19 C
Guwahati

নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস পালন

- Advertisement -

মানৱজাতিৰ ভৱিষ্যৎ মংগলৰ বাবে গছপুলি ৰোপণৰ বিকল্প নাই ★

■ নলবাৰী : মানৱজাতিৰ ভৱিষ্যৎ মংগলৰ বাবে গছপুলি ৰোপণৰ বিকল্প নাই । বায়ু প্ৰদূষণ ৰোধ কৰি সকলোৰে বাসোপযোগী সুন্দৰ সেউজীয়া ধৰণী এখন গঢ়িবলৈ সকলোৱে এই বিষয়টোত গুৰুত্ব দিবই লাগিব । কাৰণ মানুহ জন্মৰপৰা মৃত্যুলৈ আনকি মৃত্যুৰ পাছতো গছৰ ওপৰত নিৰ্ভৰশীল । ৫ জুনত নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জিলা সভাৰ কাৰ্যালয়ত আয়োজিত গছপুলি ৰোপণ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে ভাগ লৈ দিয়া ভাষণত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতাই এনেদৰে কয় । ভাষণ প্ৰসংগত তেওঁ গছপুলি ৰোপণ কৰিলেই নহ’ব, গছপুলিৰপৰা ডাঙৰ গছ হোৱালৈ ভালদৰে লালন পালনো কৰিব লাগিব; নহ’লে সেয়া সাময়িক শান্তিৰ বাবেহে কৰা হ’ব বুলিও দোহাৰে । জিলা সাহিত্য সভাৰ কাৰ্যালয় সুভদ্ৰা চৌধুৰী ভৱন চৌহদত এই দিৱসৰ লগত সংগতি ৰাখি নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা, কোষাধ্যক্ষ প্ৰমোদ চন্দ্ৰ ডেকা, সাংগঠনিক সম্পাদক জয় চন্দ্ৰ শৰ্মা আৰু সাহিত্যসেৱী নৱদীপ বৰকটকীয়েও গছপুলি ৰোপণ কৰে । নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই আঁত ধৰা এই অনুষ্ঠানত প্ৰকৃতি সংৰক্ষণৰ বাবে বিশেষভাৱে আত্মনিয়োগ কৰা প্ৰকৃতিপ্ৰাণ তথা ‘সৃষ্টি’ নামৰ প্ৰকৃতি আৰু পৰিৱেশৰ হকে কাম কৰি অহা নলবাৰীৰ আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান এটিৰ মুৰব্বী সোণমণি মেধিক বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জিলা সাহিত্য সভাৰ তৰফৰপৰা সাদৰ সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
21.5 ° C
21.5 °
21.5 °
50 %
2.1kmh
100 %
Wed
20 °
Thu
33 °
Fri
32 °
Sat
34 °
Sun
36 °

More like this

সম্পৰ্ক, সম্বন্ধ নে আন্তৰিকতাহীন অভ্যাস! ✒️ দীপামণি হাজৰিকা বৰুৱা

অলপদিনৰ আগতে জুনিয়ৰ কলেজ এখনৰ বছেৰেকীয়া খেলধেমালিত বিচাৰক হিচাপে আমন্ত্ৰণ পাইছিলো। দৰা কইনাৰ প্ৰতিযোগিতা।দৰা, কইনা সকলোৱে নিজৰ...

ছাত্র নেতা সঞ্জীৱ ডেকা প্ৰশংসনীয় পদক্ষেপ:

  দৰংৰ জিলাৰ পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ ডেকা প্ৰশংসনীয় পদক্ষেপ। নিজ ঘৰৰ পৰা প্ৰায় ১৫ কি.মি. চাইকেল...

কৃষ্ণাই দায়ৰঙত গোছা ৰাকায়ঃ লখিমীক সেৱা জনাই লগে ভাগে...

♦উদুলি মুদুলি গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ কাষৰীয়া দায়ৰঙৰ দামল পথাৰ। আজি পুৱাৰ ভাগত এই দামল পথাৰতে অঞ্চলটোৰ পুৰুষ...
Exit mobile version