21 C
Guwahati

জামছেদপুৰক বিধ্বস্ত কৰি চমকপ্ৰদ প্ৰত্যাৱৰ্তন নৰ্থ ইষ্ট ইউনাইটেডৰ

- Advertisement -

নৰ্থ ইষ্ট ইউনাইটেডঃ ৫ [আলাউদ্দিন ৫, ৯০ মিনিট, পাৰ্থিৱ ৪৪, ৫৫ মিনিট, নিকছন ৮২ মিনিট]
জামছেদপুৰ এফ চিঃ ০

গুৱাহাটীঃ চাৰিখন মেচৰ দুৰ্ভাগ্যৰ অন্ত পেলাই জয়ৰ ছন্দলৈ উভতিছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি৷ গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত একাদশ ইণ্ডিয়ান ছুপাৰ লীগ [আই এছ এল]ৰ শনিবাৰে অনুষ্ঠিত প্ৰথম মেচত গুৱাহাটীৰ দলটোৱে ৫-০ গলত পৰাস্ত কৰে জামছেদপুৰ এফ চিক৷

উল্লেখ্য যে গৃহ ষ্টেডিয়ামত চলিত ছিজনত নৰ্থ ইষ্ট ইউনাইটেডৰ এয়া প্ৰথম জয়ৰ সফলতা৷ দলৰ এই চমকপ্ৰদ জয়ৰ নায়ক হ’ল অসম সন্তান পাৰ্থিৱ গগৈ আৰু মৰক্কোৰ তাৰকা আলাউদ্দিন আজাৰাই৷ উভয়ে দুটাকৈ গল কৰাৰ বিপৰীতে আনটো গল কৰে নিকছনে৷

পূৰ্বৰ হতাশা পাহৰি আত্মবিশ্বাসৰে খেলিবলৈ আৰম্ভনি কৰা নৰ্থ ইষ্ট ইউনাইটেডক খেলৰ পাঁচ মিনিটতে গল কৰি অগ্ৰগতি দিয়ে আলাউদ্দিনে৷ ক্ৰমাগত প্ৰথম ছখন মেচত গল কৰাৰ গৌৰৱ যাত্ৰা অব্যাহত ৰাখিলে আজাৰায়ে৷ ইফালে, ২৯ মিনিটত জামছেদপুৰৰ ষ্টিফেনে ৰঙা কাৰ্ড হোৱাত দল বিপদত পৰে৷ ইয়াৰ সুযোগ লৈয়ে প্ৰথমাৰ্ধৰ পূৰ্বে নৰ্থ ইষ্ট ইউনাইটেডৰ অগ্ৰগতি ২-০ কৰে অসম সন্তান পাৰ্থিৱ গগৈ [৪৪ মিনিট]য়ে৷

দ্বিতীয়াৰ্ধৰ খেল আৰম্ভ হোৱাত পাৰ্থিৱে [৫৫ মিনিট] দ্বিতীয়টো গল কৰি দলৰ জয় নিশ্চিত কৰি দিয়ে৷ অন্তিম দহ মিনিটত নৰ্থ ইষ্ট ইউনাইটেডে আৰু দুটা গল কৰিবলৈ সক্ষম হয়৷ ৮২ মিনিটত নিকছনে গল কৰি ব্যৱধান ৪-০ কৰাৰ পাছত আলাউদ্দিনে ৯০ মিনিটত দ্বিতীয়টো গল কৰিবলৈ সক্ষম হয়৷

ডুৰাণ্ড কাপৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেডে ছখন মেচ খেলাৰ পাছত আঠ পইণ্ট লাভ কৰিলে৷ উল্লেখ্য যে দলে এখন মেচত জয় অৰ্জন কৰাৰ পাছত¸ দুখনকৈ মেচত পৰাজয় তথা ড্ৰ খেলিছিল৷ আজিৰ চমকপ্ৰদ জয়ে দলক পুনৰ লীগলৈ শক্তিশালী প্ৰত্যাৱৰ্তন কৰালে৷ নৰ্থ ইষ্ট ইউনাইটেডৰ বাবে আশাৰ খবৰ হ’ল দলে আটাইকেইখন মেচতে প্ৰথমে গল কৰাৰ পৰম্পৰা অব্যাহত ৰাখিছে৷

ইফালে, জামছেদপুৰ দলৰ আত্মবিশ্বাস তুংগত আছিল যদিও আজি ছন্দ বিচাৰি নাপালে৷ দহজনৰে খেলিব লগা হোৱাত দলে আক্ৰমণ কৰিবলৈ সক্ষম নহ’ল৷ পূৰ্বৰ পাঁচখন মেচৰ চাৰিখনতে জয়লাভ কৰি বাৰ পইণ্টৰে তালিকাৰ দ্বিতীয় স্থানত আছিল দল৷ গুৱাহাটীত দলে ছিজনৰ দ্বিতীয় পৰাজয়ৰ সন্মুখীন হ’ল৷

উল্লেখযোগ্য যে নৰ্থ ইষ্ট ইউনাইটেডে লীগৰ পৰৱৰ্তী মেচখনো ঘৰত খেলিব৷ অহা তিনি নৱেম্বৰত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত আবেলি পাঁচ বজাত হ’বলগা মেচত দলে ওড়িছা এফ চিৰ বিৰুদ্ধে খেলিব৷

ইফালে, জামছেদপুৰ এফ চিয়েও লীগৰ পৰৱৰ্তী মেচখন ঘৰত খেলিব৷ অহা চাৰি নৱেম্বৰত জামছেদপুৰৰ টাটা ক্ৰীড়া প্ৰকল্পৰ ষ্টেডিয়ামত হ’বলগা মেচত দলে চেন্নাইয়ান এফ চিৰ মুখামুখি হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
30 ° C
30 °
30 °
28 %
0.5kmh
72 %
Fri
34 °
Sat
31 °
Sun
30 °
Mon
30 °
Tue
35 °

More like this

ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ সাঁতোৰ চেম্পিয়নশ্বিপত অসম মাষ্টাৰ্ছ সাঁতোৰবিদসকলৰ পদক অৰ্জন

ভূপালত সদ্য সমাপ্ত ২০তম ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ সাঁতোৰ চেম্পিয়নশ্বিপত অসম দলে আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াই পাঁচটা পদক লাভ কৰিবলৈ...

Kaziranga Heroes clinches ACA T-20 Challengers Trophy 2024

In a thrilling final showdown at the Assam Cricket Association Stadium in Guwahati on Tuesday, the Kaziranga...

আই টি এফ জুনিয়ৰ আন্তৰ্জাতিক টেনিছৰ সফল সামৰণি

আমেৰিকাৰ ইজিয়ান আৰু ভাৰতৰ ঋষিতা ল’ৰা-ছোৱালীৰ চেম্পিয়ন গুৱাহাটীঃ সদৌ অসম টেনিছ সন্থাই সৰ্বভাৰতীয় টেনিছ সংন্থাৰ সহযোগত গুৱাহাটীত আয়োজন...