Home 🌎 অসমঃ বলবলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাম ভৰ্তিৰ নামত ধন সংগ্ৰহঃ গোৱালপাৰা জিলা আমছুৰ তীব্ৰ প্ৰতিবাদ

বলবলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাম ভৰ্তিৰ নামত ধন সংগ্ৰহঃ গোৱালপাৰা জিলা আমছুৰ তীব্ৰ প্ৰতিবাদ

0
বলবলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাম ভৰ্তিৰ নামত ধন সংগ্ৰহঃ গোৱালপাৰা জিলা আমছুৰ তীব্ৰ প্ৰতিবাদ

♦ গোৱালপাৰা জিলাৰ বলবলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্রীৰ নেতৃত্বত নাম ভৰ্তিৰ বাবে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি, বলবলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নতুনকৈ নাম ভৰ্তি কৰিবলৈ অহা ষষ্ঠ শ্রেণীৰ ছাত্র ছাত্রী সকলক অনলাইনত নাম ভৰ্তি কৰিবলৈ নিয়ম বান্ধি দিয়ে বিদ্যালয় খনৰ প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে৷

প্ৰধান শিক্ষয়িত্রী মল্লিকা দাসে বিদ্যালয়ৰ বাহিৰত নিৰ্দিষ্ট কম্পিউটাৰ দোকান এখনত ছাত্র ছাত্রী সকলক অনলাইন আবেদন কৰিবলৈ দি দোকানী জনৰ জৰিয়তে ১৫০ টকা কৈ ভৰ্তি মাচুল সংগ্ৰহ কৰে৷ এই কাৰ্যক অভিভাৱক তথা জিলা আমছুৰ বিষয়ববীয়া সকলে বিৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। আজি উক্ত বিদ্যালয় খনত গোৱালপাৰা জিলা আমছুৰ সভাপতি আনিমুল হক চৌধুৰীৰ নেতৃত্বত এটি সজাতি দল উপস্থিত হৈ ঘটনা সম্পর্কে পৰ্যবেক্ষণ কৰে আৰু ছাত্র ছাত্রী তথা অভিভাৱকৰ সহযোগত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে শিক্ষা মন্ত্রী হায় হায়, বলবলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্রী মল্লিকা দাস হায় হায়, নাম ভৰ্তিৰ নামত ধন সংগ্ৰহ কৰা বন্ধ কৰক, মল্লিকা দাসৰ কমিচন ৰাজ নচলিব ইত্যাদি শ্লোগানেৰে বিদ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি আকাশ বতাহ কঁপাই তোলে। ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত তদন্তৰ দাবী জনাই গোৱালপাৰা জিলা আমছুৱে জিলা উপায়ুক্তৰ কাৰ্যালয়ত চাৰি দফীয়া স্মাৰকপত্র প্ৰদান কৰে।

স্মাৰকপত্রত দোষীক উপযুক্ত শাস্তি প্রদান কৰা, নাম ভৰ্তিৰ নামত লোৱা মাচুল ঘূৰাই দিয়াৰ ব্যৱস্থা কৰা, চৰকাৰী বিদ্যালয় সমূহত বাচি বাচি একাংশ ছাত্র ছাত্রীক নাম ভৰ্তিৰ পৰা বঞ্চিত কৰা কাৰ্য বন্ধ কৰা আৰু বিদ্যালয় সমূহত ছাত্র-ছাত্রী অনুপাতে শিক্ষক নিযুক্তি দিয়াৰ লগতে শ্ৰেণী কোঠাৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰে আমছুৱে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here