19 C
Guwahati

নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস পালন

- Advertisement -

মানৱজাতিৰ ভৱিষ্যৎ মংগলৰ বাবে গছপুলি ৰোপণৰ বিকল্প নাই ★

■ নলবাৰী : মানৱজাতিৰ ভৱিষ্যৎ মংগলৰ বাবে গছপুলি ৰোপণৰ বিকল্প নাই । বায়ু প্ৰদূষণ ৰোধ কৰি সকলোৰে বাসোপযোগী সুন্দৰ সেউজীয়া ধৰণী এখন গঢ়িবলৈ সকলোৱে এই বিষয়টোত গুৰুত্ব দিবই লাগিব । কাৰণ মানুহ জন্মৰপৰা মৃত্যুলৈ আনকি মৃত্যুৰ পাছতো গছৰ ওপৰত নিৰ্ভৰশীল । ৫ জুনত নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জিলা সভাৰ কাৰ্যালয়ত আয়োজিত গছপুলি ৰোপণ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে ভাগ লৈ দিয়া ভাষণত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতাই এনেদৰে কয় । ভাষণ প্ৰসংগত তেওঁ গছপুলি ৰোপণ কৰিলেই নহ’ব, গছপুলিৰপৰা ডাঙৰ গছ হোৱালৈ ভালদৰে লালন পালনো কৰিব লাগিব; নহ’লে সেয়া সাময়িক শান্তিৰ বাবেহে কৰা হ’ব বুলিও দোহাৰে । জিলা সাহিত্য সভাৰ কাৰ্যালয় সুভদ্ৰা চৌধুৰী ভৱন চৌহদত এই দিৱসৰ লগত সংগতি ৰাখি নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা, কোষাধ্যক্ষ প্ৰমোদ চন্দ্ৰ ডেকা, সাংগঠনিক সম্পাদক জয় চন্দ্ৰ শৰ্মা আৰু সাহিত্যসেৱী নৱদীপ বৰকটকীয়েও গছপুলি ৰোপণ কৰে । নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই আঁত ধৰা এই অনুষ্ঠানত প্ৰকৃতি সংৰক্ষণৰ বাবে বিশেষভাৱে আত্মনিয়োগ কৰা প্ৰকৃতিপ্ৰাণ তথা ‘সৃষ্টি’ নামৰ প্ৰকৃতি আৰু পৰিৱেশৰ হকে কাম কৰি অহা নলবাৰীৰ আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান এটিৰ মুৰব্বী সোণমণি মেধিক বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জিলা সাহিত্য সভাৰ তৰফৰপৰা সাদৰ সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
17 ° C
17 °
17 °
79 %
1.6kmh
54 %
Thu
30 °
Fri
31 °
Sat
33 °
Sun
35 °
Mon
35 °

More like this

ঠাকুৰবাৰী চাহ বাগিচাত দুদিনীয়া কাৰ্যসূচীৰে কৰম পূজা উদযাপন

■ শোণিতপুৰ জিলাৰ ৰঙাপৰা থানাৰ অন্তৰ্গত ঠাকুৰবাৰী চাহ বাগিছাৰ ৯নং শ্ৰমিক লাইনত সদৌ অসম আদিবাসী ছাত্র সন্থা(আছা)ৰ...

ৰঙিয়াত মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা ১০ জনৰ উদ্ধাৰ

♦ বুধবাৰে নিশা ৰঙিয়া ৰেল ষ্টেচনৰ সমীপৰ টেটেলিগুৰীৰ পৰা আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই মানৱ...

মাটি দালালি বিৰুদ্ধে অসম আৰক্ষীৰ তীব্ৰ অভিযান :: জাল...

  Asom Khobor Digital Desk 21 Seb:: কিছু দিন পূৰ্বে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আন্তজাৰ্তিক প্ৰেক্ষাগৃহত আয়োজন কৰা ৰাজহৰ...
Exit mobile version