22 C
Guwahati

অসম পৰ্যটন উদ্যোগত নতুন আশাৰ ৰেঙনি: কানাডাৰ প্ৰতিস্থানৰ ‘উভচৰী বিমান’ (seaplane)-ৰ প্ৰদৰ্শনী মুলক উৰণত অংশগ্ৰহণ কৰে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই

- Advertisement -

গুৱাহাটীঃ আজি মেছাৰ্ছ ডি হেভিলেণ্ড কানাডা আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ যৌথ উদ্যোগত অসমত প্ৰথমবাৰৰ বাবে আয়োজিত পৰীক্ষামূলক ‘উভচৰী বিমান’ (seaplane)-ৰ উৰণ প্ৰদৰ্শনীত পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অংশগ্ৰহণ কৰে।

যাতায়ত তথা পৰ্যটনৰ ক্ষেত্ৰত যুগান্তকাৰী সংযোজনৰ আশা প্ৰদান কৰা সামুদ্ৰিক বিমানখনে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা পুৱা উৰণ আৰম্ভ কৰে আৰু আকাশত কিছু সময় থকাৰ অন্তত গুৱাহাটী পাণ্ডু ঘাটত ব্ৰহ্মপুত্ৰৰ বুকুত সফল অৱতৰণ কৰে।

উৰণ সম্পন্ন কৰি মন্ত্ৰী জয়ন্ত মল্লৱৰুৱাই সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে, “সামুদ্ৰিক বিমানৰ এই উৰণ অতিকৈ চমকপ্ৰদ আছিল। এই বিমানৰ সংযোজনে অসমৰ পৰিবহণ তথা পৰ্যটনৰ ক্ষেত্ৰত এক যুগান্তকাৰী সংযোজন হিচাপে পৰিগণিত হ’ব। আমি আশাবাদী যে, অহা ছয় মাহৰ পৰা একবছৰৰ ভিতৰত আমি ছিপ্লেন অসমৰ পৰিবহণ তথা পৰ্যটনৰ ক্ষেত্ৰত কাৰ্যকৰী কৰাৰ বাবে সকলো কাৰ্য সম্পন্ন কৰিব পাৰিম।”

মন্ত্ৰী গৰাকীয়ে জনাই যে সাধাৰণতে ভাৰতবৰ্ষত সামুদ্ৰিক বিমান আজিলৈকে সাগৰতহে ব্যৱহাৰ কৰা হৈছিল, আৰু আজি প্ৰথমবাৰৰ বাবে অসমত ব্ৰহ্মপুত্ৰ নদীত সামুদ্ৰিক বিমানৰ উৰণ পৰীক্ষণ কৰাটো এক অন্যতম ঐতিহাসিক মূহূৰ্ত।

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অসমৰ বৰ্দ্ধিত পৰ্যটন উদ্যোগৰ সম্ভাৱনাক ব্যক্ত কৰি উল্লেখ কৰে যে অসম নদী জলাশয়েৰে ভৰপূৰ গতিকে প্ৰতিখন পৰ্যটন স্থলী যেনে কাজিৰঙা, উমৰাংছু, পবিতৰা আদি স্থানসমূহত ছিপ্লেনৰ সংযোজনে বিভিন্ন পৰ্যটকৰ বাবে পৰিবহন সুচল কৰিব আৰু কম পৰিচিত পৰ্যটনস্থলীসমূহো উদঘাটন কৰাত সহায়ক হিচাপে বিবেচিত হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
20.6 ° C
20.6 °
20.6 °
76 %
0.8kmh
100 %
Fri
21 °
Sat
29 °
Sun
31 °
Mon
32 °
Tue
35 °

More like this

How Biometrics May Be Key In Reducing The Hassles...

Luxury travel is back. The pandemic-weary population is emerging from lockdowns with the goal of relaxing and...

The Ultimate Napa Valley Tour: Eat and Drink With...

Luxury travel is back. The pandemic-weary population is emerging from lockdowns with the goal of relaxing and...

5 Portable Wi-Fi Hotspots That Will Keep You Connected...

Luxury travel is back. The pandemic-weary population is emerging from lockdowns with the goal of relaxing and...