29 C
Guwahati

আই পি এলঃ তৃতীয়বাৰৰ বাবে চেম্পিয়নৰ খিতাপ অৰ্জন কলকাতা নাইট ৰাইডাৰ্ছৰ

- Advertisement -

কলকাতা নাইট ৰাইডাৰ্ছে দেওবাৰে আই পি এলৰ ফাইনেলত ছানৰাইৰ্জাছ হায়দৰাবাদক ৮ উইকেটত পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে আই পি এল ক্রিকেটৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰে।

চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাৰ ফাইনেলত কলকাতাই ১১৪ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি মাত্র ১০ অভাৰ ৩টা বলতে দুটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দলটোৰ হৈ ৰহমানুল্লা গুৰবাজে ৩৯ ৰান কৰাৰ বিপৰীতে ভেংকটেশ আয়াৰে ৫২ ৰান কৰি আউট নোহোৱাকৈ থাকে।

ইয়াৰ পূৰ্বে ছানৰাইৰ্জাছ হায়দৰাবাদে টছত জিকি প্রথম বেট ধৰাৰ সিদ্ধান্ত লয়। দলটোৱে ১৮ অভাৰ ৩টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১১৩ ৰান কৰে।

হায়দৰাবাদৰ হৈ অধিনায়ক পেট কামিন্সে সর্বাধিক ২৪ ৰান কৰে। কলকাতা নাইট ৰাইডাৰ্ছৰ আন্দ্ৰে ৰাচেলে তিনিটা উইকেট দখল কৰে। মিচ্চেল ষ্টাৰ্কক প্লেয়াৰ অৱ দ্যা মেছ হিচাপে ঘোষণা কৰা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
27 ° C
27 °
27 °
30 %
2.8kmh
0 %
Tue
26 °
Wed
36 °
Thu
37 °
Fri
36 °
Sat
30 °

More like this

IPL: Two IPL matches on May 15 and 19...

আই পি এলঃ বৰ্ষাপাৰা ষ্টেডিয়ামত ১৫ আৰু ১৯ মে’ত আই পি এলৰ দুখন খেল আই পি এল ক্রিকেট...

‘This Victory Shows Our True Potential’: Assistant Coach Upendra...

Bhavani Rajput's Super 10 and Hitesh's High 5 Propel team to dominant win over Tamil Thalaivas Noida, 23...

সৰুসজাই ষ্টেডিয়ামত আজিৰে পৰা ৩ দিনীয়াকৈ অনুস্থিত প্ৰথম বাৰ্ষিক...

আজি পেৰা খেলৰ শুভাৰম্ভণি কৰে মন্ত্ৰী পিযুষ হাজৰিকাই অনুস্থানত পেৰা খেলুৱৈ সকলে নৃত্য, গীত প্ৰদৰ্শন কৰে ...
Exit mobile version