজিৰে পৰা ২ এপ্ৰিল তাৰিখলৈ বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত নৱম বাৰ্ষিক বিহু নাচ আৰু বিহু লোকবাদ্যৰ সাতদিনীয়া কৰ্মশালা অনুষ্ঠিত হৈছে।

Read more News : 

Aউক্ত অনুষ্ঠানটোত সভাপতিত্ব কৰে বৰভাগ সংগীত মহাবিদ্যালয়ৰ সভাপতি ফনিন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে। বৰভাগ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ জগদীশ কাকতিয়ে আঁতধৰা উক্ত কৰ্মশালাখনি শুভ উদ্বোধন কৰি বিশিষ্ট সমাজকৰ্মী ভুপেন তালুকদাৰে অসমীয়া লোক সংস্কৃতিৰ ওপৰত সাৱলীলভাৱে ভাষণ প্ৰদান কৰে।উল্লেখযোগ্য যে উক্ত কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে আন্তৰ্জাতিক খ্যাতি সম্পন্ন ঢুলীয়া স্বপনীল অঞ্জন বৰা, আন্তৰ্জাতিক খ্যাতি সম্পন্ন নৃত্য শিল্পী ৰুমা ৰাভা, আন্তঃৰাষ্ট্ৰীয় বিহুৱা তথা ঢোল বাদক অনুপম হাজৰিকাৰ লগতে আন্তঃৰাষ্ট্ৰীয় বিহুৱা তথা পেঁপা বাদক জয়ন্ত ডেকা। উক্ত কৰ্মশালাখনিত বিভিন্ন অঞ্চলৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
28.3 ° C
28.3 °
28.3 °
71 %
2.6kmh
100 %
Fri
28 °
Sat
35 °
Sun
33 °
Mon
25 °
Tue
28 °

More like this

ৰঙাপৰাৰ সমন্বয় সমিতিয়ে উদযাপন কৰিলে ন-খোৱা উৎসৱ

♥ অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত পালন কৰা উৎসৱ তথা লোকাচৰসমূহৰ ভিতৰত এটা হৈছে ন খোৱা আনন্দোৎসৱ।...

নলবাৰী জিলা ব্ৰাহ্মণ মহাসভা’ৰ কাৰ্যালয় উদ্বোধন

  নলবাৰী জিলা ব্ৰাহ্মণ মহাসভা'ৰ কাৰ্যালয় উদ্বোধ অসম খবৰ প্ৰতিনিধি নলবাৰী -১৯ ছেপ্টেম্বৰ দেওবাৰে নলবাৰীৰ জিলাৰ পয়লাত 'নলবাৰী জিলা ব্ৰাহ্মণ...

নাৰায়ণপুৰৰ ধুনাগুৰিত অলি অয়ে লিগাংৰ পুৰ্ণ প্ৰস্তুতি

♦ নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাঃ ক্ৰমে দিন চমু চাপি আহিছে মিচিং সম্প্ৰদায়ৰ উৎসৱ অলি আয়ে লিগাং।...