22 C
Guwahati

অপেক্ষা 🖋️ নিৰ্মিতা বৰগোহাঁই

- Advertisement -

অপেক্ষা

🖋️ নিৰ্মিতা বৰগোহাঁই

অভিমান সামৰি
বকুল ফুলৰ মালা গাঁথি
তুমি অহাৰ বাটত
ৰৈ আছিলোঁ মই

বসন্তৰ গানত কুঁহিপাতবোৰ
হালি-জালি নাচিছিল
তুমি আহিলেই দুহাতত
জেতুকাৰ ৰং সনাৰ কথা আছিল

প্ৰেমৰ প্ৰতিশ্ৰুতিৰে এচেৰেঙা ৰ’দত
ৰৈ আছিলোঁ মই
হৃদয়ত সেউজীয়া আঁকি
দুচকুত কাজল সানি

তুমি নহালৈকে ৰৈ আছিলোঁ
ৰিব্‌ৰিব্ বতাহত
মেঘালী চুলি মেলি

সপোনৰ সুহুৰিত সাৰ পাই
তন্দ্ৰাময় ৰাতিৰ এন্ধাৰতো
এগছি বন্তি হৈ
ৰৈ আছিলোঁ তোমাৰ বাবেই…

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
20.6 ° C
20.6 °
20.6 °
76 %
0.8kmh
100 %
Fri
21 °
Sat
29 °
Sun
31 °
Mon
32 °
Tue
35 °

More like this

গছৰ পকা পাতবোৰ, ধুনীয়া ফুলবোৰ ইত্যাদি…

গছৰ পকা পাতবোৰ ধুনীয়া ফুলবোৰ ইত্যাদি গছৰ পকা পাতবোৰ বতাহজাকত গছৰ পকা পাতবোৰ সৰি সৰি শেষ হ’ল এতিয়া দুহাত মেলি গছবোৰে চাই আছে...

কিছু মিঠা প্ৰবঞ্চনাৰে

ৰাধা হৈ তোমাৰ বাঁহীলৈ বাট চোৱাৰ হাহাকাৰ অথবা ঘড়ীৰ কাটাত টোপনি সামৰি ৰখা নিশা কোনোটোৱেই নাছিল আমাৰ প্ৰেমৰ সহচৰ মোৰ কৃষ্ণ! সপোনৰ ঝুলনাত দুলি...

দুঃসময় দিনৰ সংলাপ – পৰী ৰাজখোৱা

দুঃসময় দিনৰ সংলাপ - পৰী ৰাজখোৱা মাজনিশা জিলীকেইজনীয়ে বিনাই কিবা যেন‌ নোপোৱাৰ দুখত। সময়বোৰ অতীত হল‌ অতীতৰ‌ বাবেই আজি তাই এচামৰ বাবে চৰিত্ৰহীনা। বগা...