Home 💹 অৰ্থনীতিঃ খুচুৰা ব্যৱসায়ীৰ বাবে আনুমানিক কৰ আদায়ৰ সীমা ২ কোটি টকাৰ পৰা ৩ কোটি টকালৈ বৃদ্ধি

খুচুৰা ব্যৱসায়ীৰ বাবে আনুমানিক কৰ আদায়ৰ সীমা ২ কোটি টকাৰ পৰা ৩ কোটি টকালৈ বৃদ্ধি

খুচুৰা ব্যৱসায়ীৰ বাবে আনুমানিক কৰ আদায়ৰ সীমা ২ কোটি টকাৰ পৰা ৩ কোটি টকালৈ বৃদ্ধি

● বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে অন্তৱৰ্তী বাজেট দাখিল কৰিছে। এই বাজেটত প্রত্যক্ষ আৰু পৰোক্ষ কৰৰ হাৰৰ কোনো পৰিবৰ্তন হোৱা নাই। বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে, নতুন কৰ আঁচনিৰ অধীনত এতিয়া ৭ লাখ টকালৈকে উপাৰ্জন কৰা ব্যক্তিসকলক কৰ পৰিশোধৰ আওতাৰ বাহিৰত ৰখা হৈছে। খুচুৰা ব্যৱসায়ীৰ বাবে আনুমানিক কৰ আদায়ৰ সীমা ২ কোটি টকাৰ পৰা ৩ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। বৃত্তিধাৰী লোকসকলৰ বাবে আনুমানিক কৰ আদায়ৰ সীমা ৫০ লাখৰ পৰা ৭৫ লাখলৈ বৃদ্ধি কৰা হৈছে।

বিত্ত মন্ত্ৰীগৰাকীয়ে সাৰ্বভৌম সম্পদ অথবা পেঞ্চন নিধিৰ জৰিয়তে কৰা ষ্টাৰ্ট আপ আৰু বিনিয়োগৰ কৰ সুবিধা বৃদ্ধি কৰাৰ লগতে আই এফ এছ চি কিছু গোটৰ আয়ৰ ওপৰত ২০২৫ চনৰ ৩১ মাৰ্চলৈ কৰ ৰেহাইৰ প্ৰস্তাৱ আগবঢ়াইছে। বিত্ত মন্ত্ৰীগৰাকীয়ে কৈছে যে চৰকাৰে সংসদত অর্থনীতি সন্দৰ্ভত এখন শ্বেতপত্র প্রকাশ কৰিব। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ২০২৪-২৫ বৰ্ষৰ বিত্তীয় ঘাটি মুঠ ঘৰুৱা উৎপাদনৰ ৫.১ শতাংশ হ’ব বুলি অনুমান কৰা হৈছে। শ্রীসীতাৰমণে কয় যে ৰাজ্যসমূহক গুৰুত্বপূৰ্ণ পৰ্যটন কেন্দ্ৰসমূহৰ ব্যাপক উন্নয়ন তথা গোলকীয় পৰ্যায়ত সংবৰ্দ্ধন কৰিবলৈ উৎসাহিত কৰা হ’ব। সুবিধা আৰু সেৱাৰ মানৰ ওপৰত ভিত্তি কৰি এই স্থানসমূহৰ গুৰুত্ব নিৰ্ধাৰণ কৰাৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰা হ’ব। এই উদ্দেশ্যে ৰাজ্যসমূহলৈ দীর্ঘম্যাদী সূতমুক্ত ঋণ প্রদান কৰা হ’ব।

ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ ৰূপায়ণ অব্যাহত আছে বুলি উল্লেখ কৰি শ্ৰীমতী সীতাৰমণে কয় যে শীঘ্ৰে ৩ কোটি বাসগৃহ নিৰ্মাণৰ লক্ষ্যত উপনীত হোৱাটো সম্ভৱ হৈ উঠিব। অহা ৫ বছৰত পুনৰ ২ কোটি বাসগৃহৰ নিৰ্মাণ হ’ব বুলি প্ৰকাশ কৰে। মধ্যবিত্ত পৰিয়ালসমূহৰ বাসগৃহ প্ৰয়োজনীয়তা পূৰণৰ বাবে চৰকাৰে তেওঁলোকক বাসগৃহ ক্ৰয় কৰা তথা নিৰ্মাণ কৰাত সহায় কৰাৰ উদ্দেশ্যে আঁচনি মুকলি কৰিব। ছাদৰ ওপৰত সৌৰশক্তি আহৰণ ব্যৱস্থাৰ জৰিয়তে ১ কোটি পৰিয়ালে প্ৰতিমাহে ৩০০ ইউনিটকৈ বিনামূলীয়া বিদ্যুৎ লাভ কৰিবলৈ সক্ষম হ’ব। তেওঁ লগতে কয় যে জৰায়ুৰ কেন্সাৰ প্ৰতিৰোধৰ বাবে চৰকাৰে ৯ ৰ পৰা ১৪ বছৰৰ মহিলাসকলক প্রতিষেধক প্ৰদানৰ বাবে উৎসাহিত কৰিব। মাতৃ আৰু শিশুৰ যত্নৰ বাবেও বিভিন্ন আঁচনি ৰূপায়ণ কৰা হ’ব।

বিভিন্ন বিভাগৰ অধীনত বৰ্তমানৰ চিকিৎসা আন্তঃগাঁথনি ব্যৱহাৰৰ জৰিয়তে অধিক চিকিৎসা মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনা কৰা হৈছে। বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে সামগ্ৰী আৰু সেৱা কৰে এখন ৰাষ্ট্ৰ, এখন বজাৰ, একে কৰ নীতি সফল কৰাত অৰিহণা যোগাইছে। তেওঁ কয় যে বিত্তীয় খণ্ড শক্তিশালী কৰাৰ জৰিয়তে সঞ্চয় ঋণ তথা বিনিয়োগৰ ক্ষেত্ৰত সহায় হৈছে। বিত্ত মন্ত্ৰীগৰাকীয়ে কয় শেহতীয়াকৈ ঘোষিত ভাৰত-মধ্য প্রাচ্য ইউৰোপ অর্থনৈতিক ক’ৰিডৰে ভাৰত তথা অন্যান্য দেশসমূহৰ বাবে অর্থনৈতিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।

সীতাৰমণে কয় যে বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ অৰ্থ হৈছে প্ৰকৃতিৰ সৈতে সামঞ্জস্যপূর্ণভাৱে আধুনিক আন্তঃগাঁথনিৰে সমৃদ্ধ ভাৰত গঢ়ি তোলাৰ লগতে দেশৰ সকলো নাগৰিক আৰু অঞ্চলৰ বাবে সমান সুবিধা আগবঢ়োৱাৰ জৰিয়তে সম্ভাৱনাৰ বিকাশ কৰা। চৰকাৰে সকলোৰে বাবে সমান সুবিধা সৃষ্টি, উৎপাদশীলতা তৰান্বিত কৰা, সৰ্বাত্মক আৰু বহনক্ষম উন্নয়ন সম্ভৱ কৰা তথা বিকাশ তৰান্বিত কৰিব পৰা অৰ্থনৈতিক নীতি গ্রহণ কৰিব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰতিষেধক ব্যৱস্থাপনৰ বাবে নতুনকৈ ৰূপাংকন কৰা ইউ য়ুইন মঞ্চ তথা মিছন ইন্দ্ৰধনুষ সমগ্ৰ দেশতে প্ৰৱৰ্তন কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হ’ব। কর্মক্ষমতা আৰু অগ্ৰগতিৰ শক্তিশালী তথা উল্লেখনীয় কাম-কাজৰ জৰিয়তে লাভ কৰা বিশ্বাসৰ সহায়ত সমাগত ৫ বছৰত অভূতপূর্ব উন্নয়ন হোৱাৰ লগতে ২০৪৭ চনত উন্নত ভাৰত গঢ়ি তোলাৰ বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত এই সময়ছোৱাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ উল্লেখ কৰে। বিত্ত মন্ত্ৰীগৰাকীয়ে সকলো আশাকর্মী তথা অংগনবাড়ী কৰ্মী আৰু সহায়কক আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত সামৰি লোৱা হ’ব বুলি উল্লেখ কৰে। দুগ্ধ ব্যৱসায়ীসকলৰ উন্নয়নৰ বাবে বিস্তৃত খচৰা প্ৰস্তুত কৰা হ’ব বুলি বিত্ত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

ৰে’ল বিভাগত তিনিটা মুখ্য অর্থনৈতিক কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে যাত্ৰীসকলৰ ভ্ৰমণ সুচলতা তথা সুৰক্ষা আৰু সুবিধাৰ বাবে ৪০ হাজাৰ সাধাৰণ ৰে’লৰ ডবাক বন্দে ভাৰত পৰ্যায়ৰ মানসম্পন্ন কৰি গঢ়ি তোলা হ’ব। ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰিব লগীয়া সংস্কাৰমূলক কাৰ্যসূচীৰ প্ৰতি সমর্থন হিচাপে চৰকাৰে ৭৫ হাজাৰ কোটি টকাৰ সূত মুক্ত ঋণ প্ৰদানৰ প্ৰস্তাৱ আগবঢ়াইছে। প্রধানমন্ত্রী জন ধন একাউণ্টলৈ ৩৪ লাখ কোটি টকাৰ প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে চৰকাৰে ২.৭ লাখ কোটি টকা সঞ্চয় কৰিবলৈ সক্ষম হৈছে বুলি বিত্ত মন্ত্ৰীগৰাকীয়ে সদৰী কৰে। পি এম স্ব-নিধি যোজনাৰ সহায়ত ৭৮ লাখ পদপথৰ ব্যৱসায়িক ঋণ প্ৰদান কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে।

12 / 100

LEAVE A REPLY

Please enter your comment!
Please enter your name here