
♦ গুৱাহাটীঃ অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ উদ্যোগত ১৬ নৱেম্বৰত ‘ইণ্ডাষ্ট্ৰী-একাডেমিয়া ইণ্টাৰেক্টিভ চেমিনাৰ (Industry-Academia Interactive Seminar)’ অনুষ্ঠিত হয়।

মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী তথা কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁয়ে আদৰণী ভাষণ আগবঢ়োৱা চেমিনাৰখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে খাদী আৰু গ্ৰাম উদ্যোগ আয়োগ, অসমৰ উপ-মুখ্য কাৰ্যবাহী বিষয়া ড° সুকমল দেৱ।

মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ শিক্ষাৰ্থী আৰু অধ্যাপকসকলে অংশ গ্রহণ কৰা চেমিনাৰখনত ড° সুকমল দেৱে চফ্ট স্কিল আৰু হার্ড স্কিলৰ প্রয়োজনীয়তা বিষয়ে আলোচনা কৰে। তেওঁ ইঞ্জিনিয়াৰিং শিক্ষা গ্রহণ কৰি উদ্যোগী হোৱা সকলৰ উদাৰণ দাঙি ধৰে।

ড° সুকমল দেৱে শিক্ষাৰ্থীসকলক উদ্যোগী হ’ব বাবে আহ্বান জনায়। তেওঁ সফল উদ্যোগী হ’বলৈ আৱশ্যক হোৱা গুণবোৰৰ বিষয়ে উল্লেখ কৰাৰ লগতে উদ্যোগীসকলে নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কর্মসংস্থান দিবলৈ সক্ষম হোৱাৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়। লগতে ড° সুকমল দেৱে শিক্ষাৰ্থীসকলৰ সৈতে মত-বিনিময় কৰে।




