16 C
Guwahati

ছিজনৰ প্ৰথম জয় ইষ্ট বেংগলৰ, প্ৰথমবাৰৰ বাবে গল কৰাত বিফল নৰ্থ ইষ্ট ইউনাইটেড

- Advertisement -

ইষ্ট বেংগল এফ চিঃ ১ [ডিমিট্ৰিয়াছ ২৩ মিনিট]
নৰ্থ ইষ্ট ইউনাইটেডঃ ০

ক্ৰমাগত চাৰিখন মেচত অপৰাজেয় যাত্ৰা অব্যাহত ৰখা নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগৰ আজি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত খেলা মেচত ঘৰুৱা দল ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে একামাত্ৰ গল পৰাস্ত হয়৷ উল্লেখ্য যে এয়া ইষ্ট বেংগলৰ ছিজনৰ প্ৰথমটো জয়৷

Guillermo Fernandez Hierro of NorthEast United FC and Lalchungnunga of East Bengal FC during match 56 between East Bengal FC and NorthEast United FC of the Indian Super League (ISL) 2024-25 season held at the Vivekananda Yuba Bharati Krirangan in Kolkata, on 29th November 2024.
Dipayan Bose/Focus Sports/ FSDL
Jthin M.S of NorthEast United FC during match 56 between East Bengal FC and NorthEast United FC of the Indian Super League (ISL) 2024-25 season held at the Vivekananda Yuba Bharati Krirangan in Kolkata, on 29th November 2024.
Dipayan Bose/Focus Sports/ FSDL

নৰ্থ ইষ্ট ইউনাইটেডৰ ৰণনীতিক প্ৰত্যাহ্বান জনোৱাৰ লক্ষ্যৰে ইষ্ট বেংগল দলে খেলৰ আৰম্ভনিতে আক্ৰমণ কৰিবলৈ লয়৷ প্ৰথম দহ মিনিটৰ ভিতৰত দলে দুবাৰকৈ গল কৰাৰ সুযোগ পাইছিল যদিও গলৰক্ষক গুৰমীট সিঙে নৰ্থ ইষ্ট ইউনাইটেডক ৰক্ষা কৰে৷ কিন্তু ডিমিট্ৰিয়াছৰ নিভুল শ্বটৰ সন্মুখত ৰক্ষা নপৰিল নৰ্থ ইষ্ট ইউনাইটেড৷ খেলৰ ২৩ মিনিটত মেচত গ্ৰীকৰ অভিজ্ঞ ষ্ট্ৰাইকাৰজনৰ গলেৰে মেচত অগ্ৰগতি লয় ইষ্ট বেংগলে৷

অৱশ্যে ইয়াৰপূৰ্বে গল কৰাৰ সুযোগ পাইছিল নৰ্থ ইষ্ট ইউনাইটেডেও৷ বাৰ মিনিটত গলৰক্ষকবিহিন ইষ্ট বেংগলৰ পষ্টৰ সন্মুখত বল লাভ কৰাৰ পাছতো দলক প্ৰথমে অগ্ৰগতি দিবলৈ সক্ষম নহ’ল অসম সন্তান পাৰ্থিৱ গগৈয়ে৷ আনহাতে, নৰ্থ ইষ্ট ইউনাইটেডৰ মৰক্কোৰ তাৰকা আজাৰায়ে মৰা দৰ্শনীয় হেড ঘৰুৱা দলটোৰ পষ্টত লগাত প্ৰথমাৰ্ধত গুৱাহাটীৰ দলটোৱে সমতা স্থাপন কৰিব নোৱাৰিলে৷

 

দ্বিতীয়াৰ্ধত পৰ্থিৱৰ স্থানত প্ৰশিক্ষক জুৱান পেড্ৰ’ বেনালিয়ে গুইলেৰ্মো ফাৰ্ণাণ্ডেজক সুযোগ দিয়ে৷ কিন্তু আক্ৰমণ তীব্ৰ কৰিলেও গল কৰাত বিফল হয় পৰিবৰ্তীত খেলুৱৈগৰাকীৰ লগতে মিঠু আৰু আজাৰায়ে৷ খেলৰ ৭২ মিনিটত নৰ্থ ইষ্ট ইউনাইটেডৰ মহম্মদ আলীক দ্বিতীয় হালধীয়া কাৰ্ড দেখুৱাই ৰেফাৰীয়ে খেলপথাৰ ত্যাগৰ নিৰ্দেশ দিয়ে৷

ইয়াৰ পাছতে গুৱাহাটীৰ দলটোৰ শক্তি হ্ৰাস পায়৷ ইফালে, ৮৭ মিনিটত ইষ্ট বেংগলৰ চুংনুংগায়ো দুখন হালধীয়া কাৰ্ড পোৱাৰ বাবে উভয় দলে দহজনৰে খেলিব লগা হয়৷ উল্লেখ্য যে নৰ্থ ইষ্ট ইউনাইটেডে দহখন মেচৰ চাৰিখনত জয় তথা তিনিখনকৈ মেচত ড্ৰ আৰু পৰাস্ত হৈ ১৫ পইণ্ট লাভৰে তালিকাৰ তৃতীয় স্থানত থাকিল৷

 

চলিত ছিজনত প্ৰথমবাৰৰ বাবে গল কৰাত বিফল হ’ল নৰ্থ ইষ্ট ইউনাইটেড৷ দলে অবিশ্বাস্য সাফল্যৰ দৌৰ বিৰামহীন ৰূপত অব্যাহত ৰাখি লীগত এতিয়ালৈকে হোৱা খেলত সৰ্বাধিক গ’ল কৰিছিল৷

নৰ্থ ইষ্ট ইউনাইটেডে পৰৱৰ্তী মেচখন ঘৰত খেলিব৷ অহা আঠ ডিচেম্বৰত সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত হ’বলগা মেচত দলৰ প্ৰতিদ্বন্দ্বী মোহন বাগান ছুপাৰ জায়েণ্ট৷ উল্লেখ্য যে ইয়াৰপূৰ্বে কলকাতাত খেলা প্ৰথম লেগৰ মেচত মোহন বাগানৰ বিৰুদ্ধে পৰাস্ত হৈছিল নৰ্থ ইষ্ট ইউনাইটেড৷

আনহাতে, ইষ্ট বেংগল এফ চিয়ে অহা ৭ডিচেম্বৰত চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত চেন্নাইয়ান এফ চিৰ বিৰুদ্ধে পৰৱৰ্তী মেচত অংশ ল’ব৷ সাতখন মেচ খেলাৰ পাছত জয়ৰ সোৱাদ পোৱা দলে আত্মবিশ্বাস ঘুৰাই আনিব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
20.9 ° C
20.9 °
20.9 °
70 %
0.7kmh
0 %
Fri
25 °
Sat
24 °
Sun
24 °
Mon
24 °
Tue
24 °

More like this

আই টি এফ জুনিয়ৰ আন্তৰ্জাতিক টেনিছৰ সফল সামৰণি

আমেৰিকাৰ ইজিয়ান আৰু ভাৰতৰ ঋষিতা ল’ৰা-ছোৱালীৰ চেম্পিয়ন গুৱাহাটীঃ সদৌ অসম টেনিছ সন্থাই সৰ্বভাৰতীয় টেনিছ সংন্থাৰ সহযোগত গুৱাহাটীত আয়োজন...

EVsideExploring the World of Medicinal Flowers: How to Grow...

The allure of the beach is irresistible—a captivating blend of soothing waves, warm sand, and the expansive...

ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ সাঁতোৰ চেম্পিয়নশ্বিপত অসম মাষ্টাৰ্ছ সাঁতোৰবিদসকলৰ পদক অৰ্জন

ভূপালত সদ্য সমাপ্ত ২০তম ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ সাঁতোৰ চেম্পিয়নশ্বিপত অসম দলে আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াই পাঁচটা পদক লাভ কৰিবলৈ...