21 C
Guwahati

ভাৰতীয় অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা প্ৰযুক্তিগত খণ্ডৰ🖋️ অশ্বিনী কুমাৰ গগৈ

- Advertisement -

■ভাৰতীয় অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা প্ৰযুক্তিগত খণ্ডৰ
■আগন্তুক ৪ বছৰত জিডিপিত ২০ শতাংশ অৰিহণা যোগাব দেশৰ টেকনঅ’লজিয়ে
■ডিজিটেল অৰ্থনীতিয়ে গ্ৰাম্য আৰু নগৰীয়া অঞ্চলৰ মাজৰ ব্যৱধান কমোৱাৰ লগতে ধনী আৰু মধ্যবিত্তৰ মাজৰ বিভাজন দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব
■এইয়া কেনেকৈ সম্ভৱ হ’ব? বিষদভাৱে জানিবলৈ এই প্ৰতিবেদন শেষলৈ ভালদৰে চাওঁ আহক

যোৱা এটা দশকৰ শেষৰ সময়ছোৱাৰ পৰা ডিজিটেল-টেকন’লজিয়ে অতি দ্ৰুত হাৰত দেশৰ প্ৰতিটো স্থানৰ চুকে-কোনে সোমাই যাবলৈ প্ৰয়াস কৰি আছে। কেৱল ১ মিনিটৰ ভিতৰতে ক্রেতা-বিক্ৰেতাৰ সৈতে লেনদেন সম্পূৰ্ণ কৰাই হওক বা ঘৰৰ বাহিৰলৈ ওলাই আহিবলৈ বা সাজু হ’বলৈ যিমান সময় লাগে যেন তাতকৈ বেছি দ্ৰুতগতিত আপোনাৰ দুৱাৰমুখত গেলামালৰ সামগ্ৰী লাভ কৰাই হওঁক বা অন্য সামগ্ৰী হওঁক ভাৰতৰ ডিজিটেল দক্ষতা আৰু উদ্ভাৱনে অভূতপূৰ্ব স্তৰত উপনীত হ’বলৈ সক্ষম হৈছে। ইয়াৰে পৰা এইটো স্পষ্ট হৈ পৰিছে যে যিহেতু ভাৰতে আগন্তুক দশকৰ আৰম্ভণিতে ১০ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ লক্ষ্য ৰাখিছে, গতিকে এই বৃদ্ধিৰ সূচনা হ’ব আৰু ডিজিটেলাইজেশ্যনৰ বাবে অৰ্থনীতিৰ প্ৰতিটো খণ্ডতে বৈপ্লৱিক পৰিৱৰ্তন আহিব।

আকৰ্ষণীয় কথাটো হ’ল যে ভাৰতৰ ডিজিটেল অভিযানত চৰকাৰ আৰু ব্যক্তিগত খণ্ড দুয়োৰে সমান অংশগ্ৰহণ দেখা গৈছে। ফলস্বৰূপে, ডিজিটাইজেশ্বনে দ্ৰুত বিকাশৰ ধাৰা কঢ়িয়াই আনিছে। ফলত এই পদ্ধতি অধিক সামগ্ৰিক আৰু ন্যায়সঙ্গত ৰূপে বিবেচিত হৈছে। আগন্তুক ৪ বছৰত জিডিপিৰ ডিজিটেল ক্ষেত্ৰই ২০ শতাংশ অৰিহণা যোগাব বুলি আশা কৰা হৈছে। ডিজিটেল অৰ্থনীতিয়ে গ্ৰাম্য আৰু নগৰ অঞ্চলৰ মাজৰ ব্যৱধান হ্ৰাস কৰাৰ লগতে নগৰীয়া আৰু গ্রাম্যৰ বিভাজন দূৰ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

চৰকাৰে এই দিশত ডিজিটেল আন্তঃগাঁথনি অধিক উন্নত কৰাৰ বাবে যথেষ্ট বিনিয়োগ কৰিছে। অধিক সামগ্ৰিক ব্যৱসায়িক পৰিৱেশ গঢ়ি তোলা আৰু জনসাধাৰণৰ মাজত শক্তিশালী কৰাৰ এক সঁজুলিলৈ পৰিৱৰ্তন কৰিছে ডিজিটেল ইণ্ডিয়াই। ডিজিটেল ইণ্ডিয়াৰ বাবে ডিজিটেল পেমেণ্ট প্লেটফৰ্ম বা উন্নত ব্ৰডবেণ্ড নেটৱৰ্ক সংযোগৰ জৰিয়তে হওঁক, পুৰণি পৰা নতুন যুগৰ ডিজিটেল প্লেটফৰ্মলৈ পৰিৱৰ্তন হৈছে। বিত্তীয় লেনদেন কৰা, উপাৰ্জনৰ সুযোগ বৃদ্ধি কৰিছে।

ডিজিটাইজেশ্যনে দেশত উদ্যোগীক খণ্ডৰ এক শক্তিশালী মাত্ৰ প্ৰদান কৰিছে। টেকন’ ষ্টাৰ্টআপবোৰকে ধৰি ভাৰতত তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্টআপৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। যোৱা ২০১৭ চনৰ পৰা প্ৰায় এক নিযুত নিয়োগ সৃষ্টি কৰিছে। ভাৰতত মুঠ টেক ষ্টাৰ্টআপৰ সংখ্যা ২০২৩ বৰ্ষলৈ ৬৮ হাজাৰৰ পৰা ২০৩০ বৰ্ষত ১ লাখ ৮০ হাজাৰলৈ বৃদ্ধি হ’ব বুলি অনুমান কৰা হৈছে।

চৰকাৰীভাবে ডিজিটাইজেচন প্লেটফৰ্ম, যেনে অ’এনডিচিয়ে ভাৰতৰ এমএছএমই খণ্ডক এক ব্যাপক আৰু বৈচিত্ৰ্যপূৰ্ণভাবে মাত্ৰা প্ৰদান কৰি শক্তিশালী কৰি তুলিছে। ইয়াৰ উপৰিও এম.এছ.এম.ই.-ৰ বাবে যথেষ্ট লাভজনক হৈছে। বেঙ্কবিহীন বা কম সুদত ঋণ প্ৰদান কৰাত সহায়ক হিচাপে ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানবোৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

ভাৰতৰ প্ৰযুক্তিৰ উদ্ভাৱন কেৱল নিজ সীমাৰ ভিতৰতে নহয়, সমগ্ৰ বিশ্বতে প্ৰসাৰিত হৈছে। ভাৰতৰ আই টি উদ্যোগ এটা সমৃদ্ধিশালী উদ্যোগ। যিয়ে দেশৰ জিডিপি, নিয়োগ আৰু ৰপ্তানিৰ ক্ষেত্ৰত মুখ্য অৰিহণা যোগাবলৈ সক্ষম হৈছে। যোৱা ২০২২ বর্ষত ভাৰতীয় আই টি উদ্যোগে ২২৭ বিলিয়ন ডলাৰ ৰাজহ (প্ৰযুক্তি সেৱাৰ ৰপ্তানিৰ পৰা ১৭৭ বিলিয়ন ডলাৰ ৰাজহ) আহৰণ কৰিছিল। ২০২৩ চনত ভাৰতৰ আই টি উদ্যোগৰ মুঠ ৰাজহ ৮.৪ শতাংশ বৃদ্ধি পাই ২৪৫ বিলিয়ন ডলাৰ (ৰপ্তানিৰ পৰা ১৯৪ বিলিয়ন ডলাৰ) হ’ব বুলি অনুমান কৰা হৈছে।

দেশে প্ৰযুক্তিৰ পথাৰত উন্নত দেশৰ সৈতে প্ৰতিযোগিতামূলক হৈ থাকিবলৈ প্ৰযুক্তিগত দিশত সকলোৱে অধিক গুৰুত্ব আৰোপ কৰিব লাগিব। আমি কৰ্মশক্তিক টেকন’ ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰিবলৈ এই দিশত দক্ষতাৰ অভাৱ দূৰ কৰিব লাগিব। প্ৰযুক্তিৰ প্ৰয়োজন অনুসাৰে ভিন্ন প্ৰকাৰৰ নতুন নতুন আঁচনি প্ৰস্তুত কৰিব লাগিব। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰতিখন ৰাজ্য চৰকাৰে অধিক গুৰুত্ব দিব লাগিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
23.6 ° C
23.6 °
23.6 °
42 %
2.2kmh
97 %
Wed
23 °
Thu
33 °
Fri
32 °
Sat
34 °
Sun
36 °

More like this

চন্দ্ৰযান-৩ ৰ অভিযানত জড়িত জামুগুৰিহাটৰ বৈজ্ঞানিক উদ্দীপনা কলিতাঃ গৌৰৱাম্বিত...

♦ জামুগুৰিহাটৰ পৰা জোন বৰাঃ ভাৰতৰ দ্বাৰা প্ৰেৰিত চন্দ্ৰযান-৩য়ে চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত সফল ভাৱে অৱতৰণ কৰি ইতিহাস...

সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ (AICTE-VAANI) আঁচনিৰ পৃষ্ঠপোষকতাত অসম ডন...

গুৱাহাটী, ৬ জুলাই: অসম ডন বস্ক’ বিশ্ববিদ্যালয়ে ২০২৪ চনৰ ৩ জুলাইৰ পৰা ৫ জুলাইলৈ বিশ্ববিদ্যালয়ৰ আজাৰা প্ৰাংগনত...
Exit mobile version