গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া (Google CEO)চিইঅ’ সুন্দৰ পিচাইৰ বিৰুদ্ধে এজাহাৰ দাখিল, ইউটিউবত কপিৰাইট উলংঘনৰ বাবে আন ৫ জনৰ বিৰুদ্ধে এজাহাৰ

- Advertisement -
  • চলচ্চিত্ৰ পৰিচালক সুনীল দৰ্শনে তেওঁৰ অভিযোগত উল্লেখ কৰিছে যে গুগলে অননুমোদিত ব্যক্তিসকলক তেওঁৰ ছবি ‘এক হাছিনা থি এক দিৱানা থা’ ইউটিউবত আপলোড কৰিবলৈ অনুমতি দিছিল।
  • মুম্বাই আৰক্ষীয়ে জনাইছে যে গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে।
EK HASEENA THI EK DEEWANA THA TITLE SONG | NADEEM | YASEER DESAI | SUPERHIT  SONG | HD HINDI - YOUTUBE
FILE PHOTO

♦ মুম্বাইঃ মুম্বাই আৰক্ষীয়ে বুধবাৰে গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া (Google CEO) সুন্দৰ পিচাই আৰু কোম্পানীটোৰ আন পাঁচজন বিষয়াৰ বিৰুদ্ধে কপিৰাইট আইন উলংঘনৰ গোচৰ ৰুজু কৰিছে। মুম্বাই আৰক্ষীয়ে জনোৱা মতে, ‘এখন আদালতৰ নিৰ্দেশত গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাই আৰু কোম্পানীৰ আন ৫ জন বিষয়াৰ বিৰুদ্ধে কপিৰাইট আইন উলংঘনৰ বাবে গোচৰ ৰুজু কৰা হৈছে।’

IT'S TIME TO DELETE THE SCARY AMOUNT OF DATA GOOGLE HAS ON YOU - CNET
FILE PHOTO

চলচ্চিত্ৰ পৰিচালক (Suneel Darshan)সুনীল দৰ্শনে তেওঁৰ অভিযোগত উল্লেখ কৰি কৈছে যে, গুগলে অননুমোদিত ব্যক্তিসকলক তেওঁৰ ছবি ‘এক হাছিনা থি এক দিৱানা থা’(Ek Haseena Thi Ek Deewana Tha) ইউটিউবত আপলোড কৰিবলৈ অনুমতি দিছিল। সমগ্ৰ বিষয়টোৰ ওপৰত অধিক তদন্ত চলি আছে।

MUMBAI: DIRECTOR SUNEEL DARSHAN FILES FIR AGAINST SUNDAR PICHAI, GOOGLE FOR  COPYRIGHT INFRINGEMENT
FILE PHOTO

পূৰ্বতেও পৰিচালক সুনিল দৰ্শনে কপিৰাইট বিষয়টোক লৈ আদালতৰ কাষ চাপিছিল। পুনৰ এনে ঘটনাৰ বাবে মুম্বাইৰ আদালতে সুন্দৰ পিচাই আৰু গুগলৰ আন পাঁচজনৰ বিৰুদ্ধে এজাহাৰ গ্ৰহণৰ নিৰ্দেশ দিছিল। আন্ধেৰী ইষ্টৰ এমআইডিচি আৰক্ষীয়ে কৈছে যে, এখন এজাহাৰ পঞ্জীয়ন কৰি বিষয়টোৰ তদন্ত আৰম্ভ কৰা হৈছে।

 

IBM CASTS DOUBT ON GOOGLE'S CLAIMS OF QUANTUM SUPREMACY | SCIENCE | AAAS
FILE PHOTO

মন কৰিবলগীয়া কথা এইয়ে যে, পৰিচালক সুনীল দৰ্শনে বলিউডৰ শীৰ্ষ অভিনেতাসকলৰ সৈতে বলীউডত কেইবাখনো চলচ্চিত্ৰ ইতিমধ্যে নিৰ্মাণ কৰিছে আৰু তেওঁ নিৰ্মাণ কৰা অন্তিমখন চলচ্চিত্ৰ আছিল ২০১৭ চনত ‘এক হাছিনা থি এক দিৱানা থা’। চিনেমাখন ইউটিউবত কেইবাজনো লোকে আপলোড কৰিছিল।

HOW TO MESSAGE SOMEONE ON YOUTUBE
FILE PHOTO

ইণ্ডিয়া টুডে সংবাদ সংস্থাক বিৱৰণ দি সুনীল দৰ্শনে উল্লেক কৰি কয় যে, তেওঁ কাকো চলচ্চিত্ৰৰ অধিকাৰ দিয়া নাই আৰু তেওঁ বহু বছৰ ধৰি ইউটিউবৰ বিৰুদ্ধে যুঁজ দি আহিছে। ‘মই এতিয়াও তেওঁলোকৰ পৰা কোনো সঁহাৰি পোৱা নাই। মই চিনেমা নিৰ্মাণ কৰোঁ আৰু সেইবোৰ মোৰ সম্পত্তি। আন কোনোবাই তেওঁলোকক কোটি কোটি দৰ্শনৰ সৈতে আপলোড কৰিছে, ইউটিউব আৰু আনসকলে ইয়াৰ পৰা উপাৰ্জন কৰিছে। মই বহুতো অভিযোগ কৰিছিলো কিন্তু কোনো সঁহাৰি দিয়া নাছিল,’ বুলি আক্ষেপ প্ৰকাশ কৰি তেওঁ কয়।

I PLAN TO COME UP WITH A LOT OF FILMS IN THE NEAR FUTURE” – SUNEEL DARSHAN  - PLANET BOLLYWOOD
FILE PHOTO, SUNEEL DARSHAN

যোৱা মঙলবাৰে, এম.আই.ডি.চি. (MIDC police) আৰক্ষীয়ে বিষয়টোত এখন এজাহাৰ দাখিল কৰিছিল আৰু এতিয়া গোচৰটোৰ অধিক তদন্ত অব্যাহত আছে। শেহতীয়া তথ্য অনুসৰি, উক্ত এজাহাৰখন ১৯৫৭ চনৰ (copyright act of 1957 under Sections 51, 63 and 69)কপিৰাইট আইনৰ অধীনত ৫১, ৬৩ আৰু ৬৯ ধাৰাৰ অধীনত পঞ্জীয়ন কৰা হৈছে।

DOWNLOAD EK HASEENA THI EK DEEWANA THA- MOVIE REVIEW VIDEO SONG FROM  BOLLYWOOD NEWS :VIDEO SONGS – HUNGAMA

LEAVE A REPLY

Please enter your comment!
Please enter your name here

More like this

শৰীৰটোৱেই উপাৰ্জনৰ মূল, কেৱল পাৰ্টি; কোটি কোটি টকা উপাৰ্জন;...

■ পাৰ্টি কৰি কোটি কোটি টকা উপাৰ্জন কৰিছে এগৰাকী মডেলে। মডেলগৰাকীয়ে পাৰ্টিত গ্ৰাহকক তাইৰ শৰীৰটো দেখুৱাই কোটি...

শীঘ্ৰে মুক্তি লাভ কৰিব উদীয়মান কণ্ঠশিল্পী জোতিস্মান ৰাজৰ কন্ঠত...

■ সমগ্ৰ বিশ্বৰ লগতে অসমতো ক'ভিড মহামাৰীয়ে ব্যাপকভাবে প্ৰভাৱ পেলাইছে। ক'ভিড মহামাৰীৰ নিৰ্মূলৰ বাবে লক ডাউন দিয়া...