22 C
Guwahati

পৰ্বতঝোৰাৰত বাল্য বিবাহ, মদ, ড্ৰাগছ, গাঞ্জা, আদি নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সভা

- Advertisement -

বিলাসীপাৰা সমজিলাৰ পৰা আলী আজাত ইছলামঃ
পৰ্বতঝোৰাৰ বগৰিবাৰী আৰক্ষীৰ সহযোগত ৰাজাপাৰা প্ৰথম খণ্ড গাঁৱৰ গাওঁ আৰক্ষী বাহিনীৰ উদ্যোগত বাল্য বিবাহ, মদ, ড্ৰাগছ, গাঞ্জা, জুৱা, শিশু-নিৰ্যাতন আদিৰ লগতে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সভা আয়োজন কৰে। উক্ত সভাত পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী আৰক্ষী বিষয়াই ৰাইজক ধঁপাত তথা ড্ৰাগচৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি যুৱ প্ৰজন্মৰ বাবে সজাগতামূলক ভাষণ প্ৰদান কৰে।

এই সজাগতামূলক অনুষ্ঠানত ৰাইজক মদখোৱা, গাঞ্জাখোৱা, জুৱা, শিশু নিৰ্যাতন, বাল্যবিবাহ আৰু ড্ৰাগচমুক্ত সমাজ গঢ়ি তুলিবলৈ আহ্বান জনায়। উক্ত কাৰ্যসূচীত উপস্থিত থাকে বগৰীবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, সমাজ কৰ্মী সেখ মুনছুৰ আলী, সমাজ সেৱক নুৰ ইছলাম মণ্ডল, বিভিন্ন দল সংগঠনৰ নেতা-কৰ্মী, গাওঁ আৰক্ষী বাহিনীৰ সদস্য, সদস্যা সকলৰ লগতে অঞ্চলটোৰ সচেতন ৰাইজৰ লগতে বহুত গণ্য মান্য ব্যক্তিয়ে সজাগতা সভাৰ অনুষ্ঠানত অংশগ্ৰহন কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
20.6 ° C
20.6 °
20.6 °
76 %
0.8kmh
100 %
Fri
21 °
Sat
29 °
Sun
31 °
Mon
32 °
Tue
35 °

More like this

নলবাৰীত বাসনা সাহিত্য গোষ্ঠীৰ বাৰ্ষিক অধিৱেশন সম্পন্ন

‘বাসনা সাহিত্য গোষ্ঠী অসমৰ লেখত ল’ব লগা অনুষ্ঠান’-মনীষা শৰ্মা নলবাৰীঃ অসমৰ আগশাৰীৰ সাহিত্য-সংস্কৃতিমূলক অনুষ্ঠান বাসনা সাহিত্য গোষ্ঠীৰ...

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন আৰম্ভ

যোৰহাট জিলাৰ ম’হবন্ধাৰ এৰালতলী পথাৰত ৪ দিনীয়া কাৰ্যসূচীৰে আয়োজিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি...

বিলাসীপাৰাৰ ২২ গৰাকী হজ যাত্ৰীয়ে উমৰাহ হজৰ বাবে কাৱা...

বিলাসীপাৰাৰ ২২ গৰাকী হজ যাত্ৰীয়ে উমৰাহ হজৰ বাবে কাৱা শ্বৰীফলৈ ৰাওনা ◻️ বিলাসী পাৰা আনন্দ নগৰ বাঙালীপাৰা গাওঁ...