24.4 C
Guwahati

পুনৰ এবছৰলৈ বিক্ৰী নিষিদ্ধ পান মছলা-গুটখাঃ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

- Advertisement -

■ গুটখা, পাণ মচলাৰ ব্যৱসায়ত জড়িত ব্যৱসায়ীসকলৰ বাবে বেয়া খবৰ। অহা ২০২২ বর্ষৰ ছেপ্টেম্বৰলৈ নিষিদ্ধ হ’ব গুটখা, পাণ মচলাৰ বিক্ৰীৰ লগতে প্ৰস্তুতকৰণ। হাৰিয়ানা ৰাজ্যিক খাদ্য আৰু ঔষধ প্ৰশাসনে এই সন্দৰ্ভত আজি এখন জাননী জাৰি কৰি এই সতৰ্কতা জাৰি কৰিছে।

এতিয়াৰ পৰা গুটখা, পাণ মচলা কিনা-বেচা কৰিলেই আইন অনুসৰি অপৰাধী হ’ব যিকোনো লোক। গুটখা, পাণ মচলা প্ৰস্তুত কৰাতো বাধা আৰোপ কৰা হৈছে।

সোমবাৰে ৰাজ্যিক খাদ্য আৰু ঔষধ প্ৰশাসনে এই সন্দৰ্ভত এখন জাননী জাৰি কৰি এক নিৰ্দেশনা যোগেদি উল্লেখ কৰে যে, ২০২২ ৰ ছেপ্টেম্বৰলৈ নিষিদ্ধ হ’ব গুটখা, পাণ মচলা কিনা-বেচাৰ লগতে প্ৰস্তুতকৰণ। ইতিমধ্যে সকলো জিলা দণ্ডাধীশ, আৰক্ষী অধীক্ষক, খাদ্য পৰিদৰ্শক আৰু আন বিষয়াসকললৈ নিৰ্দেশ দিয়া হৈছে।

বৰ্তমান সময়ত অসম চৰকাৰে এই সিদ্ধান্ত লোৱা নাই। গুটখা, পাণ মচলাৰ কিনা-বেচাৰ ক্ষেত্ৰত কেৱল হাৰিয়ানা চৰকাৰেহে নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা হাৰিয়ানা চৰকাৰে মহামাৰীৰ সংক্ৰমণ বৃদ্ধিৰ সময়ৰে পৰা জাৰি কৰিছিল।

নতুন নিষেধাজ্ঞা অনুসৰি ইয়াৰ পুনৰ সময়সীমা এবছৰৰ বাবে বৃদ্ধি কৰিছে। ৰাজ্যিক খাদ্য আৰু ঔষধ প্ৰশাসনৰ জাননীত উল্লেখ মতে, ৭ ছেপ্টেম্বৰৰ পৰা ২০২২ চনৰ ছেপ্টেম্বৰ মাহলৈ এই নিৰ্দেশনা বাহাল থাকিব। এই সময়ছোৱাত গুটখা, পাণ মচলাৰ ক্ৰয়-বিক্ৰয় কৰিলে তেনে কাৰ্য অবৈধ বুলি বিবেচনা কৰাৰ লগতে আইন অনুসৰি অপৰাধ হ’ব।

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

হোমেন বৰগোহাঞিৰ দেহাৱসানত নলবাৰী জিলা সাহিত্য সভাৰ গভীৰ শোক...

হোমেন বৰগোহাঞিৰ দেহাৱসানত নলবাৰী জিলা সাহিত্য সভাৰ গভীৰ শোক প্ৰকাশ এটি যুগৰ অৱসান ঘটিল  ■ নলবাৰী :...

অ’ এন জি চিৰ শিৱসাগৰস্থিত কাৰ্যালয়ৰ চৌহদত উত্তপ্ত পৰিস্থিতি

অ’ এন জি চিৰ কেতবোৰ বিভাগ আন ৰাজ্য তথা জিলালৈ স্থানান্তৰিত কৰাৰ লক্ষ্যৰে গুৰুত্বপূৰ্ণ সামগ্ৰী কঢ়িয়াই নিব...

পৰ্বতঝোৰাৰ বগৰিবাৰীত উত্তপ্ত পৰিস্থিতি, উত্তপ্ত জনতাই ঘেৰাও কৰিলে বগৰিবাৰী...

বিলাসীপাৰাৰ পৰা আলী আজাত ইছলামঃ বগৰিবাৰী অঞ্চলৰ ইমণ পাল নামৰ যুৱক এজনে সামাজিক মাধ্যমত ইছলাম ধৰ্ম আৰু...
Exit mobile version