21 C
Guwahati

তৃতীয়বাৰৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে পেমা খাণ্ডুৰ শপত গ্ৰহণ

- Advertisement -

Imageবিজেপি নেতা পেমা খাণ্ডুৱে আজি একেৰাহে তৃতীয়বাৰৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। খাণ্ডুৰ সৈতে আন ১৩ গৰাকী কেবিনেট মন্ত্ৰীয়েও শপত লয়। অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল কে টি পাৰনায়কে তেওঁলোকক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। শপত গ্ৰহণ কৰা কেবিনেট মন্ত্ৰীসকলৰ ভিতৰত চাওনা মেইন, ব্যুৰাম বাগে, ন্যাটো ডুকাম, গেব্রিয়েল ডি ৱাংশুক, ৱাংগি লোৱাং, পি ডি চোনা, মামা নাটুং, দাংচাংগলু পুল, বাল’ ৰাজা, কেণ্টজিনি আৰু অজিং তাচিং আছে।

Image

শপতগ্রহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ, কেন্দ্রীয় মন্ত্ৰী কিৰেণ ৰিজিজু, স্বাস্থ্য মন্ত্রী জে পি নাড্ডা, জ্যেষ্ঠ বিজেপি নেতা ৰবিশংকৰ প্ৰসাদ, অসম আৰু ছিকিমৰ মুখ্যমন্ত্ৰী, আৰু অৰুণাচল পূব সংসদীয় সমষ্টিৰ সাংসদ তাপিৰ গাৱকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিজেপিয়ে ৰাজ্যখনৰ সদ্যসমাপ্ত বিধানসভা নির্বাচনত ৰাজ্যখনৰ মুঠ ৬০ খন আসনৰ ভিতৰত ৪৬ খন আসনতে জয়লাভ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
30 ° C
30 °
30 °
28 %
0.5kmh
72 %
Fri
34 °
Sat
31 °
Sun
30 °
Mon
30 °
Tue
35 °
SourceAkashvani

More like this

অৰবিন্দ কেজৰিৱালে ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী হিচাপে গ্ৰহণ কৰিব নে?...

● নতুন দিল্লীঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বুধবাৰে ৰাহুল গান্ধী পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'ব পাৰে বুলি অনুমান ৰখাৰ...

The Science of Happiness: Discovering the Keys to a...

The allure of the beach is irresistible—a captivating blend of soothing waves, warm sand, and the expansive...

ভতিজাৰ কাৰণে মই চামগুৰি সমষ্টি এৰি দিলোঃ বদৰুদ্দিন আজমল

ভতিজাৰ কাৰণে মই চামগুৰি সমষ্টি এৰি দিলো ধৰ্ম নিৰপেক্ষ দলৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান আজমলৰ অখিল...