23 C
Guwahati

অসম মিত্ৰজোটৰ প্ৰতিক্ৰিয়াঃ ‘উপনিৰ্বাচনৰ ফলাফলে প্ৰমাণ কৰিলে ঐক্যবদ্ধতাৰ বিকল্প নাই’

- Advertisement -

গুৱাহাটীঃ “অসমৰ ৫টা বিধান সভা সমষ্টিৰ উপনিৰ্বাচনৰ ফলাফলে প্ৰমাণ কৰে যে ভৱিষ্যতলৈ বিজেপি মিত্ৰশক্তিক পৰাজিত কৰিবলৈ হ’লে বিজেপি বিৰোধী শক্তিসমূহৰ ঐক্যবদ্ধতাৰ বিকল্প নাই।” – এই মত অসম সন্মিলিত মৰ্চা চমুকৈ অসম মিত্ৰজোটৰ।

মিত্ৰজোটৰ সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে আজি এক প্ৰেছ বিজ্ঞপ্তিত কয়, “আজি ভোট গণনা হোৱা অসমৰ বিহালী, চামগুৰি, বঙাইগাঁও, চিদলী আৰু ধলাই বিধান সভা সমষ্টিৰ উপনিৰ্বাচনৰ ফলাফল গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ ৰাজনীতিৰ বাবে শুভলক্ষণ নহয় যদিও ৰাইজৰ মতামতক সন্মান জনোৱাৰ গণতান্ত্ৰিক নিয়ম অনুসৰি আমি পাঁচোগৰাকী বিজয়ী প্ৰাৰ্থীক অভিনন্দন জনাইছো।”

ভূঞা আৰু গগৈয়ে বিবৃতিটোত কয় যে উপনিৰ্বাচন সন্দৰ্ভত ৰাইজৰ মতৰ পূৰ্বানুমান কৰিয়েই অসম মিত্ৰজোটে আৰম্ভণিৰে পৰা ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পোষকতা কৰিছিল – যিটো কংগ্ৰেছ দলে উপলব্ধি নকৰিলে। আজিৰ ফলাফলত তাৰেই প্ৰতিফলন ঘটা বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয় যে অসম মিত্ৰজোটে অনাগত দিনত ঐক্যবদ্ধতাৰে বিজেপি বিৰোধী ৰাজনৈতিক যুঁজখন আগবঢ়াই লৈ যাব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
20.9 ° C
20.9 °
20.9 °
70 %
0.7kmh
0 %
Fri
25 °
Sat
24 °
Sun
24 °
Mon
24 °
Tue
24 °

More like this

২০১৪ চনত জনসাধাৰণে তেওঁৰ পৰা আশা কৰিছিল আৰু ২০১৯...

প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোডীয়ে কৈছে যে ২০১৪ চনত জনসাধাৰণে তেওঁৰ পৰা আশা কৰিছিল আৰু...

ৰাজ্যৰ ৫ বিধানসভা সমষ্টিত উপ-নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ...

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰ কৰি...

ৰকিবুল হুছেইন গব্বৰ, ভিলেইন, HERO কেতিয়াও হ’ব নোৱাৰেঃ বিশ্বজিৎ...

চামগুৰিত যোৱা ২৩ বছৰত বিধ্বস্ত ৰূপ দেখিছোঁ৷ বাট পথৰ একো কামেই নকৰিলে ৰকিবুল হুছেইনে৷ নিৰ্বাচনত হাৰিলে ৰকিবুলে...