22 C
Guwahati

বিকাশৰ ১২ দিনঃ বিভিন্ন আঁচনিৰ বঁটা আৰু আর্থিক সাহায্য প্ৰদান

- Advertisement -

ৰাজ্য চৰকাৰৰ বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে শনিবাৰে বিশ্বনাথ, ডিব্ৰুগড় আৰু নগাঁও জিলাত ছাত্ৰ-ছাত্ৰী আৰু হিতাধিকাৰীৰ মাজত বিভিন্ন আঁচনিৰ অধীনত বঁটা প্ৰদান কৰাৰ লগতে আর্থিক সাহায্য প্ৰদান কৰা হয়।

বৰপেটা জিলাত অনুষ্ঠিত বিশেষ কার্যসূচীত পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অংশগ্ৰহণ কৰে। অসমক ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্যত অন্তৰ্ভুক্ত কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বুলি মত প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত চৰকাৰে তেওঁলোকক যথাযুক্ত সহায় আগবঢ়াব বুলি কয়।

নগাঁও জিলাত অনুষ্ঠিত বিশেষ কাৰ্যসূচীত ৰাজহ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ কৰে। নগাঁও চহৰৰ পানীগাঁও চাৰিআলিত আয়োজিত এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে বিভিন্ন হিতাধিকাৰীক মাইক্ৰ‘ফাইনেন্সৰ ঋণ মুক্তিৰ প্ৰমাণপত্ৰ বিতৰণ কৰাৰ লগতে জিলাখনৰ বান ক্ষতিগ্ৰস্ত লোকক আর্থিক সাহায্যৰ চেকসমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰে। তদুপৰি মন্ত্ৰীগৰাকীয়ে আত্মসহায়ক গোটৰ দ্বাৰা পৰিচালিত বিভিন্ন ক্ষুদ্র উদ্যোগসমূহক উদগণিমূলক সাহায্যৰ চেকো বিতৰণ কৰে।

ইফালে লখিমপুৰত আয়োজিত বিকাশৰ ১২ দিন কাৰ্যসূচীত মন্ত্ৰী ৰূপেশ গোৱালাই জিলাখনৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন আঁচনিৰ পুৰস্কাৰসমূহ বিতৰণ কৰে। বিশ্বনাথ জিলাৰ কমলাকান্ত ক্ষেত্ৰত আয়োজিত অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংহলে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। বিভিন্ন আঁচনিৰ বঁটাসমূহ বিতৰণ কৰাৰ লগতে মন্ত্ৰী সিংহলে জিলাখনৰ অভিভাৱক মন্ত্ৰী হিচাপে জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰে। ডিব্ৰুগড় জিলাৰ মানকটা পূজা ফিল্ডত অনুষ্ঠিত বিকাশৰ ১২ দিন কাৰ্যসূচীত শক্তিমন্ত্রী প্রশান্ত ফুকনে অংশগ্ৰহণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
20.6 ° C
20.6 °
20.6 °
76 %
0.8kmh
100 %
Fri
21 °
Sat
29 °
Sun
31 °
Mon
32 °
Tue
35 °

More like this

PPFA demands punishment to J&K murders of teachers

Guwahati: Expressing dismay over the incident of killing two teachers in Jammu & Kashmir, a northeast India-based...

মূৰ্ছনা প্ৰডাকচনৰ উদ্যোগত কন্ঠশিল্পী অৰুণ দাসক স্মৰণ: এলবাম মুকলি

গুনোৎসৱত গোটানগৰ নামবাৰী হাইকুলৰ ‘ এ’ গ্ৰেড লাভ; শিক্ষক – শিক্ষাৰ্থীৰ উৎসাহ ● প্ৰাতঃস্মৰণীয় শিল্পী অৰুণ দাসৰ স্মৃতিত...

আই এ এছ এছ টিত ৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ সজাগতা...

জালুকবাৰীঃ ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনষ্ঠ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অৱ এডভান্স ষ্টাডিজ ইন চায়েন্স...