21 C
Guwahati

আন্তঃগাঁথনিগত সংযোগৰ পৰিকল্পনা – গতিশক্তিয়ে একবিংশ শতিকাৰ ভাৰতক গতি প্ৰদান কৰিবঃ প্ৰধানমন্ত্ৰী মোডী

- Advertisement -

■ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে নতুন দিল্লীৰ প্ৰগতি ময়দানত মাল্টি-মডেল সংযোগৰ বাবে প্ৰধানমন্ত্ৰী গতি শক্তি-ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন আৰু ইণ্ডিয়া ট্ৰেড প্ৰমোচন অৰ্গেনাইজেচনৰ নতুন প্ৰদৰ্শনী কমপ্লেক্স উদ্বোধন কৰে। তেওঁ প্ৰগতি ময়দানত নতুন প্ৰদৰ্শনী কমপ্লেক্সৰ এটা আৰ্হি প্ৰকাশ কৰে। ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনে একবিংশ শতিকাৰ ভাৰতক বহুমুখী সংযোগ আৰু পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনিৰ সৈতে গীতিশক্তি প্ৰদান কৰিব।

একবিংশ শতিকাৰ ভাৰতে পুৰণি চিন্তাধাৰাক এৰি আগবাঢ়ি গৈছে। মাষ্টাৰ প্লেন গাতিশক্তিয়ে আত্মনিৰ্ভৰ ভাৰতক শক্তিশালী কৰিব আৰু লগতে আগন্তুক ২৫ বছৰৰ উন্নয়নমূলক কাৰ্যসূচীৰ ভেটি স্থাপন কৰিব। গীতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনে বিনিয়োগকাৰী আৰু দেশৰ নীতি নিৰ্ধাৰণৰ সৈতে জড়িত সকলো অংশীদাৰৰ বাবে এক বিশ্লেষণাত্মক আৰু সিদ্ধান্ত লোৱাৰ সঁজুলিও প্ৰদান কৰিব।

ইয়াৰোপৰি চৰকাৰক কাৰ্যকৰী পৰিকল্পনা আৰু নীতি নিৰ্ধাৰণত সহায় কৰিব। দেশৰ উন্নয়নৰ বাবে এইয়া অতি গুৰুত্বপূৰ্ণ কথা যে আন্তঃগাঁথনিগত বিকাশৰ সৈতে সম্পৰ্কিত সকলো বিভাগ একত্ৰিত হ’ব আৰু ইজনে সিজনৰ সামূহিক শক্তি ব্যৱহাৰ কৰিব। অনুষ্ঠানত ভাষণ প্ৰদান কৰি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে, ভাৰত দ্ৰুত গতিত আগবাঢ়িছে আৰু প্ৰধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন মোদীৰ দূৰদৰ্শিতাৰ প্ৰতীক হিচাপে চিহ্নিত কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
scattered clouds
20.9 ° C
20.9 °
20.9 °
67 %
1.4kmh
29 %
Fri
21 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

নলবাৰীৰ কোভিড ভেক্সিন চেন্টাৰত উত্তপ্ত পৰিস্থিতি ভেক্সিনত বিসংগতিৰ অভিযোগ...

♦ আজি নলবাৰী ছোৱালী হাইস্কুল ভেক্সিন চেন্টাৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়! একাংশই অভিযোগ উত্থাপন কৰিছে যে দীঘলীয়া শাৰী...

স্বচ্ছ বৰলীয়া সেউজ ৰঙিয়া অভিযান

♦ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু ৰঙিয়া পৌৰসভা আৰু স্বেচ্ছাসেৱী সংস্থা 'সাধনা'ৰ সহযোগত বৰলীয়া নদীখন স্বচ্ছ, নিকা আৰু...

শ্ৰীশ্ৰীটুক্ৰেশ্বৰী দেৱালয়ৰ কপিকুলৰ খাদ্য সংকটঃ জিলা প্ৰশাশনক খাদ্য যোগানৰ দাবী...

♦গোৱালপাৰা জিলাৰ ঐতিহাসিক তীৰ্থস্থান শ্ৰীশ্ৰীটুক্ৰেশ্বৰী দেৱালয়৷ প্ৰবাদ মতে, দেৱাদিদেৱ মহাদেৱৰ দেহত্যাগী প্ৰিয়তমা পত্নী সতীৰ নস্বৰ দেহ প্ৰভূ নাৰায়ণে...
Exit mobile version