♦ জামুগুৰিহাটৰ পৰা জোন বৰাঃ ভাৰতৰ দ্বাৰা প্ৰেৰিত চন্দ্ৰযান-৩য়ে চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত সফল ভাৱে অৱতৰণ কৰি ইতিহাস ৰচিবলৈ সক্ষম হয়। ভাৰতীয় মহাকাশ বিজ্ঞানীৰ এই সাফল্যত গৌৰাম্বিত দেশবাসী। ইছৰোৰ এই চন্দ্ৰ অভিযানত অসম সন্তান হিচাপে কেৱল তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মা আৰু লখিমপুৰৰ চয়ন দত্তই জড়িত আছিল তেনে নহয়, এই অভিযানত জড়িত হৈ আছে তেজপুৰৰ জামুগুৰিহাটৰ এগৰাকী জীয়ৰীও।
জামুগুৰিহাটৰ বাঁহবাৰী সত্ৰ নিবাসী তথা ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত গ্ৰন্থাগাৰীক সুৰেন কলিতাৰ জীয়ৰী তথা ইছৰোৰ বিজ্ঞানী উদ্দীপনা কলিতাও চন্দ্ৰযান-৩ অভিযানৰ অন্যতম অংশীদাৰ আছিল। চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ পাছত জামুগুৰিহাটৰ ইছৰোৰ বৈজ্ঞানিক উদ্দীপনা কলিতাৰ ঘৰতো বিৰাজ কৰিছে উৎসৱমুখৰ পৰিবেশ।
সৰুতেই কল্পনা চাওলা হোৱাৰ হাবিয়াস পুহি ৰাখি বৰ্তমান ইছৰোৰ বিজ্ঞানী হিচাপে কৰ্মৰত উদ্দীপনা কলিতা চন্দ্ৰযান-৩ যানখন তৈয়াৰ কৰা দলটোৰ অংশীদাৰ আছিল৷ এই ঐতিহাসিক মূহুৰ্তৰ অংশীদাৰীত্ব জামুগুৰিহাটৰ জীয়ৰী উদ্দীপনা কলিতাক লৈ আনন্দিত হৈছে পিতৃ সুৰেন কলিতাৰ লগতে জামুগুৰিহাটবাসী ৰাইজ৷
(জয়ন্ত দাস, স্থানীয় যুৱক)