29 C
Guwahati

G-7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ইটালীৰ অ’পুলিয়ালৈ প্রধানমন্ত্ৰী মোদী

- Advertisement -

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে G-7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ইটালীৰ অ’পুলিয়ালৈ বুলি ৰাওনা হৈছে। যাত্ৰাৰ পূৰ্বে দিয়া এটা বিবৃতিত মোদীয়ে কয় যে, ভাৰত আৰু ইটালীৰ মাজৰ কৌশলগত সহযোগিতা সুদৃঢ় কৰাৰ লগতে ভাৰত প্ৰশান্ত মহাসাগৰীয় আৰু ভূমধ্য সাগৰীয় অঞ্চলৰ মাজত থকা সহযোগিতা সুদৃঢ় কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধ পৰিকৰ।

মোদীয়ে কয় যে, একেৰাহে তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হৈছে তেওঁৰ প্ৰথমটো বিদেশ ভ্রমণ। তেওঁ কয় যে, যোৱা বছৰ ইটালীৰ প্ৰধানমন্ত্রী জিঅ’জিয়া মেলানিৰ ভাৰত ভ্ৰমণে দেশ দুখন মাজৰ দ্বিপাক্ষীক সহযোগিতা আৰু অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছিল। তেওঁ কয় যে এই সন্মিলনৰ সময়ছোৱাত কৃত্রিম বুদ্ধিমত্তা, শক্তি, আফ্রিকা, ভূ-মধ্যসাগৰীয় অঞ্চলৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
28.3 ° C
28.3 °
28.3 °
71 %
2.6kmh
100 %
Fri
28 °
Sat
35 °
Sun
33 °
Mon
25 °
Tue
28 °
SourceAkashvani

More like this

২০১৪ চনত জনসাধাৰণে তেওঁৰ পৰা আশা কৰিছিল আৰু ২০১৯...

প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোডীয়ে কৈছে যে ২০১৪ চনত জনসাধাৰণে তেওঁৰ পৰা আশা কৰিছিল আৰু...

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰধানমন্ত্ৰীকে ধৰি বিভিন্ন ৰাজনৈতিক...

■ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে বুধবাৰে বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰে। এই পৰ্যায়ৰ পৰহিলৈ ১৩ খন...

তৃতীয় পৰ্যায়ত ৰাজ্যত হ’বলগীয়া নিৰ্বাচনৰ অন্তৰ্গত সমষ্টিসমূহৰ জিলাকেইখনত ভোটগ্রহণৰ...

তৃতীয় পৰ্যায়ত ৰাজ্যখনত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমষ্টিসমূহৰ অন্তৰ্গত জিলাকেইখনত ভোটগ্রহণৰ দিনটোত...