সামাজিক সংস্থা ‘চিআৰএচডিটি’ৰ উদ্যোগত ছিপাঝাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত গোপালপুৰ গাঁৱত ২৬, ২৭ জুনত দুদিনীয়া কাৰ্যসূচীৰে ‘কেঁচুসাৰ আৰু বহনক্ষম গ্ৰামীণ জীৱিকা’ বিষয়ক প্ৰশিক্ষণ সম্পন্ন হয়। গোপালপুৰ, দুৱৰীপাৰা, ঘোপেলি, চমখা, কুমাৰপাৰা আদি গাঁৱৰ কৃষকে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে প্ৰাকৃতিক কৃষিৰ বিশেষজ্ঞ দাদুল দাস।
উক্ত দুদিনীয়া প্ৰশিক্ষণত ৰাসায়নিক কৃষিৰ ভয়াবহতা, বীজ নিৰ্বাচনৰ গুৰুত্ব, বীজশোধন আৰু শিপাশোধন, গো-মূত্ৰ নিমপাতৰ কীট নিয়ন্ত্ৰক, জীৱামৃত প্ৰস্তুত আৰু প্ৰয়োগ বিধি, কেঁচুসাৰৰ প্ৰয়োগ আৰু প্ৰস্তুত বিধি, কেঁচুসাৰ আৰু ভূমি উৰ্বৰতা, কেঁচুসাৰৰ অৰ্থনৈতিক গুৰুত্ব আদি বিষয়ত বিস্তৃতভাৱে প্ৰশিক্ষণ প্ৰদান কৰা হয়।
কেঁচুসাৰৰ ইউনিট স্থাপন কৰাৰ ব্যৱহাৰিক প্ৰশিক্ষণো কৃষক সকলক প্ৰদান কৰা হয়৷ প্ৰশিক্ষণ কাৰ্যসূচীৰ সামগ্ৰিক ব্যৱস্থাপনাত শীৰ্ষজ্যোতি পৰাশৰ, গৌতম শৰ্মা আৰু কুলদীপ শৰ্মাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰশিক্ষণ সফলতাৰে সম্পন্ন হোৱাত সহযোগিতা আগবঢ়ায় দ্বীগজ স্পৰ্টচ ফাউণ্ডেচনে। ‘সমৃদ্ধ গাঁও, বিজয়ী ভাৰত’ বাণীক সাৰোগত প্ৰাকৃতিক কৃষিৰ প্ৰসাৰৰ কাৰ্য নিৰন্তৰভাৱে আগবাঢ়িব বুলি ‘চিআৰএচডিটি’ৰ সচিব ভাৰ্গৱ কলিতাই মত প্ৰকাশ কৰে।