21 C
Guwahati

দিল্লী বিধানসভা নিৰ্বাচনঃ বিয়লি ৫ বজালৈকে প্রায় ৫৮ শতাংশ ভোটদান

- Advertisement -

দিল্লী বিধানসভা নিৰ্বাচনত বিয়লি ৫ বজালৈকে প্রায় ৫৮ শতাংশ ভোটদান হৈছে। ৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণ প্ৰক্ৰিয়া পুৱা ৭ বজাৰ পৰা আৰম্ভ হয়। উত্তৰ-পূব দিল্লী জিলাত সৰ্বাধিক ৬৪ শতাংশ ভোটদান হোৱাৰ বিপৰীতে দক্ষিণ পূব জিলাত সর্বনিম্ন ৫৪ শতাংশ ভোটদান হোৱাৰ তথ্য লাভ কৰা হৈছে। শ্বাহদাত ৬১.৩-৫ শতাংশ, উত্তৰ দিল্লীত ৫৮ শতাংশ আৰু উত্তৰ পশ্চিম সমষ্টিত ৫৮.০৫ শতাংশ ভোটদান হোৱা বুলি জানিব পৰা গৈছে। দক্ষিণ দিল্লী জিলাত ৫৫.৭২ শতাংশ, নতুন দিল্লী সমষ্টিত ৫৪.৩৭ শতাংশ, দক্ষিণ পশ্চিম সমষ্টিত ৫৮.৮৬ শতাংশ আৰু পশ্চিম দিল্লীত ৫৭.৪২ শতাংশ, মধ্য দিল্লী জিলাত ৫৫.২৪ শতাংশ, পূব দিল্লীত ৫৮.৯৮ শতাংশ ভোটদান সাব্যস্ত হয়। ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, কেন্দ্রীয় মন্ত্রী ড০ এছ জয়শংকৰ, হৰদীপ সিং পুৰী, জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধী, সেনাবাহিনীৰ মুৰব্বী উপেন্দ্ৰ দ্বিৱেদী, দিল্লীৰ উপ-ৰাজ্যপাল বিনয় কুমাৰ চাক্সেনা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে দিল্লী বিধান সভা নিৰ্বাচনত আজি ভোটৰ অধিকাৰ সাব্যস্ত কৰে। ৰাজনৈতিক ভাগ্য নির্ণয় হ’বলগীয়া প্ৰাৰ্থীসকলৰ ভিতৰত আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল, দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী, মন্ত্ৰী গোপাল ৰায়, বিজেপিৰ বিজেন্দৰ গুপ্তা, প্ৰৱেশ বার্মা, ৰমেশ বিধুৰি আৰু কৈলাস গেহলট অন্যতম। কংগ্ৰেছ নেতা সন্দীপ দীক্ষিত আৰু অলকা লাম্বাইও এই যুঁজত অৱতীৰ্ণ হৈছে। অহা শনিবাৰে এই নিৰ্বাচনৰ ভোটগণনা কৰা হ’ব।
দিল্লী বিধানসভাৰ সমান্তৰালকৈ তামিলনাডুৰ ইৰোড-ইষ্ট সমষ্টি আৰু উত্তৰ প্ৰদেশৰ মিল্কিপুৰ সমষ্টিৰ উপ- নিৰ্বাচনৰ বাবেও ভোটদান অব্যাহত আছে। বিয়লি ৫ বজালৈকে ইৰোড সমষ্টিত ৬৪.০২ শতাংশ ভোটদান হোৱাৰ বিপৰীতে মিল্কিপুৰ সমষ্টিত ৬৫.২৫ শতাংশ ভোটদান হয়।

#আকাশবাণী_নিউজ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
23.6 ° C
23.6 °
23.6 °
42 %
2.2kmh
97 %
Wed
23 °
Thu
33 °
Fri
32 °
Sat
34 °
Sun
36 °

More like this

Gardening for the Soul: How Connecting with Nature Nurtures...

The allure of the beach is irresistible—a captivating blend of soothing waves, warm sand, and the expansive...

অৰবিন্দ কেজৰিৱালে ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী হিচাপে গ্ৰহণ কৰিব নে?...

● নতুন দিল্লীঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বুধবাৰে ৰাহুল গান্ধী পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'ব পাৰে বুলি অনুমান ৰখাৰ...

প্ৰৱঞ্চনা আৰু উৎকোচ কাণ্ডত গৌতম আদানিক গ্ৰেপ্তাৰৰ দাবী ‘আপ’ৰ

এপিডিচিএলৰ বিদ্যুত ক্ৰয়ৰ চুক্তিৰো তদন্ত দাবী মনোজ ধানোৱাৰৰ গুৱাহাটীঃ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ উদ্যোগপতি গৌতম আদানিৰ গ্ৰেপ্তাৰৰ...
Exit mobile version