22 C
Guwahati

শিক্ষাৰ্থী আৰু মোবাইল গেম ● ড° বুলজিৎ বুঢ়াগোহাঁই

- Advertisement -

মাননীয় সম্পাদক মহোদয়,
শিক্ষাৰ্থীসকলক মোবাইল গেমে বিভিন্ন ধৰণে প্ৰভাব পেলায়। অধিক মবাইল গেম খেলিলে শিক্ষাৰ ফলাফলত নেতিবাচক প্ৰভাৱ পেলায়। শিক্ষাৰ্থীসকলে পঢ়া-শুনাত মনোযোগ দিব নোৱাৰে আৰু পঢ়াৰ সময় কমি যায়। দীঘলীয়া সময় ধৰি মোবাইলৰ স্ক্ৰীন চাওঁতে চকুৰ সমস্যা, মূৰ বিষ আদি স্বাস্থ্য সমস্যাৰ সৃষ্টি হয়। মোবাইল গেমৰ নিচাই শিক্ষাৰ্থীৰ আচাৰ-ব্যৱহাৰত প্ৰভাৱ পেলাব পাৰে। তেওঁলোকে বেছি সময়ৰ বাবে একেলগ থকা বন্ধুসকলৰ সৈতে সময় অতিবাহিত কৰাৰ ইচ্ছা কমাই দিয়ে। অধিক মোবাইল গেম খেলাৰ ফলত শিক্ষাৰ্থীয়ে সামাজিক কার্যকলাপত কম অংশগ্ৰহণ কৰে আৰু মানসিক স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়।

শিক্ষাৰ্থীসকলৰ মোবাইল গেমৰ নিচা দূৰ কৰিবলৈ কিছুমান ব্যৱস্থা গ্রহণ কৰিব পৰা যায় । শিক্ষাৰ্থীসকলেৰ দৈনিক কার্যসূচী সমন্বয় কৰি পঢ়াৰ সময় আৰু বিশ্ৰামৰ সময় সমতা ৰাখিব লাগিব। মোবাইল গেম খেলাৰ বাবে সীমিত সময় নিৰ্ধাৰণ কৰিব লাগিব, যেনে- প্ৰতিদিনে ৩০ মিনিটৰ অধিক হ’ব নোৱাৰিব। মোবাইল গেমৰ বিকল্প কার্যকলাপৰ আয়োজন কৰিব লাগিব। শিক্ষাৰ্থীসকলক খেলাধুলা, ব্যায়াম আৰু অন্যান্য শাৰীৰিক কার্যকলাপত অংশগ্ৰহণ কৰাব লাগিব। সংগীত, নাচ, নাটক আদি সৃজনশীল কার্যকলাপত অংশগ্ৰহণৰ বাবে উৎসাহিত কৰাব লাগিব। মোবাইল গেমৰ নিচাৰ বিপদৰ বিষয়ে শিক্ষাৰ্থী আৰু অভিভাৱকক সচেতন কৰাৰ বাবে শিক্ষানুষ্ঠানত প্ৰশিক্ষণৰ ব্যৱস্থা গ্রহণ কৰিব লাগিব আৰু আলোচনা-চক্র আয়োজন কৰি সচেতনতা আনিব লাগিব। বন্ধুৰ সৈতে বিনোদনমূলক কার্যকলাপত অংশগ্ৰহণৰ সুযোগ দিব লাগিব। এই পদক্ষেপসমূহে শিক্ষাৰ্থীসকলৰ মোবাইল গেমৰ নিচাৰ সমস্যাৰ সমাধানত সহায় কৰিব পাৰে।

ড° বুলজিৎ বুঢ়াগোহাঁই
আজাৰা, গুৱাহাটী -৭৮১০১৭
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
www.buljit.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
20.6 ° C
20.6 °
20.6 °
76 %
0.8kmh
100 %
Fri
21 °
Sat
29 °
Sun
31 °
Mon
32 °
Tue
35 °

More like this

‘হাউলী ৰাস মহোৎসৱ’ৰ শতবর্ষ ✒️ ড° বুলজিৎ বুঢ়াগোহাঁই

মাননীয় সম্পাদক মহোদয়, ৯৬ সংখ্যক হাউলী ৰাস মহোৎসৱৰ স্মাৰক সংকলন ‘মুৰুলী’ৰ সম্পাদকদ্বয় হ’ল- বিতুমণি বৰ্মণ আৰু নীলকমল কলিতা।...

Indulge Your Senses: Experience the Fragrant Joys of Cultivating...

The allure of the beach is irresistible—a captivating blend of soothing waves, warm sand, and the expansive...

প্রাগজ্যোতি – ড° বুলজিৎ বুঢ়াগোহাঁই

‘প্ৰাগজ্যোতি’ হৈছে বিভিন্ন জনকল্যাণমূলক কাৰ্যৰ লগতে ব্যতিক্ৰমী সামাজিক কাম-কাজেৰে নিদৰ্শন দাঙি ধৰি সামাজিক দায়বদ্ধতাৰ পৰিচয় দিয়া বজালী...