22 C
Guwahati

নিশা ৰঙিয়াত দুৰ্বৃত্তই জ্বলাই দিলে বিকলাংগ যুৱকৰ দোকান

- Advertisement -

♦ ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদ, অসম খবৰঃ

ক্ৰমাৎ সমাজৰ পৰা যেন নিঃশেষ হʼব ধৰিছে মানৱতা, ঠিক তেনেই এক কৰূণ ঘটনা সংঘটিত হৈছে ৰঙিয়াৰ অন্তৰ্গত উদীয়ানা গাঁওৰ ইফটাকুল ইছলাম নামৰ এজন যুৱকৰ লগত৷ তেওঁ এজন বিকলাংগ যুৱক। তেওঁ নলবাৰী কাৰিকৰী শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰিছিল কিন্তু টকা-পইচাৰ অভাৱত শিক্ষা আধাতে এৰি ঘৰ চলাবলৈ এখন সৰু দোকান দি কোনোমতে ঘৰখন চলাই আছিল।

ঘৰখনত তেওঁ ,তেওঁৰ মাক আৰু ভায়েকৰ সৈতে পেটেভাতে চলি আছিল। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ পথেই আছিল এই দোকান খন। কিন্তু বুধবাৰে নিশা কোনো দুৰ্বৃত্তই এই দোকান খন জুই লগাই দিয়ে আৰু যাৰ ফলত দোকান খনত থকা সকলো সামগ্ৰী ভষ্মীভূত হয়। এই ঘটনাৰ পিছত পৰিয়ালটোৰ মূৰত সৰগ ভাঙি পৰিছে।

স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি কিছুদিন আগত ৰাইজে যুৱকজনক দান বৰঙণি তুলি সহায় কৰি দোকান খন আৰম্ভ কৰি দিছিল, আজিৰ এই ঘটনাক গাওঁবাসীয়ে সহজভাবে লʼব পৰা নাই। স্থানীয় ৰাইজে এই ঘটনাৰ তীব্ৰ নিন্দা কৰাৰ লগতে দোষীক অতিশীঘ্ৰে কৰায়ত্ব কৰিবলৈ দাবী জনাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
23.7 ° C
23.7 °
23.7 °
55 %
2.9kmh
75 %
Thu
24 °
Fri
31 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

আৰক্ষী অধীক্ষকক উষ্ম আদৰণি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ:

আৰক্ষী অধীক্ষকক উষ্ম আদৰণি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ: অসম খবৰ ডিজিটেল ডেস্ক ৬ ছেপ্টেম্বৰ :: অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ...

বিশ্বনাথ কৃষি মহাবিদ্যালয় চৌহদত চেক প্ৰদান মন্ত্ৰী পিযুষ হাজৰিকা

  কভিড-১৯ত স্বামীহাৰা ৩২ গৰাকী বিধৱা মহিলাক বিশ্বনাথ কৃষি মহাবিদ্যালয় চৌহদত চেক প্ৰদান মন্ত্ৰী পিযুষ হাজৰিকা ::বিশ্বনাথ ১৭ জুলাই...

দীপাৱলীৰ উছাহৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অগ্নিকাণ্ড আৰু দুৰ্ঘটনা...

যোৰহাট নগৰত কালি সংঘটিত এটা অগ্নিকাণ্ডত এজন লোক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুবৰণ কৰাৰ লগতে কেইবাটাও বাসগৃহ আৰু...
Exit mobile version