24.4 C
Guwahati

নির্বাচন সম্পৰ্কীয় কার্যসূচীত শিশু জড়িত হ’ব নোৱাৰিবঃ কঠোৰ নিৰ্দেশনা নির্বাচন আয়োগৰ

- Advertisement -

দেশৰ নির্বাচন আয়োগে নির্বাচন সম্পৰ্কীয় যিকোনো কার্যসূচীত শিশুক জড়িত কৰা সন্দৰ্ভত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। নির্বাচনী সভা, প্ৰচাৰ কাৰ্যসূচী, পোষ্টাৰ তথা পুস্তিকা বিতৰণ আদিকে ধৰি নিৰ্বাচনী প্ৰচাৰত শিশুসকলক জড়িত নকৰিবলৈ ৰাজনৈতিক দলসমূহক পৰামৰ্শ দিছে।

File Photo #TOI

এই ক্ষেত্ৰত যিকোনো ধৰণে শিশুসকলক জড়িত কৰোৱাৰ প্ৰতি শূন্য সহনশীলতা নীতি অৱলম্বন কৰা হ’ব। নিৰ্দেশনাত অনুসৰি ৰাজনৈতিক নেতা তথা প্রার্থীসকলে প্ৰচাৰ কাৰ্যৰ সময়ত কোনো শিশুক কোলাত বহুৱাই অথবা তেওঁলোকৰ বাহন তথা ৰেলীত লগত লৈ যোৱা আদি কাৰ্যত কোনো প্ৰকাৰে গ্ৰহণযোগ্য নহ’ব।

কোনো ৰাজনৈতিক নেতাৰ ওচৰত পিতৃ-মাতৃসহ উপস্থিত থকা তথা নির্বাচনী প্রচাৰৰ কামত জড়িত নথকা শিশুৰ উপস্থিতিক নিৰ্দেশনাৰ উলংঘা বুলি গণ্য কৰা নহ’ব। আয়োগে সকলো ৰাজনৈতিক দল তথ্য প্রার্থীক শিশু শ্রমিক নিষেধাজ্ঞা আৰু নিয়ন্ত্রণ আইনখন কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। নির্দেশনাত মতে বিধিসমূহ উলংঘা কৰা লোকৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব নিৰ্বাচন আয়োগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

বিশ্বনাথৰ আৰক্ষী ছাউনীত  আৰক্ষীৰ সোঁৱৰণী দিৱস উদযাপন Video

  বিশ্বনাথৰ আৰক্ষী ছাউনীত  আৰক্ষীৰ সোঁৱৰণী দিৱস উদযাপন বৃস্হপতি বাৰে সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় আৰক্ষী সোঁৱৰণী দিৱস পালন...

ৰঙাপৰাত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ...

◆ ৰঙাপৰাঃ সমগ্ৰ ৰাজ্যত ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ বতাহ বলি থকা সময়ত আজি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে...

দেশত কোভিড-১৯ৰ টিকাকৰণৰ সীমা ৯৭ কোটিৰ অতিক্ৰম

■ ভাৰতৰ কোভিড-১৯ৰ টিকাকৰণ কভাৰেজে ইতিমধ্যে ৯৭ কোটিৰ সীমা অতিক্ৰম কৰিছে। বৰ্তমানলৈকে ৯৭ কোটিতকৈও অধিক ১১ লাখ...
Exit mobile version