24.4 C
Guwahati

উত্তৰ গুৱাহাটী আউনী আটী সত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীৰ জন্মদিন উপলক্ষে বৃক্ষৰোপন, বিভিন্ন দল সংগঠনৰ সম্বৰ্ধনা

- Advertisement -

উত্তৰ গুৱাহাটীঃ উত্তৰ গুৱাহাটী আউনী আটী সত্ৰত আজি মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া তথা কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক হেমন্ত চৌধুৰীৰ জন্মদিন উপলক্ষে উত্তৰ গুৱাহাটী আউনী আটী সত্ৰৰ দিব্য উপবনত বৃক্ষৰোপণ কৰা হয়। পোনপ্ৰথমে চৌধুৰীয়ে আউনী আটী সত্ৰৰ নামঘৰত সেৱা লয়। সেৱা লোৱাৰ পিছতে দেৱালয় চৌহদত জন্মদিন উপলক্ষে চৌধুৰীয়ে দুটা আপুৰুগীয়া সমিধ গছৰ পুলি ৰোপন কৰে। বৃক্ষৰোপনৰ পিছতে স্থানীয় দল সংগঠনে স্বতস্ফুত ভাৱে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে।

জনহিতাৰ্থে, আত্মোসৰ্গিত ভাৱে সেৱা আগবঢ়াই অহা কৰ্ম উদ্যোগী হেমন্ত চৌধুৰীক উত্তৰ গুৱাহাটীৰ বিভিন্ন দল সংগঠন ব্যক্তিয়ে জন্মদিনৰ ওলগ জনায়। জন্মদিন উপলক্ষে আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত সমাজকৰ্মী পাৰ্থপ্ৰতীম বৰকাকতীয়ে আতঁ ধৰা অনুষ্ঠানত আমিনগাওঁ প্ৰেছ ক্লাৱৰ সম্পাদক সহকাৰী সম্প‍াদক নিতোপম মেধী, নৰ্থ গুৱাহাটী জাণেলিষ্ট ফৰামৰ সভাপতি ৰঞ্জন দত্ত, অসম বিজ্ঞান সমিতিৰ উত্তৰ গুৱাহাটী শাখাৰ সভাপতি থানেশ্বৰ শৰ্মা, উত্তৰ গুৱাহাটী স্বৰ্ণ শাখা সাহিত্য সভাৰ উপ সভাপতি তথা অসম চৰকাৰৰ অবিচি বৰ্ড কামৰূপ জিলাৰ উপাধ্যক্ষ জয়ন্ত কুমাৰ নাথ, মাধৱদেৱ একাডেমীৰ সম্পাদক মুকুটেশ্বৰ গোস্ব‍মী, স‍াংবাদিক মুনিন ডেকা সাংবাদিক গোবিন্দ দাস, সাংবাদিক প্ৰবিন কুমাৰ দাস, উত্তৰ গুৱাহাটীৰ পৌৰসভা পাৰিষদ ক্ৰমে তিলক দাস, গনেশ দাস অনামিকা ডেকা, বনমালী ভড়ালী, অমিয়া দাস, কামৰূপ জিলাৰ ক্ৰীড়া সন্থাৰ কোষাধ্যক্ষ কৰুণা শইকীয়া, জয়ন্ত কুমাৰ ভৃঞা, নিতুমনি দাস, অশোক চৌধুৰী, প্ৰাণেশ্বৰ শৰ্মাৰ লগতে প্ৰমুখ্যে নপূৰ দাস বৰষা দাস, সত্ৰৰ ভকত বৈষ্ণৱৰ লগতে কেইবাটাও দল সংগঠনৰ প্ৰতিনিধিয়ে সম্বৰ্ধনা জনায়। জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি চৌধুৰীয়ে উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰে। তাৰ পাছতো হেমন্ত চৌধুৰী উত্তৰ গুৱাহাটী শিশুগ্ৰামত উপস্থিত হৈ শিশু সকলৰ লগত কিছু সময় মত-বিনিময় কৰে আৰু বৃক্ষৰোপন কৰে। উল্লেখ্য আজি শিশু সকলৰ মাজত উত্তৰ গুৱাহাটী বিজেপি মণ্ডলৰ সৌজন্যত শিশু সকলৰ মাজত স্কুলীয়া বেগৰ লগত পঢ়াৰ সামগ্ৰী বিতৰন কৰা হয়। শিশুগ্ৰামত বিজেপি মণ্ডলৰ সভাপতি গংগাধৰ দাস, সাধাৰণ সম্পাদকদ্বয় গজেন বড়া, সঞ্জীৱ শৰ্মা, সম্পাদক প্ৰাঞ্জল দাস কনক বৈশ্য, ৰাজু শৰ্মা প্ৰমুখ্যে সকলো বিষয়ববীয়া উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

Guwahati Airport : 🛫আদানী গ্রুপৰ হাতলৈ গ’ল লোকপ্ৰিয় গোপীনাথ...

■ ✈️ আদানী গ্ৰুপৰ হাতলৈ গ'ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ, মাজনিশা ঢোল-পেঁপা বজাই হস্তান্তৰ দায়িত্ব বৰঝাৰস্থিত লোকপ্ৰিয়...

পৰীক্ষাৰ্থীৰ সুবিধাৰ বাবে অসমত ৫ খন বিশেষ ৰে’লৰ চলাচলৰ...

মালিগাঁওঃ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ বাবে যোৱা ১৫ আৰু ২৯ ছেপ্তেম্বৰত সম্পন্ন হৈ যোৱা তৃতীয় আৰু চতুৰ্থ...

অসমীয়া-বঙালীৰ মাজত অসমত কোনাে সংঘাত নাই কংগ্ৰেছ বামপন্থীয়ে তৃতীয়...

“পাহাৰ-ভৈয়াম, বৰাক-ব্ৰহ্মপুত্র উপত্যকাক সামৰি গঠিত অসম ভূ-খণ্ডৰ মূল ভাষাই হ’ল অসমীয়া। সেয়েহে এই ভূ-খণ্ডৰ ভিতৰত অসমীয়া ভাষাৰ...
Exit mobile version