29 C
Guwahati

ৰাজ্যত তৃতীয় পৰ্যায়ত ৭ মে’ত হ’বলগীয়া নিৰ্বাচনত ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দিতা আগবঢ়াব

- Advertisement -

ৰাজ্যখনত তৃতীয় পৰ্যায়ত অহা ৭ মেত হ’বলগীয়া নিৰ্বাচনত ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দিতা আগবঢ়াব। ইয়াৰ ভিতৰত ছগৰাকী মহিলা প্রার্থী আছে। আনহাতে, এইটো পৰ্যায়ত ৯ হাজাৰ ৫১৬ টা ভোটগ্রহণ কেন্দ্ৰত ৮১ লাখৰো অধিক ভোটদাতাই গণতান্ত্রিক অধইকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰ ভিতৰত ৪১ লাখৰো অধিক পুৰুষ, ৪০ লাখৰো অধিক মহিলা আৰু ১১১ গৰাকী তৃতীয় লিংগৰ ভোটদাতা। ৰাজ্যখনত তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই ৪ টা সমষ্টিৰ বাবে লোকসভা নির্বাচন অনুষ্ঠিত হ’ব। গুৱাহাটী সমষ্টিত বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াব। ইপিনে, বৰপেটা সমষ্টিত এইবাৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী তথা অসম গণ পৰিষদৰ নেতা ফণীভূষণ চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চৰ দীপ বায়ন, চিপিআইএমৰ মনোৰঞ্জন তালুকদাৰ, আৰু তৃণমূল কংগ্ৰেছৰ আব্দুল কালাম আজাদেও সমষ্টিটোত প্রতিদ্বন্দ্বিতা কৰিব। বৰপেটা সমষ্টিত প্রায় ১৭ লাখ ভোটদাতা আছে। আনহাতে, কোকৰাঝাৰ লোকসভা সমষ্টিটোত এইবাৰ বিজেপি মিত্ৰজোঁটৰ হৈ ইউ পি পি এলৰ জয়ন্ত বসুমতাৰী, কংগ্ৰেছৰ গৰ্জন মুছাহাৰী আৰু তৃণমূল কংগ্ৰেছৰ গৌৰীশংকৰ শৰণীয়াই প্রতিদ্বন্দ্বিতা কৰিছে। ইপিনে, ধুবুৰী সমষ্টিত এইবাৰ বিজেপি মিত্ৰজোটৰ হৈ অসম গণ পৰিষদৰ জাভেদ ইছলাম, কংগ্ৰেছৰ ৰকিবুল হুছেইন আৰু এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলে প্রতিদ্বন্দ্বিতা কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
28.3 ° C
28.3 °
28.3 °
71 %
2.6kmh
100 %
Fri
28 °
Sat
35 °
Sun
33 °
Mon
25 °
Tue
28 °

More like this

তৃতীয় পৰ্যায়ত ৰাজ্যত হ’বলগীয়া নিৰ্বাচনৰ অন্তৰ্গত সমষ্টিসমূহৰ জিলাকেইখনত ভোটগ্রহণৰ...

তৃতীয় পৰ্যায়ত ৰাজ্যখনত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমষ্টিসমূহৰ অন্তৰ্গত জিলাকেইখনত ভোটগ্রহণৰ দিনটোত...

Unveiling the Hidden World of Botanical Wonders: Exploring the...

The allure of the beach is irresistible—a captivating blend of soothing waves, warm sand, and the expansive...

ৰাজ্যৰ ৫ বিধানসভা সমষ্টিত উপ-নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ...

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰ কৰি...