23 C
Guwahati

পশ্চিম কাৰ্বি আংলংৰ টুংপ্ৰেংত অসম জনজাতি সাংস্কৃতিক মহাসভাৰ সভা সম্পন্ন

- Advertisement -

চৰকাৰে জনজাতিসকলৰ কৃষ্টি-সংস্কৃতি চিৰ যুগমীয়া কৰাৰ প্ৰয়াস কৰিব লাগেঃ দেৱেন্দ্ৰনাথ বসুমতাৰী

আজি পশ্চিম কাৰ্বি আংলং জিলাৰ নৱগঠিত ৰংখাং বিধান সভা সমষ্টিৰ অন্তৰ্গত টুংপ্ৰেংস্থিত বন বিভাগৰ ডাক বাংলাত অসম জনজাতি সাংস্কৃতিক মহাসভাৰ পশ্চিম কাৰ্বি আংলং জিলা সমিতি গঠনৰ উদ্দেশ্যে এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। জিলাখনৰ ভিন ভিন প্ৰান্তৰ কাৰ্বি, ডিমাছা, গাৰো, তিৱা, হাজং,‌বড়ো আদি জনজাতি সাংস্কৃতিক কৰ্মীসকলে অংশগ্ৰহণ কৰা সভাত সভাপতিত্ব কৰে কাৰ্বি কালচাৰেল‌ চোচাইটিৰ প্ৰাক্তন সভাপতি চন্দ্ৰ সিং ক্ৰয়ে। সভাত উদ্দেশ্য ব্যাখ্যা দাঙি ধৰি আহ্বায়ক দিব্যজ্যোতি বৰদলৈয়ে কয়- “পশ্চিম কাৰ্বি আংলং অঞ্চলৰ জনজাতি সাংস্কৃতিক কৰ্মীসকল সৰ্বদিশতে পিছ পৰি আছে।

প্ৰতিভা আছে, বিকাশৰ সুযোগৰ মঞ্চ নাই। প্ৰতিটো জনজাতি সাংস্কৃতিক কৰ্মীসকলক আগবঢ়ায় নিয়াই আমাৰ লক্ষ্য।” সভাত মুখ্য অতিথি হিচাপে অসম জনজাতি সাংস্কৃতিক মহাসভাৰ সভাপতি দেৱেন্দ্ৰনাথ বসুমতাৰীয়ে অংশগ্ৰহণ কৰি কয়- “চৰকাৰে জনজাতিসকলৰ কৃষ্টি-সংস্কৃতি‌ চিৰ যুগমীয়া কৰাৰ প্ৰয়াস কৰিব লাগে। জনজাতি লোকসকলৰ‌ লোক – সংস্কৃতি, লোক বৈভৱ, লোক সম্পদসমূহ অসমীয়া জাতিৰ বৰ ভেটি নিৰ্মাণত মুখ্য ভূমিকা গ্ৰহণ কৰিছে। আমি প্ৰতিটো জনজাতিক বিশ্ব দৰবাৰত উপনিত কৰিব পাৰিব লাগিব।” মুগাচুং ৰাংকে টেৰণ হাইস্কুলৰ প্ৰধান শিক্ষক নৃপেন পাটৰে কয়- “জনজাতিসকলে নিজৰ ভাষা -সংস্কৃতি ৰক্ষাৰ বাবে বহু সংগ্ৰাম কৰিবলগীয়া হয়। জনজাতিসকলে বহু প্ৰলোভনত পৰি কেতিয়াবা বিপথে পৰিচালিত হয়।

সেই ক্ষেত্ৰত আমি যথেষ্ট সচেতন হ’বৰ হ’ল।” তিৱা সাহিত্য সভাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক নৃপেন মশ্ৰংয়ে কয়- প্ৰতিটো জনজাতিৰে খাদ্য ভ্যাস একেই। ভাষা পৃথক, কিন্তু কাম-কাজ একেই। অনুষ্ঠানত অসম সৌৰভ নাদিৰাম দেউৰী, কাৰ্বি কালচাৰেল চোচাইটিৰ উপ-সভাপতি ধনসিং টেৰাং, বহুভাষিক সাহিত্য মঞ্চ, অসম চমুকৈ ‘বহুবাক’ৰ প্ৰধান সম্পাদক দীপক শৰ্মা, ডিমাছা লোকশিল্পী মাণিক হাফলংবাৰ, ছাপেন্দ্ৰ চাংমা,‌ শ্যামল হাজং, অজয় কুমাৰ বড়ো, কুমুদ মিথি প্ৰকৃতিয়ে বক্তব্য দাঙি ধৰে। সভাই সৰ্বসন্মতিক্ৰমে বিমল সিং বেক সভাপতি, মাণিক হাফলংবাৰক উপ-সভাপতি, গোপাল মশ্ৰৰংক সম্পাদক, ধনী চন‌ কামশ্ৰা, মীনা মাৰাকক সহকাৰী সম্পাদক, নিপেন মশ্ৰৰং, সদানন্দ হাজং, ৰমেন বড়ো আৰু দ্বীজেন আমচিক সাংগঠনিক সম্পাদক, কিৰণ পাটৰক প্ৰচাৰ সম্পাদক হিচাপে লৈ পশ্চিম কাৰ্বি আংলং জিলা জনজাতি সাংস্কৃতিক মহাসভা গঠন কৰা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
20.9 ° C
20.9 °
20.9 °
70 %
0.7kmh
0 %
Fri
25 °
Sat
24 °
Sun
24 °
Mon
24 °
Tue
24 °

More like this

উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ টোঘলগী কাণ্ড

■ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ নামভৰ্তিকৰণৰ বাবে কেৱল ৩ দিনৰ সময় নিৰ্ধাৰণ। ■ অনলাইনযোগে নামভৰ্তি প্ৰক্ৰিয়াত কাৰিকৰী বিসংগতি,...

বিশ্বনাথ জিলা আটছা সম্পাদক নিলোৎপল্ ৰবি দাস চাইবাৰ অপৰাধীৰ...

চাইবাৰ অপৰাধীৰ কবলত অসম চাহ জনজাতি ছাত্ৰ সন্থা(আটছা) ৰ বিশ্বনাথ জিলা সমিতিৰ সম্পাদক নিলোৎপল্ ৰবি দাস। তেওঁ...

শুক্ৰাণুৰ আকাৰৰ ওপৰত বিজ্ঞানীৰ ডাঙৰ ৰহস্য সমাধান

মানৱ শৰীৰ এতিয়াও পৃথিৱীৰ সকলোৰে বাবে এক ৰহস্য। গৱেষকসকলে দাবী কৰে যে প্ৰতিটো প্ৰাণীৰ শুক্ৰাণুৰ আকাৰ...