29 C
Guwahati

ডেভেলপমেণ্ট ডিজিটেলি গ্রুপৰ উদ্যোগত “Career options after 10th and 12th” শীৰ্ষক কৰ্মশালা সম্পন্ন

- Advertisement -

■ ডেভেলপমেণ্ট ডিজিটেলি গ্রুপ (Development Digitally Group) নামৰ ৱাটচআপ গোটৰ উদ্যোগত ২৮এপ্রিলত সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হোৱা “Career options after 10th and 12th” শীৰ্ষক বিনামূলীয়া অনলাইন কেৰিয়াৰ কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই । গুগল মিটৰ যোগেদি অনুষ্ঠিত হোৱা কৰ্মশালাখন ‘ডেভেলপমেণ্ট ডিজিটেলি গ্রুপ’ গোটৰ প্রশাসক বিমল বৰাই শুভাৰম্ভণি কৰে। শিক্ষাৰ্থী তথা অভিভাৱকসকলে অংশগ্রহণ কৰা কৰ্মশালাখনত ড° বুলজিৎ বুঢ়াগোহাঁয়ে উচ্চতৰ মাধ্যমিকত শাখা কেনেকৈ নিৰ্বাচন কৰিব লাগে আৰু কলা, বিজ্ঞান তথা বাণিজ্য শাখাত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত কি কি বিষয়ত অধ্যয়ন কৰিব পাৰি সেই বিষয়ে আলোচনা কৰে । ব্যক্তিত্বৰ লগতে নিজৰ ৰাপ , পাৰদৰ্শিতা অনুসৰি শিক্ষাৰ্থীসকলে কেৰিয়াৰ নিৰ্বাচন কৰিলে সুফল লাভ কৰিব পাৰি বুলি উল্লেখ কৰে। ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান(আই.টি.আই.)ৰ বিভিন্ন ট্রেড আৰু পলিটেকনিকত তিনি বছৰীয়া ডিপ্লমা পাঠ্যক্রমত নম্বৰৰ ওপৰত ভিত্তি কৰি নামভৰ্তি হয় বুলি জানিব দিয়ে। ড° বুঢ়াগোহাঁয়ে বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষা , যেনে- কেন্দ্রীয় লোকসেৱা আয়োগে পৰিচালনা কৰা অসামৰিক সেৱাৰ পৰীক্ষা(Civil Services Examinations), সংযুক্ত প্রতিৰক্ষা সেৱাৰ পৰীক্ষা (Combined Defence Services Examination), ষ্টাফ ছিলেকচন কমিছনে পৰিচালনা কৰা সংযুক্ত স্নাতক পৰ্যায়ৰ পৰীক্ষা (Combined Graduate Level Examination), অসম লোকসেৱা আয়োগে পৰিচালনা কৰা সংযুক্ত প্ৰতিযোগীতামূলক পৰীক্ষা (Combined Competitive Examination) আদিৰ বিষয়ে আলোচনা কৰাৰ লগতে প্রতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে আৱশ্যক হোৱা সাধাৰণ জ্ঞান কেনেকৈ আহৰণ কৰিব পাৰি সেই বিষয়ে জানিব দিয়ে। গ্রুপ ডিস্কাচন আৰু সাক্ষাৎকাৰৰ বাবে কেনেদৰে প্রস্তুতি চলাব লাগে তাৰ বিষয়েও আলোচনা কৰে। কৰ্মশালাখনত অংশগ্রহকাৰীসকলৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে প্ৰতি শনিবাৰে সন্ধিয়া ৬বজাৰৰ পৰা ৯ বজালৈ ফোনযোগে (৯৪৩৫১৮৮৬৩০) বিনামূলীয়া কেৰিয়াৰ পৰামৰ্শৰ আগবঢ়োৱা বিষয়েও ড° বুলজিৎ বুঢ়াগোহাঁয়ে অৱগত কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
28.3 ° C
28.3 °
28.3 °
71 %
2.6kmh
100 %
Fri
28 °
Sat
35 °
Sun
33 °
Mon
25 °
Tue
28 °

More like this

সৰ্বভাৰতীয় বেংক ধৰ্মঘটৰ দ্বিতীয় দিন, অসমতো অচল বেংক সেৱা

♦দেশজুৰি চলি থকা দুদিনীয়া বেংক ধৰ্মঘটৰ আজি দ্বিতীয় দিন৷ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা উক্ত ধৰ্মঘটৰ ফলত আজিও...

Café B-You brings the essence of Indian street food...

Guwahati, July 11, 2024: This July, Café B-You at Radisson Blu Guwahati invites guests to embark on a...

বন বিভাগৰ নৱনিযুক্ত প্ৰধান মুখ্য বন সংৰক্ষক সন্দীপ কুমাৰক...

গুৱাহাটীঃ অসম চৰকাৰৰ বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক আৰু বন বাহিনীৰ মূৰব্বী ৰাজপাল সিঙে ৩১ অক্টোবৰত...