24.4 C
Guwahati

The Sela Pass Tunnel is expected to open in February

- Advertisement -

∆ ছেলা পাছ ভাৰতৰ অৰুণাচল প্ৰদেশৰ টাৱাং আৰু পশ্চিম কামেং জিলাৰ সীমাত অৱস্থিত এক উচ্চতম পাহাৰীয়া পথ। ইয়াৰ উচ্চতা ৪১৭০ মিটাৰ (১৩,৭০০ ফুট) আৰু ই ভাৰতীয় বৌদ্ধ চহৰ টাৱাঙক দিৰাং আৰু গুৱাহাটীৰ সৈতে সংযোগ কৰে। এই পাহাৰীয়া পথটো ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথ (আগতে ৰাষ্ট্ৰীয় ঘাইপথ ২২৯) ৰ অংশ, যি টাৱাঙক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰে। এই পথছোৱাত বহুতো দুৰ্লভ গছ-গছনি পোৱা যায় আৰু ই সাধাৰণতে বছৰটোৰ অক্টোবৰ মাহৰ মাজভাগৰ পৰা মাৰ্চ মাহলৈ বৰফৰে আবৃত্ত হৈ থাকে। ছেলা পাছত সোমাওঁতেই বাওঁহাতে ছেলা হ্ৰদ পোৱা যায়। এতিয়া সুগম হৈছে ভাৰত-চীন সীমান্তলৈ যোৱা পথ। যাৰ বাবে এতিয়াৰে পৰা কম সময়ৰ ভিতৰতে সীমান্তত উপস্থিত হ’ব পাৰিব ভাৰতীয় সেনাৰ লগতে বিভিন্ন সুৰক্ষা বাহিনী। লগতে পৰ্যটকৰ বাবেও এক ভাল খবৰ।

The Sela Pass Tunnel is expected to open in February!

ছেলা পাছৰ দুৰ্গম বৰফৰে আৱৰা পথত বাহনৰ চকাত এতিয়াৰে পৰা লগাব নালাগিবও পাৰে চেইন।উল্লেখ্য যে ভাৰত-চীন আৰু ভাৰত-তিব্বত সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ টাৱাং জিলাক সংলগ্ন কৰি ১৩ হাজাৰ ফুট উচ্চতাৰ ছেলা পাছ সুৰংগটো নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে। এই সুৰংগ পথে ভাৰত-চীন আৰু ভাৰত-তিব্বত সীমান্তলৈ যোৱা পথছোৱা সুগম কৰি তুলিব বুলি আশা প্রকাশ কৰা হৈছে। সীমান্ত পথ সংস্থাৰ ভৰ্টক প্ৰকল্পৰ অধীনত ছেলা পাছত নিৰ্মাণ হোৱা সুৰংগটো ফেব্ৰুৱাৰী মাহত শুভ উদ্বোধন তথা দেশৰ বাবে উৎসৰ্গিত কৰাৰ সম্ভাৱনা আছে। ছেলা পাছ সুৰংগটোৰে ভাৰতীয় সৈন্যইযিকোনো সময়তে চীনৰ সৈতে টাৱাঙত থকা নিয়ন্ত্ৰণ ৰেখা (এল এ চি)ত উপনীত হ’ব পাৰিব।

বিগত সময়ছোৱাত প্ৰতিকূল বতৰ আৰু অত্যন্ত প্ৰত্যাহ্বানমূলক ভূখণ্ডৰ মাজত প্ৰবল বৰষুণৰ বাবে নিৰ্মাণ কার্যত কিছু পৰিমাণে বাধাৰ সৃষ্টি হৈছিল যদিও সেইকাম বৰ্তমান সম্পূৰ্ণ হৈ উঠিছে। সুৰংগটো নিৰ্মাণৰ সময়ত সীমান্ত পথ সংস্থাটোৱে কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছিল। সাগৰ পৃষ্ঠৰ পৰা ১৩ হাজাৰ ফুট উচ্চতাত নিৰ্মাণ কৰা এই সুৰংগটো এছিয়াৰ ভিতৰতে প্ৰথমটো দ্বৈত-লেনযুক্ত পথ সুৰংগ হিচাপে পৰিগণিত হ’ব।

এই সুৰংগটো মুকলি হোৱাৰ লগে লগে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিব। কাৰণ এই উচ্চতাত বৰ্তমানলৈকে কোনো সুৰংগ নিৰ্মাণ হোৱা নাই। এই প্ৰকল্পৰ ৪৭৫ মিটাৰ আৰু ১৭৯০ মিটাৰ দৈৰ্ঘ্যৰ দুটা সুৰংগ পথে পশ্চিম অৰুণাচল প্ৰদেশৰ ডিৰাঙৰ পৰা টাৱাঙলৈ প্ৰায় ৯.২২০ কিলোমিটাৰ যাত্ৰাৰ দূৰত্ব হ্ৰাস কৰিব। সুৰংগটোৰ ভিতৰত অত্যাধুনিক লাইট, গোপন কেমেৰা আৰু কেইবাখনো প্ৰস্থান দুৱাৰ থাকিব। তদুপৰি সুৰংগটোৰ ভিতৰত যিকোনো সময়ত ঘটিব পৰা অবাঞ্ছিত ঘটনাৰ বাবে সীমান্ত পথ সুৰক্ষা সংস্থাই সতর্ক দৃষ্টি ৰাখিব।

বালিপৰা-চাৰিদুৱাৰ-টাৱাং সংযোগী পথৰ ছেলা পাছত থকা এই সুৰংগটো মুকলি হোৱাৰ পাছত ভাৰতীয় সৈন্য বাহিনীয়ে কম সময়ৰ ভিতৰত সৈন্য আৰু যুদ্ধত ব্যৱহৃত গোলা বাৰুদ লৈ ভাৰত-চীন সীমান্তত উপস্থিত হ’ব পাৰিব। সুৰংগটো নিৰ্মাণৰ বাবে ব্যয় হৈছে প্ৰায় ৮৩৫ কোটি টকা। স্মর্তব্য যে ২০১৯ চনৰ ১৯ ফেব্ৰুৱাৰীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইটানগৰ ভ্ৰমণৰ সময়ত ছেলা টানেলৰ আধাৰশিলা ৰিম’ কন্ট্রোলৰ জৰিয়তে স্থাপন কৰিছিল। সেই বছৰৰ ১ এপ্ৰিলত সুৰংগটোৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল আৰু ৩১ অক্টোবৰত প্ৰথমটো বিস্ফোৰণ সংঘটিত কৰা হৈছিল। ইফালে একেটা পথত থকা ৫,৭০০ ফুটত উচ্চতাত ৫০০ মিটাৰ দৈৰ্ঘ্যৰ নেচিফু সুৰংগটো ইতিমধ্যে যাতায়াত বাবে মুকলি কৰা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

ভাৰত ডায়নেমিক্স লিমিটে—BDL-ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে পৰ্যালোচনা মন্ত্ৰী ৰাজনাথ...

♦ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি হায়দৰাবাদত ভাৰত ডায়নেমিক্স লিমিটে—BDL-ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে ইয়াৰ অগ্ৰগতি সম্পৰ্কে পৰ্যালোচনা...

কৃষ্ণাই দৈনিক বজাৰৰ পয়ালগা অৱস্থাঃ প্ৰৱেশ পথত আৱদ্ধ বোকাপানী

♦ গোৱালপাৰা জিলাৰ কৃষ্ণাই দৈনিক বজাৰ খনৰ অৱস্থা সম্প্ৰতি তথৈবচ হৈ পৰিছে৷ বজাৰ খনৰ ৰূপ দেখিলে এনে...

Consider Yourself an Aesthete? Don’t Miss These Houses

To understand the new smart watched and other pro devices of recent focus, we should look to...
Exit mobile version