28 C
Guwahati

ৰঙিয়াত মহিলা সমাৰোহত ডʼনাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙ

- Advertisement -

♦চৈয়দ মোস্তাফা আহমেদ,ৰঙিয়াঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আৰু কামৰূপ জিলা প্ৰশাসন, কামৰূপ জিলা পৰিষদ তথা ৰঙিয়া মহকুমা প্ৰশাসনৰ সহযোগত আজি ৰঙিয়াৰ বাৰ্মিজ ফিল্ড ৰূপে পৰিচিত ৰঙিয়া পেৰেড গ্ৰাউণ্ড( ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ) ত উত্তৰ -পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ উপস্থিতিত অনুষ্ঠিত হয় এখনি বিশাল ‘মহিলা সমাৰোহ’।

অনুষ্ঠানত মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, অসম চৰকাৰৰ জলসিঞ্চন (স্বতন্ত্ৰ) আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা স্থানীয় বিধায়ক ভৱেশ কলিতা, হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত হেমেন দাস, কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন, জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া ৰমেন মালাকাৰ, ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পাল, বিশিষ্ট সমাজকৰ্মী ৰীতা তালুকদাৰ, মৌচুমী ব্ৰহ্ম প্ৰমুখ্যে কেইবাজনো গণ্য-মান্য লোক উপস্থিত থাকে।

অনুষ্ঠানত ‘জীৱিকা সখি’ সকললৈ স্কুটিৰ প্ৰতিকী চাবি বিতৰণ কৰাৰ লগতে ‘বিস্তাৰিত কণকলতা মহিলা সবলীকৰণ যোজনা’ৰ অধীনত ৰঙিয়া আৰু শুৱালকুছি উন্নয়ন খণ্ডৰ আত্মসহায়ক গোটলৈ প্ৰতিকী চেক বিতৰণ কৰে উত্তৰ-পূব উন্নয়ন দপ্তৰৰ মাননীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত হেমেন দাসে আদৰণি ভাষণ আগবঢ়োৱা সমাৰোহ খনিত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে উত্তৰ-পূবৰ উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা জনহিতকৰ পদক্ষেপ সমূহৰ বিষয়ে সাৰুৱা ভাষণ প্ৰদান কৰে।

সভাত মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই বৰ্তমান চৰকাৰে জনসাধাৰণৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশৰ বাবে কেনেদৰে ইতিবাচক কাৰ্য্যসূচী হাতত লৈ অগ্ৰসৰ হৈছে তাৰ ওপৰত বস্তুনিষ্ঠ বক্তব্য আগবঢ়োৱাৰ লগতে‌ অসম চৰকাৰৰ জলসিঞ্চন(স্বতন্ত্ৰ) আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা স্থানীয় বিধায়ক ভৱেশ কলিতাই আই-মাতৃ সকলৰ জীৱন-জীৱিকাৰ উন্নীতকৰণৰ ওপৰিও সকলোৰে সমবিকাশৰ ক্ষেত্ৰত চৰকাৰৰ উল্লেখযোগ্য পদক্ষেপৰ বিষয়ে সাৰগৰ্ভ ভাষণ প্ৰদান কৰে। তথ্য বিষয়া মঞ্জু ৰাণী ডেকাই আঁত ধৰা অনুষ্ঠানত হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
33.1 ° C
33.1 °
33.1 °
29 %
2.5kmh
4 %
Sun
34 °
Mon
37 °
Tue
38 °
Wed
37 °
Thu
37 °

More like this

তিনি বছৰত ৩৮ মিটাৰ দলং, যমৰ যাতনাত ৰাইজ

শামুকৰ গতিতত চলিছে কোকিলা-গুনিয়ালগুৰী দলংৰ কাম বঙাইগাঁও-বৰপেটা জিলাৰ সীমান্ত এলেকা কোকিলা-গুনিয়ালগুৰী সংযোগী দলং খন ২০১৮-১৯ বৰ্ষত লাচিত...

বিধায়ক ৰঞ্জিত দত্ত, মুখ্য বন্য প্ৰাণীৰ অধীক্ষক তথা এমট্ৰনৰ...

বিহালী বনাঞ্চলক অভয়াৰণ্য ঘোষনাৰ প্ৰস্তুতি অসম চৰকাৰৰ :: বিধায়ক ৰঞ্জিত দত্ত, মুখ্য বন্য প্ৰাণীৰ অধীক্ষক তথা এমট্ৰনৰ অধক্ষ...

এৰাবাৰীত পৰিণত শিৱসাগৰ নাজিৰা ৰে’লৱে ষ্টেচন

■ এবছৰে ৰোৱা নাই কোনো ৰে'ল, দিন হাজিৰা কৰিব লগা হৈছে ষ্টেচনত দোকান দি জীৱন নিৰ্বাহ কৰা...
Exit mobile version