23 C
Guwahati

গুজৰাটৰ গোধৰা কাণ্ডক লৈ ‘দ্য সবৰমতী ৰিপ’ৰ্ট’

- Advertisement -

গুৱাহাটীঃ গুজৰাটৰ গোধৰা কাণ্ডক লৈ শেহতীয়াকৈ মুক্তি পাইছে বিক্ৰান্ত মেছিৰ বলিউড ছবি ‘দ্য সবৰমতী ৰিপ’ৰ্ট’। দেশৰ আটাইতকৈ বেদনাদায়ক ঘটনা গোধৰা কাণ্ডৰ আধাৰত নিৰ্মিত এই ছবিখন। ছবিখন মুক্তিৰ পিছতে দেশজুৰি যথেষ্ঠ চৰ্চা লাভ কৰিছে। শেহতীয়াকৈ এই ছবিখনক দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে যথেষ্ট প্ৰশংসা কৰিছে। ইয়াৰ উপৰিও দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলেও ‘দ্য সবৰমতী ৰিপ’ৰ্ট’ক প্ৰশংসা কৰিছে। লগতে বিভিন্ন ৰাজ্যত ইয়াক কৰমুক্ত কৰাৰ কথাও ঘোষণা কৰিছে।

সেয়েহে দেশৰ সমান্তৰালকৈ চৰ্চিত চিনেমাখন চাবলৈ আজি মহানগৰীৰ পাঞ্জাবাৰী স্থিত আইদেউ চিনেমা হলত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে ভাৰতীয় জনতা পাৰ্টীৰ কেইবাগৰাকীও নেতা কৰ্মীয়ে। ছবিখন উপভাগ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে এই ছবিখন গুজৰাটৰ অমানৱীয় হত্যাকাণ্ডৰ ওপৰত প্ৰস্তুত কৰা হৈছে। এই বোলছবি খন সৰ্বসাধাৰণ লোকে চাব লাগে, কাৰণ এই ঘটনাৰ পিছতেই গোটেই দেশত সাম্প্ৰদায়িক অশান্তিৰ সৃষ্টি হৈছিল৷ ইয়াৰ আঁৰত কোন চক্ৰ জৰিত হৈ আছিল সেয়া দেখুওৱা হৈছে। সেয়েহে সকলোকে ছবিখন চাবলৈ অনুৰোধ জনাইছোঁ।

উল্লেখ্য যে ১৫ নৱেম্বৰত ছবিগৃহত মুক্তি পাইছে ‘দ্য সাবৰমতী ৰিপ’ৰ্ট’। ছবিখন মুক্তিৰ পিছতে দেশজুৰি যথেষ্ঠ চৰ্চা তথা বিতৰ্ক লাভ কৰিছে। বিক্ৰান্ত মেছী, ৰাশি খান্না আৰু ৰিদ্ধি ডোগ্ৰাই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ২০০২ চনৰ ২৭ ফেব্ৰুৱাৰীত গোধৰা কাণ্ডৰ আধাৰত নিৰ্মান কৰা হৈছে ছবিখনৰ কাহিনীভাগ। সেই সময়তে সবৰমতী এক্সপ্ৰেছৰ এটা ডবাত একাংশ লোকে অগ্নিসংযোগ কৰে। এই কৰুণ ঘটনাত ৫৯ জন লোকৰ মৃত্যু হৈছিল। এই দুৰ্ঘটনাৰ পিছত সাম্প্ৰদায়িক হিংসাৰ সূচনা হয়। এই সমগ্ৰ ঘটনাৰ আধাৰত নিৰ্মাণ কৰা হৈছে ছবিখন।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
20.9 ° C
20.9 °
20.9 °
70 %
0.7kmh
0 %
Fri
25 °
Sat
24 °
Sun
24 °
Mon
24 °
Tue
24 °

More like this

আখৰাৰ বাবে সাজু থিয়েটাৰ হিমাদ্ৰী

  আখৰাৰ বাবে সাজু থিয়েটাৰ হিমাদ্ৰী নাট্যপ্ৰেমী দৰ্শক ৰাইজৰ মৰম আৰু আশীৰ্বাদ বিচাৰি সম্পূর্ণ এটা বছৰ বিৰতিৰ পিছত আখৰা...

অসম, মেঘালয় চৰকাৰে ডিচেম্বৰৰ শেষৰ ফালে ৬টা অঞ্চল আন্তঃৰাজ্যিক...

■ গুৱাহাটীঃ অসম আৰু মেঘালয় চৰকাৰে মঙলবাৰে ঘোষণা কৰে যে, চৰকাৰে চলিত বৰ্ষৰ শেষৰ ফালে কমেও ৬টা...

ট্ৰেণ্ডিং গীতত অদ্ভুত ভঙ্গীত শিল্পা চেট্টীৰ নৃত্যঃ ভিডিঅ’ ভাইৰেল...

■ এতিয়া ডিজিটেল মাধ্যমৰ যোগ। আপুনি চিনাকি-অচিনাকি যিকোনো লোকৰ বাবে হঠাৎ অধিক পৰিচিত হৈ পৰিব পাৰে কেৱল...