24.4 C
Guwahati

অন্বেষ গোষ্ঠীৰ মাহিলি বৈঠক আৰু ভাষা গৌৰৱ সপ্তাহ পালন

- Advertisement -

আজাৰাঃ গুৱাহাটীৰ পশ্চিম প্রান্তৰ সাহিত্য আৰু সংস্কৃতিমুলক অনুষ্ঠান অন্বেষ গোষ্ঠীৰ ৮৯ সংখ্যক মাহিলী বৈঠক আৰু “ভাষা গৌৰৱ সপ্তাহ” ধাৰাপুৰ তালুক ভৱনত অলপতে অনুষ্ঠিত হয়। ড০ দিলীপ কুমাৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৈঠকখনৰ উদেশ্য ব্যাখ্যা কৰে আগবঢ়াই সম্পাদক পরিক্ষীত হালৈয়ে। বিগত বৈঠকৰ চমু কাৰ্য্যবিৱৰণী পাঠ কৰে সহকাৰী সম্পাদক অতুল কলিতাই। গোষ্ঠীৰ মহিলা সদস্যা সকলে পৰিবেশন কৰা “অন্বেষ সংগীতেৰে” শুভাৰম্ভ হোৱা বৈঠকখনৰ আঁত ধৰে কাৰ্য্যালয় সম্পাদক বিতোপন শর্মাই। ভাষা গৌৰৱ সপ্তাহ উপলক্ষে আয়োজন কৰা ধ্রুপদী অসমীয়া ভাষা আৰু আমাৰ দায়িত্ববোধ শীর্ষক এক বিশেষ বক্তৃতানুষ্ঠানৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে প্রজ্ঞা একাডেমীৰ সহকাৰী অধ্যাপক ডঃ মুকুট কলিতা। ডঃ কলিতাই ভাষণ প্ৰসংগত কয় অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ স্বীকৃতি অসমীয়াৰ বাবে এক গৌৰৱৰ বিষয়। ইয়ে ভাষাটোৰ প্ৰচাৰ আৰু উন্নতিৰ পথত এক উল্লেখনীয় পদক্ষেপ।


বৈঠকত অসম চৰকাৰৰ উদ্ভাৱনী আৰু প্ৰসাৰ আয়োগৰ উপাধ্যক্ষ ধ্ৰুৱ প্রসাদ বৈশ্যই ভাষণ প্ৰদান কৰে। বৈঠকত গোষ্ঠীৰ উপস্থিত সদস্য-সদস্যা ক্রমে ডঃ প্রদীপ কলিতা, ড০ দূর্গাচৰণ কলিতা, অতুল মেধি, নিটুল কৃষ্ণ গোস্বামী, জোৎস্না মালাকৰ, নিজৰা বৰুৱা কলিতা, নিতা কলিতা, দিপীকা মালাকৰ, দিপীকা কলিতা, অর্পণা ডেকা, হিমালী কলিতা, চন্দন কুমাৰ ভূঞা, জীতেন দাস, নমিতা কলিতা, দেবযানী কাকতী, কুঞ্জলতা মেধী, কালীচৰণ ৰাজবংশী, জোন্টি শর্মা, বদন কলিতা, নির্বী কৃষ্ণা গোস্বামী, তরুলতা ৰাজবংশী, হীৰামণি কলিতাই গীত-মাত, আলখ্য, কবিতা পৰিবেশন কৰে। ইয়াৰোপৰি নিজৰা বৰুৱা কলিতাৰ সহযোগত “ভূপেনদা তুমি ধন্য” শীর্ষক এখন সংগীতালেখ্যও পৰিবেশন কৰা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

বৰমাত পুৰণি বিজেপি কুমুদ দাসে লাভ কৰিবনে টিকট?

■ গুৱাহাটীঃ অসমৰ বিধান সভা নিৰ্বাচন সমাগত। ইয়াকে লৈ ৰাজ্যৰ ভিন্ন সমষ্টিসমূহৰ দলীয় নেতাসকলৰ মাজত সম্প্ৰতি টিকট...

নলবাৰীত: বিশ্বনাথত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ :

নলবাৰীত: বিশ্বনাথত  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ : অসম খবৰ নলবাৰী, বিশ্বনাথ  ৬ ছেপ্টেম্বৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ...

ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত পুণৰ আৰম্ভ হ’ল শৈল চিকিৎসা,...

♦ দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত পুণৰ মুকলি কৰা হৈছে অস্ত্ৰোপচাৰ কক্ষ। ইতিমধ্যে চিকিৎসালয়খনৰ অভিজ্ঞ...
Exit mobile version