16 C
Guwahati

ৰাজ্যত তৃতীয় পৰ্যায়ত ৭ মে’ত হ’বলগীয়া নিৰ্বাচনত ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দিতা আগবঢ়াব

- Advertisement -

ৰাজ্যখনত তৃতীয় পৰ্যায়ত অহা ৭ মেত হ’বলগীয়া নিৰ্বাচনত ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দিতা আগবঢ়াব। ইয়াৰ ভিতৰত ছগৰাকী মহিলা প্রার্থী আছে। আনহাতে, এইটো পৰ্যায়ত ৯ হাজাৰ ৫১৬ টা ভোটগ্রহণ কেন্দ্ৰত ৮১ লাখৰো অধিক ভোটদাতাই গণতান্ত্রিক অধইকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰ ভিতৰত ৪১ লাখৰো অধিক পুৰুষ, ৪০ লাখৰো অধিক মহিলা আৰু ১১১ গৰাকী তৃতীয় লিংগৰ ভোটদাতা। ৰাজ্যখনত তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই ৪ টা সমষ্টিৰ বাবে লোকসভা নির্বাচন অনুষ্ঠিত হ’ব। গুৱাহাটী সমষ্টিত বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াব। ইপিনে, বৰপেটা সমষ্টিত এইবাৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী তথা অসম গণ পৰিষদৰ নেতা ফণীভূষণ চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চৰ দীপ বায়ন, চিপিআইএমৰ মনোৰঞ্জন তালুকদাৰ, আৰু তৃণমূল কংগ্ৰেছৰ আব্দুল কালাম আজাদেও সমষ্টিটোত প্রতিদ্বন্দ্বিতা কৰিব। বৰপেটা সমষ্টিত প্রায় ১৭ লাখ ভোটদাতা আছে। আনহাতে, কোকৰাঝাৰ লোকসভা সমষ্টিটোত এইবাৰ বিজেপি মিত্ৰজোঁটৰ হৈ ইউ পি পি এলৰ জয়ন্ত বসুমতাৰী, কংগ্ৰেছৰ গৰ্জন মুছাহাৰী আৰু তৃণমূল কংগ্ৰেছৰ গৌৰীশংকৰ শৰণীয়াই প্রতিদ্বন্দ্বিতা কৰিছে। ইপিনে, ধুবুৰী সমষ্টিত এইবাৰ বিজেপি মিত্ৰজোটৰ হৈ অসম গণ পৰিষদৰ জাভেদ ইছলাম, কংগ্ৰেছৰ ৰকিবুল হুছেইন আৰু এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলে প্রতিদ্বন্দ্বিতা কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
20.9 ° C
20.9 °
20.9 °
70 %
0.7kmh
0 %
Fri
25 °
Sat
24 °
Sun
24 °
Mon
24 °
Tue
24 °

More like this

Unlocking the Secrets of Herbal Remedies: Nature’s Healing Power...

The allure of the beach is irresistible—a captivating blend of soothing waves, warm sand, and the expansive...

বিবেক ভোট দিম !

দিল্লী বিধানসভা নিৰ্বাচনঃ বিয়লি ৫ বজালৈকে প্রায় ৫৮ শতাংশ...

দিল্লী বিধানসভা নিৰ্বাচনত বিয়লি ৫ বজালৈকে প্রায় ৫৮ শতাংশ ভোটদান হৈছে। ৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণ...