23 C
Guwahati

উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ উদ্যোগত উদ্যান শস্য ভিত্তিক কৃষক প্রশিক্ষণ

- Advertisement -

গুৱাহাটীঃ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ উদ্যোগত ১৮ ডিচেম্বৰত গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী সোণাপুৰ ৰাজহ চক্রৰ অধীনস্থ নৰতাপ গাঁও পঞ্চায়তৰ সভাগৃহত উদ্যান শস্যৰ উৎপাদনৰ প্রযুক্তি বিষয়ক এক দিনযোৰা কৃষক প্রশিক্ষণ অনুষ্ঠিত হয়। উদ্যান শস্য গবেষণা কেন্দ্রৰ উদ্যোগত তথা ভাৰতীয় কৃষি গবেষণা পৰিষদৰ নতুন দিল্লীস্থিত সংহত কীট-পতঙ্গ ব্যবস্থাপনা ৰাষ্ট্রীয় কেন্দ্রৰ (ICAR-NCIPM) অর্থ সাহার্য্যত অনুষ্ঠিত প্রশিক্ষণ কার্য্যসূচীৰ মূল লক্ষ্য আছিল কৃষক সকলৰ মাজত উদ্যান শস্যক উন্নত উৎপাদন প্রযুক্তি তথা সংহত কীট-পতঙ্গ ব্যৱস্থাপনাৰ বিষয়ে সজাগতা সৃষ্টি কৰা আৰু তেওঁলোকক সক্ষমতা বৃদ্ধি কৰা।

প্রশিক্ষণ কার্য্যসূচীৰ আৰম্ভণিতে সংহত কীট-পতঙ্গ ব্যবস্থাপনা ৰাষ্ট্রীয় কেন্দ্রৰ (ICAR-NCIPM) উত্তৰ-পূব ভাৰতৰ জনজাতীয় উপ-আঁচনিৰ ভাৰপ্রাপ্ত বিজ্ঞানী ড০ মুকেশ চেহগালে মন্তব্য কৰে যে অসমকে ধৰি উত্তৰ-পূর্বাঞ্চল হৈছে উদ্যান শস্যৰ বাবে এক সম্ভাৱণাপূর্ণ অঞ্চল আৰু খেতিয়ক সকলে উদ্যান শস্যৰ ক্ষেত্ৰখনে দিব পৰা আর্থিক লাভালাভৰ অংশীদাৰ হোৱাতো বাঞ্ছনীয়। তেওঁ কৃষক সকলক উদ্যান শস্য ভিত্তিক কৃষি প্রযুক্তি সমূহ গ্ৰহণ কৰি নিজৰ আর্থিক স্থিতি টনকিয়াল কৰিবলৈ আহ্বান জনায়। আনহাতে বৃহত্তৰ সোণাপুৰ অঞ্চলৰ ৩০ জন জনজাতীয় কৃষকে অংশগ্ৰহণ কৰা এই প্রশিক্ষণ কার্য্যসূচীত সমল ব্যক্তি হিচাবে উপস্থিত থাকে অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ড০ নাছিমা ৰহমান, ড০ কাৱেৰী মহন্ত আৰু ড০ শিখা ডেকাই। কার্য্যসূচীৰ লগত সংগতি ৰাখি ফল-মূল আৰু শাক-পাচলিৰ সংহত কীট-পতঙ্গ ব্যবস্থাপনা বিষয়ক এখন কাৰিকৰী পুস্তিকা উন্মোচন কৰা হয়। লগতে অঞ্চলটোত উদ্যান-শস্যক উন্নত মানৰ বাগিচা স্থাপনৰ বাবে কৃষক সকলৰ মাজত বিভিন্ন উদ্যান শস্যক গুনগত মানদণ্ডৰ ৰোপণ সামগ্রীও বিতৰণ কৰা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
scattered clouds
29.8 ° C
29.8 °
29.8 °
34 %
2.4kmh
45 %
Thu
31 °
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

দেওবাৰে ১১,৫৯৯ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া বিভিন্ন উন্নয়নমূলক...

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে ১১,৫৯৯ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ'বলগীয়া বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন...

ৰাণীৰ খপেগাওঁত বাৰীত কৃষকে লগোৱা জুইত অগ্নিদগ্ধ অজগৰ সাপ

● আজাৰা ,১৭ মাৰ্চ:সংবাদ দাতা, মনীষা শৰ্মা, পশ্চিম গুৱাহাটীৰ অসম - মেঘালয় সীমান্তবৰ্তী ৰাণী খপেগাওত আজি পুৱাৰ...

ৰাছিয়াৰ ব্ৰীকছ সন্মিলনত উপস্থিত বিশ্ব মহিলা সংগঠনৰ অধ্যক্ষ অসমৰ...

গুৱাহাটীঃ ভাৰত, ৰাছিয়া, আৰু ই এ ই ইউ দেশসমূহৰ মাজত বস্ত্ৰশিল্পৰ ক্ষেত্ৰত সম্ভাৱ্য বাণিজ্যিক সহযোগিতাৰ বিষয়ে আলোচনা...
Exit mobile version