এই ক্ষেত্ৰত যিকোনো ধৰণে শিশুসকলক জড়িত কৰোৱাৰ প্ৰতি শূন্য সহনশীলতা নীতি অৱলম্বন কৰা হ’ব। নিৰ্দেশনাত অনুসৰি ৰাজনৈতিক নেতা তথা প্রার্থীসকলে প্ৰচাৰ কাৰ্যৰ সময়ত কোনো শিশুক কোলাত বহুৱাই অথবা তেওঁলোকৰ বাহন তথা ৰেলীত লগত লৈ যোৱা আদি কাৰ্যত কোনো প্ৰকাৰে গ্ৰহণযোগ্য নহ’ব।
কোনো ৰাজনৈতিক নেতাৰ ওচৰত পিতৃ-মাতৃসহ উপস্থিত থকা তথা নির্বাচনী প্রচাৰৰ কামত জড়িত নথকা শিশুৰ উপস্থিতিক নিৰ্দেশনাৰ উলংঘা বুলি গণ্য কৰা নহ’ব। আয়োগে সকলো ৰাজনৈতিক দল তথ্য প্রার্থীক শিশু শ্রমিক নিষেধাজ্ঞা আৰু নিয়ন্ত্রণ আইনখন কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। নির্দেশনাত মতে বিধিসমূহ উলংঘা কৰা লোকৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব নিৰ্বাচন আয়োগে৷