32 C
Guwahati

সমগ্ৰ ধুবুৰীত ১৪৪ ধাৰা জাৰিঃ নিশা ডাম্পাৰ, টেক্টৰ, ই-ৰিক্সা চলাচলত নিষেধাজ্ঞা

- Advertisement -

● যোৱা কেইসপ্তাহমানৰ পৰা ৰাজ্যখনত পথ দুৰ্ঘটনা ফলত মৃত্যুৰ সংখ্যা যথেষ্ট পৰিমানে বৃদ্ধি পাইছে। সেয়ে বৰ্তমান ঘন-কুঁৱলীৰ বতৰত যি কোনো ধৰণৰ যান-বাহন পথ দুৰ্ঘটনা হোৱাৰ আশংকাত তথা ৰাইজৰ জীৱন আৰু নিৰাপত্তা প্ৰদানৰ বাবে ধুবুৰী জিলাৰ জিলা দণ্ডাধীশৰ এক আদেশ মৰ্মে সমগ্ৰ ধুবুৰী জিলাৰ লগতে বিলাসীপাৰা মহকুমাতো প্ৰযোজ্য হোৱাকৈ ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে।

এই নিষেধাজ্ঞা মতে ৰাষ্ট্ৰীয় ঘাই পথত ই- ৰিক্সাসমূহ সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৮ বজালৈ সম্পূৰ্ণৰূপে চলাচলত নিষিদ্ধ কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাই পথত আৰু ৰাজ্যিক পথত ডাম্পাৰ, ট্ৰেক্টৰৰ সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৭ বজালৈ সম্পূৰ্ণৰূপে চলাচলত নিষিদ্ধ কৰা হৈছে।

যি কোনো ধৰণৰ যানবাহন ৰাষ্ট্ৰীয় ঘাই পথত আৰু ৰাজ্যিক পথৰ কাষত থকা ধাবা, হোটেল, ৰিজৰ্টৰ সন্মুখত পথত পাৰ্কিং কৰাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। এই আদেশ পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে বাহাল থাকিব বুলি বিলাসীপাৰা মহকুমা প্ৰশাসনে এক বিবৃতি যোগেদি প্ৰকাশ কৰিছে।


LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
32.8 ° C
32.8 °
32.8 °
24 %
7.7kmh
59 %
Mon
33 °
Tue
38 °
Wed
37 °
Thu
37 °
Fri
39 °

More like this

Breast Cancer: ৫০ শতাংশ মধ্যবয়স্ক মহিলা স্তনৰ কৰ্কট ৰোগত...

♥ ভাৰতত মধ্যমবয়সীয়া মহিলাৰ স্তন কৰ্কট ৰোগৰ সংখ্যা যোৱা তিনি বছৰধৰি অধ্যতিক বৃদ্ধি পাই আহিছে। ইন্দ্ৰপ্ৰস্থ এপোলো...

সদৌ অসম কলিতা জনগোষ্ঠী সন্মিলনৰ ৩৪ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা...

  সদৌ অসম কলিতা জনগোষ্ঠী সন্মিলনৰ ৩৪ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস নলবাৰীত উদযাপন ডাঃ ভুগীচৰণ কলিতা সোঁৱৰণি বক্তৃতা অনুষ্ঠান...

নলবাৰীত বজ্ৰপাত পৰি মহিলাৰ কৰুণ মৃত্যু

■ ভূঁই ৰুই থাকোঁতে সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা ■ নলবাৰী জিলাৰ পূব-কালাগুচিৰ জাহা-চৰিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত...
Exit mobile version