19 C
Guwahati

ভিন্ন বৃক্ষ ৰোপণেৰে নলবাৰী বানেকুছি পৰা নো’না নৈ লৈকে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ সৌন্দৰ্য্যৰে আকৰ্ষণীয় কৰাৰ লক্ষ্য জয়ন্ত মল্ল বৰুৱাৰ

- Advertisement -

● সামাজিক বনানিকৰণৰ অধীনত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে গছ পুলি ৰোপণৰ ক্ষেত্ৰত আজি নলবাৰী জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত শুভাৰম্ভনি কৰে নলবাৰী বিধায়ক তথা মুখ্য মন্ত্ৰী ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই।

উল্লেখযোগ্য যে নলবাৰীৰ নোনা নৈৰ পৰা বানেকুচিলৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ১০ হাজাৰ মূল্যবান গছপুলি ৰোপণৰে পুৰ্বৰ প্ৰধামন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ সপোন বাস্তৱত পৰিণত কৰাৰ পৰিকল্পনাৰে এই প্ৰচেষ্টা হাতত লোৱা বুলি মন্তব্য কৰে বিধায়ক জয়ন্ত মল্ল বৰুৱাই।

গছপুলিবোৰৰ লালন-পালন আৰু তদাৰক কৰিবলৈ প্ৰায় ৪০০জন বৃক্ষমিত্ৰও নিযুক্তি দিয়াৰ লগতে নলবাৰী জিলা খনে প্ৰকৃতিৰ সৌন্দৰ্যৰে আকৰ্ষণ কৰিব বুলি মন্তব্য কৰাৰ লগতে নলবাৰীৰ প্ৰায় ভাগ পথতে গছপুলি ৰোপনৰ কাৰ্য হাতত লৈছে বিধায়ক গৰাকীয়ে।

আজিৰ এই অনুষ্ঠান উপস্থিত থাকে নলবাৰী জিলাৰ আৰক্ষী অধীক্ষকসহ জিলা বন বিভাগৰ উচ্চপদস্থ বিষয়াসকল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
18 ° C
18 °
18 °
76 %
1.8kmh
69 %
Thu
30 °
Fri
31 °
Sat
33 °
Sun
35 °
Mon
37 °

More like this

আংশিক লক ডাউন, আন্তঃজিলা যাতায়াত বন্ধত দিশহাৰা কৃষ্ণাইৰ শ্ৰমিক...

♦ ক’ৰনা মহামাৰীৰ প্ৰকোপ নিয়ন্ত্ৰণ কৰাৰ বাবে চৰকাৰে ঘোষণা কৰা আংশিক লক ডাউন তথা আন্তঃজিলা যাতায়াত বন্ধই...

কৃষ্ণাইত সচেতন নাগৰিক মঞ্চৰ উদ্যোগত নিয়মীয়া চাফাই অভিযান

♦কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ গোৱালপাৰা জিলাৰ সচেতন নাগৰিক মঞ্চ, কৃষ্ণাইৰ উদ্যোগত গ্ৰহণ কৰা হৈছে এক...

মায়ঙৰ পবিতৰা অভয়াৰণ্যত চোৰাং চিকাৰী বিৰুদ্ধে বন বিষয়া অভিযান

◊ মায়ং: ৰাজ্যৰ বিভিন্ন ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য সময়ে সময়ে বন্যপ্ৰাণীৰ চিকাৰ হৈ আছে। জানুৱাৰী মাহৰ দ্বিতীয় নিশাত...
Exit mobile version