24 C
Guwahati

কৃষ্ণাইত কৰ’নাৰ প্ৰট’কল ধোঁৱা চাঙতঃৰাইজক সজাগ হ’বলৈ আহ্বান সচেতন মহলৰঃপ্ৰশাসনকো অধিক তৎপৰ হ’বলৈ দাবী

- Advertisement -

♦কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ দেশৰ লগতে ৰাজ্য খনত কৰ’না পজিটিভ ৰোগীৰ সংখ্যা উদ্বেগজনক ভাৱে বৃদ্ধি পাই আছে৷ প্ৰতিদিনেই  একাধিক  লোকৰ মৃত্যু ঘটিছে মহামাৰী কৰ’নাত ৷ পিছে এইবোৰ দেখি শুনিও যেন গা লৰা নাই অলেখ অদূৰদৰ্শী লোকৰ ৷ আজিও মাস্ক পৰিধানত অনিচ্ছুক সমাজৰ অলেখ জনতা ৷ সামাজিক দূৰত্বৰ প্ৰয়োজনীয়তা বহুতৰ বাবে যেন ধৰ্তব্য বিষয়ে নহয় ৷ গোৱালপাৰা জিলাৰ কৃষ্ণাইতো তেনে এখন ভয়ানক ছবিয়ে দৃষ্টিগোচৰ হৈছে প্ৰতিনিয়ত ৷ সদা ব্যস্ত কৃষ্ণাই গ্ৰাম্য চহৰ খনত আজিও মাস্ক পৰিধান নকৰাকৈ  টিঘিলঘিলাই ঘূৰি ফুৰা দেখা গ’ল বহু লোকক ৷ বহু ব্যৱসায় প্ৰতিষ্ঠানৰ মালিক তথা কৰ্মচাৰীকো দেখা গ’ল মুক্ত বদনে ৷ আটাইতকৈ ভয়ংকৰ কথাটো হৈছে কৃষ্ণাইত প্ৰায় সংখ্যক লোকেই সামাজিক দূৰত্ব বজাই ৰখাৰ ক্ষেত্ৰত উদাসীন ৷ হোটেল,গেলামাল দোকান,বস্ত্ৰালয়,পাচলিৰ বজাৰ,মাছ মাংসৰ বজাৰ এনেকি বিত্তীয় প্ৰতিষ্ঠান বোৰতো সামাজিক দূৰত্বৰ অস্তিত্বই নাই ৷ বেংকৰ সমুখত গ্ৰাহকৰ ভিৰ দেখি এই সন্দৰ্ভ কৃষ্ণাইস্থিত পাঞ্জাৱ নেচনেল বেংক (পূৰ্বৰ ইউনাইটেড বেংক অব ইণ্ডিয়া)ৰ শাখা পৰিচালকৰ পৰা জানিব বিচৰাত তেওঁ কয়- ৰাইজক বাৰংবাৰ অনুৰোধ কৰাৰ পিছতো সামাজিক দূৰত্ব নামানি বেংকৰ সমুখত ভিৰ কৰে ৷ এই ক্ষেত্ৰত প্ৰশাসনৰ পৰাও বিশেষ সহযোগ নোপোৱা বুলি ক্ষোভ ব্যক্ত কৰে পৰিচালক জনে ৷ তেওঁ প্ৰশাসনক সামাজিক দূৰত্ব নমানা লোকৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আহ্বান জনায় ৷ আনহাতে, কৃষ্ণাইৰ সচেতন মহলেও এই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰশানক আহ্বান জনাইছে ৷ 

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
30.1 ° C
30.1 °
30.1 °
33 %
2kmh
65 %
Thu
30 °
Fri
31 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

শিৱসাগৰ শিমলুগুৰি ৰে’ল জংচনত উজনীমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা বৃহৎসংখ্যক...

♦ৰাজ্যত বৰ্তমান সময়ত ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ আৰক্ষী প্ৰশাসন তথা চৰকাৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আজি লৈকে শ শ কেজি...

আৰ্থিক সংকটত লোকশিল্পী কমলা গগৈ, ৰাজ্য চৰকাৰলৈ বিশেষ অনুৰোধ

♥ দিহা নামৰ সম্ৰাট অসমৰ জনপ্রিয় শিল্পী তথা বকুলবন বঁটা, নৃত্যাঞ্জলি বঁটা, সাংস্কৃতি সাধনা বঁটাৰ লগতে দিহাসম্ৰাট...

গোৱালপাৰাত ভোটদান সন্দৰ্ভত সজাগতা মূলক অনুষ্ঠানঃ

 ■ তৃতীয় লিংগৰ লোকৰ সৈতে উপায়ুক্ত বৰ্ণালী ডেকাৰ মত বিনিময় ● কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ গোৱালপাৰা নিৰ্বাচনী...
Exit mobile version