24 C
Guwahati

মূৰ্ছনা প্ৰডাকচনৰ উদ্যোগত কন্ঠশিল্পী অৰুণ দাসক স্মৰণ: এলবাম মুকলি

- Advertisement -

গুনোৎসৱত গোটানগৰ নামবাৰী হাইকুলৰ ‘ এ’ গ্ৰেড লাভ; শিক্ষক – শিক্ষাৰ্থীৰ উৎসাহ

● প্ৰাতঃস্মৰণীয় শিল্পী অৰুণ দাসৰ স্মৃতিত মূৰ্ছনা প্ৰডাকচনচৰ উদ্যোগত আজি আয়োজন কৰা হয় এক স্মৃতি স্বাৰণ অনুষ্ঠানৰ। মহানগৰীৰ হোটেল ব্লু মুনত আয়োজিত অনুষ্ঠানটিৰ আতধৰে সাহিত্য সমালোচক বিপুল শৰ্মাই। প্ৰাচ্য -পাশ্চাত্য সংগীতক দীৰ্ঘসময় ধৰি সাধনা কৰি অহা শিল্পী মিলটন কুঁইৱাৰ আদৰণি ভাষণেৰ আগবঢ়া সভাৰ আৰম্ভণিতে প্ৰতিথযশা শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাপণ আৰু বন্তি প্ৰজ্বলন কৰে সাম্প্ৰতিক সময়ৰ অসমীয়া আধুনিক গীতৰ অভিভাৱক স্বৰূপ কন্ঠশিল্পী জে.পি দাস আৰু শাস্ত্ৰীয় সংগীতৰ সাধক ড° ৰাণু বেশ্যই। অনুষ্ঠানৰ লগত সংগতি ৰাখি আশীৰ দশকতে ড°উমেশ ডেকা আৰু ড°দিনেশ বৈশ্যৰ কথাৰে ৰচিত তিনিটা গীতৰ এলবাম মুকলি কৰা হয়। উল্লেখযোগ্য যে ইয়াৰে শ্ৰদ্ধাঞ্জলি শীৰ্ষক গীতটোত কন্ঠ নিগৰাইছিল সদ্য প্ৰয়াত শিল্পী অৰুণ দাসে। ইপিনে গীত কেইটা মুকলি কৰি স্মৃতিকাতৰ হৈ পৰে শিল্পী জে.পি দাস আৰু ড° ৰাণু বৈশ্য।

একেটা অনুষ্ঠানতে স্তম্ভ লেখক আবৃত্তিকাৰ মৃদুল বৰাই ইংৰাজী অনুবাদ কৰা জে.পি দাসৰ পৰিচয় বিহীন গীতটো লেখকক অৰ্পণ কৰে । প্ৰণিধানযোগ্য যে উক্ত অনুদিত গীতটো সংগীত ৰূপ দিবলৈ অনুষ্ঠানৰ মাজতে অনুমতি প্ৰদান কৰে জে.পি দাসে। ইপিনে দীপক কুমাৰ গগৈ আৰু মিলটন কুঁইৱাৰ ব্যৱস্থা পনাৰে মুকলি কৰা এলবামটি ৰাইজে আকোঁৱালি ল’ব বুলি অনুষ্ঠানৰ শেষত আশা প্ৰকাশ মৃগৰাজ দাসে।

গুৱাহাটী আৰ্টিষ্টছ গীল্ডত মৃদুস্মিতা গোস্বামীৰ উপন্যাস “জীয়া শিল” উন্মোচন

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
32.9 ° C
32.9 °
32.9 °
32 %
1.4kmh
1 %
Sat
34 °
Sun
35 °
Mon
38 °
Tue
39 °
Wed
38 °

More like this

ড০ সঞ্জু বৰুৱালৈ ২০২১ বৰ্ষৰ জাগ্ৰত যুৱ বঁটা

  ড০ সঞ্জু বৰুৱালৈ ২০২১ বৰ্ষৰ জাগ্ৰত যুৱ বঁটা   দিছপুৰ প্ৰেছ ক্লাৱৰ তৰফৰ ২০২১ বৰ্ষৰ "জাগ্ৰত যুৱ বঁটা" প্ৰদান...

সৰুসজাই ষ্টেডিয়ামত আজিৰে পৰা ৩ দিনীয়াকৈ অনুস্থিত প্ৰথম বাৰ্ষিক...

আজি পেৰা খেলৰ শুভাৰম্ভণি কৰে মন্ত্ৰী পিযুষ হাজৰিকাই অনুস্থানত পেৰা খেলুৱৈ সকলে নৃত্য, গীত প্ৰদৰ্শন কৰে ...

অসম ডন বস্ক’ বিশ্ববিদ্যালয়ত অমৃত কাল বিমৰ্শৰ উদযাপন

♦ গুৱাহাটীঃ ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ তৎপৰতাত আৰু ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ প্ৰচেষ্টাত সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা...
Exit mobile version