21 C
Guwahati

ৰঙাপৰাত ভূমিকম্পৰ তীব্ৰ জোকাৰণিঃ ৬.৭ ৰিখতাৰ স্কেল প্ৰাবল্যত প্ৰচণ্ড  ভূমিকম্পই জোকাৰি গ’ল সমগ্ৰ শোণিতপুৰ

- Advertisement -

◊ ৰঙাপৰাঃ আজি পুৱাই তিনিটাকৈ ভূমিকম্পই কঁপাই গ’ল সমগ্ৰ অসম। ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰ। প্ৰথমটো ভূমিকম্প ৭.৫২ বজাত, দ্বিতীয়টো ৭.৫৮ বজাত আৰু তৃতীয়টো জোকাৰণি অনুভূত হয় ৮.০৩ বজাত।

৬.৭ ৰিখতাৰ স্কেল প্ৰাবল্যত প্ৰচণ্ড  ভূমিকম্পই জোকাৰি গ’ল সমগ্ৰ শোণিতপুৰ । ভূমিকম্পৰ উৎস ঢেকিয়াজুলি বুলি জানিব পৰা গৈছে।ৰিখটাৰ স্কেলত ইয়াৰ তীব্ৰতা ৬.৭ বুলি জানিব পৰা গৈছে। অতি শক্তিশালী আছিল এই ভূমিকম্প। তিনিটাকৈ জোকাৰণিয়ে কঁপাই যায় সমগ্ৰ শোণিতপুৰ জিলা। ৭ বাজি ৫২ মিনিটত অনুভূত হয় এই জোকাৰণি। ৰিখটাৰ স্কেলত প্ৰথমটো ভূঁইকঁপৰ প্ৰাবল্য আছিল ৬.৭। দ্বিতীয় আৰু তৃতীয়টো ভূমিকম্পৰ প্ৰাবল্য ক্ৰমে ৪.৩ আৰু ৪.৪। প্ৰায় ১ মিনিট ধৰি হৈ থকা কম্পমানত আতংকিত ৰাইজৰ চিঞৰ বাখৰ কৰে। অঞ্চলৰ প্ৰায় বহু বাসগৃহৰ দেৱালত ফাট মেলা দেখা যায়। তাৰোপৰি অঞ্চলটোৰ বহু ঠাইত মেল খালে বৃহৎ ফাটৰ লগতে ৱাল খহি যোৱাও পৰিলক্ষিত হয় । অঞ্চলৰ কেইবা ঠাইৰ পথাৰত বৃহৎ ফাঁট মেলি পানী ওলোৱা পৰিলক্ষিত হয় । প্ৰথমটো জোকাৰণি ৭ বাজি ৫২ মিনিটত, দ্বিতীয় ৮ বজাত, আৰু তৃতীয় জোকাৰণী ৮ বাজি ৩ মিনিটত।
এই মূহুৰ্তলৈকে নাই কোনো লোকৰ জীৱনৰ ক্ষয় ক্ষতিৰ খবৰ পোৱা হোৱা নাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
scattered clouds
20.9 ° C
20.9 °
20.9 °
67 %
1.4kmh
29 %
Fri
21 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

♥মোৰ হোৱা♥ ✒️ছাইফুদ্দিন আহমেদ

♥মোৰ হোৱা♥ ♦ছাইফুদ্দিন আহমেদ লাজুকী লাজুকী খোজেৰে আহিছা তুমি মোৰ হৃদয়ৰ জেৰক্স নিবলৈ, কম্পিউটাৰ দোকানীক কৈছা জেৰক্স কৰি দিবলৈ৷ বিশ্বাস কৰা তুমি ময়ো আছিলোঁ তাতে ৰৈ তোমাৰ দুচকুৰ চাৱনিয়ে আজি আকৌ এবাৰ...

অসমত কোৱিডৰ সংক্ৰমণৰ হাৰ ০.৯৮ শতাংশ

♦ অসমত কোৱিডৰ পৰা সংক্ৰমণৰ হাৰ ০.৯৮ শতাংশ হৈছে। ৰাজ্যখনত কালি ৩০,০০৮ টা নমুনা পৰীক্ষাৰ অন্তত ২৯৪...

Ecuadorian Shrimp Producers Join IBM’s Blockchain-Based Food

Luxury travel is back. The pandemic-weary population is emerging from lockdowns with the goal of relaxing and...
Exit mobile version