19 C
Guwahati

বৃহত্তৰ দিছপুৰ অনুভূতি নাগৰিক মঞ্চৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা

- Advertisement -

◊ একেসময়তে মানসী আদিলৰ তিনিখনকৈ গ্ৰন্থ উন্মোচন

মানসী আদিলৰ তিনিখন গ্ৰন্থ আজি উন্মোচন কৰা হয়। এই উপলক্ষে দিছপুৰস্থিত লোকনিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত বৃহত্তৰ দিছপুৰ অনুভূতি নাগৰিক মঞ্চৰ উদ্যোগত আয়োজিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ, অৰ্থনীতিবিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° খোৰছেদ আলম।

লেখক সাংবাদিক আজিজুৰ ৰহমান শইকীয়াই আঁত ধৰা মনোজ্ঞ অনুষ্ঠানটো শুভাৰম্ভ আৰম্ভ হয় বৃহত্তৰ দিছপুৰ অনুভূতি নাগৰিক মঞ্চৰ শিল্পী সকলে পৰিৱেশন কৰা আৰম্ভণি গীতেৰে। অনুষ্ঠানত মানসী আদিলৰ প্ৰৱন্ধ সংকলন ‘বাৰ্ধক্য আৰু বৃদ্ধাশ্ৰম’ উন্মোচন কৰে সাহিত্য অকাডেমি শিশু সাহিত্যৰ সাহিত্য অকাডেমি বঁটা প্ৰাপক হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞিয়ে। বাংলা কবিতাৰ সংকলন ‘যাবি সে দেশে’ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, অধ্যাপক ভবানীপ্ৰসাদ অধিকাৰীয়ে। প্ৰৱন্ধ পুস্তিকা ‘সংখ্যালঘু নাৰীৰ সমস্যাবহুল জীৱন আৰু সমাধান’ উন্মোচন কৰে লেখিকা সংস্থা,অসমৰ সভাপতি মৃদুলা শৰ্মাই।

অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে লেখিকা সংস্থা, অসমৰ প্ৰধান সম্পাদক বিজয়া দেৱদাস। অনুষ্ঠানত কবিতা আবৃত্তি কৰে মিনাৰুল আলমে। গীতৰ অনুষ্ঠান পৰিবেশন কৰে জুৰি বৰুৱাই। নৃত্য পৰিবেশন কৰে এলিজাবেথ কুইনে। অনুষ্ঠানত বৃহত্তৰ দিছপুৰ অনুভূতি নাগৰিক মঞ্চই অনুষ্ঠিত কৰা বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা প্ৰদান কৰা হয়। শতাধিক সাহিত্যানুৰাগীৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসম সংগীতেৰে অনুষ্ঠানৰ সামৰণি পৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
21.5 ° C
21.5 °
21.5 °
50 %
2.1kmh
100 %
Wed
20 °
Thu
33 °
Fri
32 °
Sat
34 °
Sun
36 °

More like this

IIT Guwahati Covid-19: মহানগৰীত পুনঃ কোভিডৰ সংক্ৰমণ; গুৱাহাটী আই...

♦ গুৱাহাটী আই আই টি কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা ♦ কোভিডত আক্ৰান্ত হৈছে গুৱাহাটী আই আই টি অধ্যাপকসহ...

Assam Cabinet; অসম চৰকাৰৰ কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ সবিশেষ...

♦ অসম চৰকাৰে কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীৰ কনভয়, বিত্তীয় শৃংখলাবদ্ধতা, পৌৰ নিৰ্বাচন আৰু বিধানসভাৰ আগন্তুক বাজেট অধিৱেশন আদিকে...

অনুমতিবিহীন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে ২০২৪-২৫ শিক্ষাবৰ্ষৰ পৰা শিক্ষাৰ্থীক উচ্চতৰ...

ৰাজ্যৰ অনুমতিবিহীন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে ২০২৪-২৫ শিক্ষাবৰ্ষৰ পৰা শিক্ষাৰ্থীসকলক উচ্চতৰ মাধ্যমিক প্রথম বর্ষত নামভৰ্তি কৰোৱাব নোৱাৰিব। অসম...
Exit mobile version